Logo
image

মোক আছুৰ পৰা বিতাড়নৰ চক্ৰান্ত চলিছিল : লুৰীণজ্যোতি

ডিজিটেল ডেস্ক, ১১ ডিচেম্বৰ: লুৰীণজ্যোতি গগৈক আছুৰ পৰা ষড়যন্ত্ৰমূলকভাৱে আঁতৰোৱা হৈছিল নেকি? নে সেয়া আছিল নেতাজনৰ নিজা সিদ্ধান্ত৷ মাজে সময়ে চৰ্চা চলে– লুৰীণজ্যোতি গগৈক আছুৰ মজিয়াৰ পৰা ষড়যন্ত্ৰমূলকভাৱে আঁতৰোৱা হ’ল৷ ঠেলি দিয়া হ’ল এক অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে৷ এই প্ৰসংগত মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে৷ শনিবাৰে বজালীৰ উজান বৰবাৰীত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গাঁৱত অসম জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত সাংবাদিকৰ আগত এই প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে এনেদৰে ক’লে– ‘মই নিজে সিদ্ধান্ত লৈ অজাপলৈ আহিছোঁ৷ মই এবাৰ বিবেকক সুধিছোঁ, এবাৰ অন্তৰক সুধিছোঁ৷ অন্তৰাত্মাক সুধি বিবেকৰ লগত যুক্তি হৈছে আৰু যুক্তিত মই ঠিক কৰিছোঁ যে মই বিদায় ল’ম৷ আগতেও কৈছিলোঁ যে মই আছুত পাঁচ বছৰহে থাকিম, পাঁচ বছৰৰ পাছত ছাত্ৰ সন্থাৰ দায়িত্ব এৰিম৷ কথা দিছিলোঁ, কথা ৰাখিলোঁ৷ আৰু সিদ্ধান্ত মোৰ নিজৰ৷ ইয়াত কাৰোবাৰ ষড়যন্ত্ৰ, কিবা– এইবোৰ আলোচনা-বিলোচনা মানুহৰ চলি আছে৷ কিন্তু মই নিজে ওলাই আহিছোঁ, নিজৰ চিন্তাৰে ওলাই আহিছোঁ৷ এতিয়া যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ পংকিলময় পৰিৱেশৰ মাজত আমি সংগ্ৰাম কৰি আছোঁ৷ কিন্তু এই কথা আপোনালোকে জানে যে যুঁজত বৰ্তি থাকিবলৈ, জাতিটো জীয়াই থাকিবলৈ কোনোবা নহয় কোনো যুঁজাৰু লাগিবই৷’ অসম জাতীয় পৰিষদৰ নেতাজনৰ স্পষ্ট কথা– ‘মানুহ মানুহৰ দৰে হ’ব লাগে৷ এবাৰ কথা কোৱাৰ পাছত বক্তব্যৰ সালসলনি হ’ব নালাগে৷ পুৰুষৰ দৰে মানুহে ব্যৱহাৰ কৰিব লাগে৷ কেতিয়াও কাপুৰুষৰ দৰে ব্যৱহাৰ কৰিব নালাগে৷’ ইফালে, আছুৰ সদ্যবিদায়ী সভাপতি দীপাংক কুমাৰ নাথৰ বিবাহৰ আয়োজন চলিছে গোৱালপাৰাৰ ঘৰখনত৷ প্ৰাক্তন সতীৰ্থক শুভকামনা জনাই লুৰীণজ্যোতি গগৈয়ে অজাপত যোগ দিবলৈ আহ্বান জনালে দীপাংক কুমাৰ নাথক৷ এই সন্দৰ্ভত তেওঁ এনেদৰে কয়– ‘আগতে বিয়াখন হৈ লওঁক আৰু জাতীয় সত্বা ৰাখি অসম জাতীয় পৰিষদৰ দায়িত্ব লওক৷’ শ্বহীদ বেদীৰ সন্মুখৰ পৰা দীপাংক নাথক এই আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে ক’লে– ‘শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিক্ষেত্ৰত সেৱা জনাই জাতীয় পৰিষদ গঠনত অন্যতম ভূমিকা লৈছিল দীপাংক নাথে৷ তেতিয়াৰ বহু নেতাই কিন্তু পিছুৱাই গ’ল৷’ ইফালে, লুৰীণজ্যোতিৰ আমন্ত্ৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীপাংক কুমাৰ নাথে ক’লে যে তেওঁ অন্তৰাত্মক সুধি ভৱিষ্যতৰ সিদ্ধান্ত ল’ব৷