Logo
image

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ এক চিন্তন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ নিতৌ নতুন নতুন তথ্য উন্মোচিত হ’বলৈ আৰম্ভ কৰিছে৷ প্ৰচণ্ড শাৰীৰিক-মানসিক যন্ত্ৰণাৰ বলি হৈ আনন্দ শৰ্মা নামৰ ছাত্ৰজন বৰ্তমান চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকাৰ উপৰি বহুকেইজন ছাত্ৰই ৰেগিঙৰ অত্যাচাৰত হোষ্টেল ত্যাগ কৰি হয় নিজৰ বাসগৃহলৈ ঘূৰি গৈছে বা কিছু ছাত্ৰই ব্যক্তিগত ভাৰাঘৰত থাকি শিক্ষাগ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ উচ্ছ শিক্ষাৰ আহৰণৰ কল্পনা বুকুত বান্ধি নিজৰ লগতে পৰিয়ালৰো সপোন পূৰণ কৰাৰ লক্ষ্যৰে শিক্ষাৰ্থীসকল  বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহলৈ আহে৷ নতুন এখন শিক্ষানুষ্ঠানলৈ অহাৰ সময়ত স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীসকল মানসিক চাপ, উদ্বিগ্নতা আদিৰ সন্মুখীন হয়৷ সেই ছাত্ৰ-ছাত্ৰীসকল যদি হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰে তেন্তে তেওঁলোকৰ বাবে স্বাভাৱিকতে পিতৃ-মাতৃ বা পৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবে এক একাকীত্বৰ ভাৱ উদ্ৰেক হোৱাটো অস্বাভাৱিক নহয়৷ তেনে পৰিস্থিতিত ছিনিয়ৰসকলে তেওঁলোকৰ গাইড, নিৰ্দেশকৰ ভূমিকা পালন কৰিলে পৰস্পৰ লাভান্বিত হোৱাৰ লগতে এক মিলাপ্ৰীতি, সৌহাৰ্দ্যমূলক পৰিৱেশৰ সৃষ্টি হয়৷ অৱশ্যে এই পৰিৱেশ সৃষ্টিৰ প্ৰাক মুহূৰ্তত নতুন ছাত্ৰ-ছাত্ৰীয়ে ছিনিয়ৰৰ সৈতে চিনাকি হোৱাৰ সময়ছোৱাত প্ৰশ্নৰ উত্তৰ দিয়া বা বিভিন্ন প্ৰকাৰৰ কথোপকথন কৰাৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি অব্যাহত আছে৷ এক নিৰ্দিষ্ট সীমাৰ ভিতৰত এইবিলাক হ’লে জ্যেষ্ঠৰ প্ৰতি কনিষ্ঠৰ সন্মান বৃদ্ধি পায়৷ জ্যেষ্ঠইও কনিষ্ঠক পৰৱৰ্তী পৰ্যায়ত ভ্ৰাতৃত্বসুলভ আচৰণ কৰে৷ কোৱা বাহুল্য কলেজ-বিশ্ববিদ্যালয় ত্যাগ কৰি নিজ নিজ কৰ্মত নিয়োজিত হোৱাৰ বহুকালৰ পাছতো হোষ্টেলত একালত লগ পোৱা ছাত্ৰ-ছাত্ৰীৰ বহুতৰে মাজত পাৰস্পৰিক সম্বন্ধ অটুট থাকে৷ আনকি তাহানি কালতে হোষ্টেলত থাকি যোৱা আৱাসীয়ে ছ’চিয়েল মিডিয়াযোগে নিজৰ স্বাস্থ্যজনিত বা আন সমস্যাৰ কথা প্ৰকাশ কৰাৰ পাছত কাহানিও লগ নোপোৱা জুনিয়ৰ, ছিনিয়ৰ আৱাসীয়ে আৰ্থিক, কায়িক সহায়ৰ হাত প্ৰসাৰিত কৰাৰ উদাহৰণ অসমতে দেধাৰ৷ সম্প্ৰতি ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ হোষ্টেলত ঘটা ঘটনাৰাজিৰ পাছত এনে এক ভাৱৰ উদয় হয় যে হোষ্টেলত থকা এচাম ছিনিয়ৰ যেন এতিয়া দৈত্য ৰূপলৈ পৰ্যবসিত হৈছে৷ কনিষ্ঠ ছাত্ৰক অবৰ্ণনীয় অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰা আৱাসীসকল প্ৰকৃতপক্ষে মানসিক ৰোগী, উন্মাদগ্ৰস্ত বুলি ভবাৰ বিনে গত্যন্তৰ নাই৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ হেমাহি, অমনোযোগিতাৰ বাবে ৰেগিঙক লৈ পৰিস্থিতিৰ অৱনতি ঘটাৰ পাছত ই এনে এক পৰ্যায়লৈ গতি কৰিলে যে এচাম জ্যেষ্ঠ ছাত্ৰই উন্মাদনাৰ বলি হৈ কনিষ্ঠক নৃশংস অত্যাচাৰ কৰিবলৈকো কুণ্ঠাবোধ নকৰিলে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰেগিঙৰ বলি হোৱা আৰু ৰেগিং কৰোঁতাসকল উভয়ে কাৰোবাৰ সন্তান, ভায়েক-ককায়েক৷ বহু আশা লৈয়ে তেওঁলোকক শিক্ষানুষ্ঠানলৈ পিতৃ-মাতৃ, পৰিয়ালে প্ৰেৰণ কৰিছে৷ অৱধাৰিতভাৱে  বিশ্ববিদ্যালয়ত ঘটা এনে দুৰ্ভাগ্যজনক কাণ্ডৰ পাছত পিতৃ-মাতৃ, পৰিয়ালৰ সন্তানক লৈও আশা ভংগ হৈছে ৰেগিঙত অংশ লোৱা সন্তানৰ প্ৰতি বিশ্বাস ভংগ হৈছে৷ পৰিস্থিতি শাম কটাৰ পাছত এই ঘটনাবোৰ পাহৰণিৰ গৰ্ভত লোপ পাব৷ কিন্তু ছাত্ৰজীৱনতে ৰেগিং কৰি কাৰাবাস খটা শিক্ষাৰ্থীসকল ভৱিষ্যতে কাৰোবাৰ আস্থাৰ পাত্ৰ হ’ব বুলি কেতিয়াও আশা কৰিব নোৱাৰি৷ পূৰ্বতে উল্লেখ কৰা ধৰণে হোষ্টেল এৰাৰ পাছত জ্যেষ্ঠ-কনিষ্ঠৰ যি সম্বন্ধ সেয়াও কস্মিনকালেও আশা কৰিব নোৱাৰি৷ অৰ্থাৎ  বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পাছত এইসকলৰ মাজত যি এক সামাজিক কাঠামোক  শক্তিশালী কৰাৰ প্ৰয়োজন৷ চিন্তনীয় বিষয় এই যে এয়াই উদিত নতুন প্ৰজন্মৰ এচামৰ সামগ্ৰিক চৰিত্ৰ নেকি? স্বাভাৱিকতে এক প্ৰশ্নৰ উদয় হ’ব– এইসকলক কোনে নিয়ন্ত্ৰণ কৰিব? স্কুল-কলেজ, সামাজিক অনুষ্ঠান, পিতৃ-মাতৃ, অভিভাৱক নে কোনে? ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ আন এটা অনাহুত দিশ এই যে ছাত্ৰ-ছাত্ৰীসকলৰ ভোটেৰে নিৰ্বাচিত হোৱা প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ সম্পাদককে মুখ্য কৰি কেইবাজনো ছাত্ৰনেতা প্ৰত্যক্ষভাৱে ৰেগিঙত জড়িত৷ নেতাই যেতিয়া কনিষ্ঠ ছাত্ৰক অবৰ্ণনীয় অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে, তেন্তে সেই নেতাই ভৱিষ্যতে, মন্ত্ৰী, এম এল এ হ’লে কি কৰিব সেই সম্পৰ্কে ব্যাখ্যাৰ প্ৰয়োজন নাই৷ লক্ষণীয়ভাৱে অসমৰ উচ্ছ শিক্ষাৰ প্ৰসাৰতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শিক্ষানুষ্ঠানখনৰ ইতিমধ্যে প্ৰাক্তন উপাচাৰ্য, পঞ্জীয়ক আৰু আন বিষয়া নিলম্বিত হৈছে৷ আন কেইবাজনৰো বিৰুদ্ধে গোচৰ চলি আছে৷ তেনে পৰিপ্ৰেক্ষিতত পুনৰ ৰেগিং কাণ্ডই  বিশ্ববিদ্যালয়ৰ মান সামগ্ৰিকভাৱে অৱনমিত কৰিছে৷ এনে হোৱাৰ ফলত ব্যক্তিগত খণ্ডৰ  বিশ্ববিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী ধাৱমান হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি ক্ৰমান্বয়ে অসমত কেইবাখনো ব্যক্তিগত  খণ্ডৰ বিশ্ববিদ্যালয়ে গুণগত শিক্ষা, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিছে৷ ৰিজাল্টৰ খেলি-মেলি, পৰীক্ষা ব্যৱস্থাত আসোঁৱাহ আদিৰ বাবে গুৱাহাটী  বিশ্ববিদ্যালয়তো শিক্ষাৰ্থীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ অসমবাসীৰ অতি আদৰৰ এই শিক্ষানুষ্ঠানসমূহে নতুন সময়ে অনা আৰ্থ-সামাজিক, মনস্তাত্ত্বিক, শৈক্ষিক প্ৰত্যাহ৩ানসমূহৰ সৈতে মোকাবিলা নকৰিলে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খোৱাৰ সম্ভাৱনাই অধিক৷