Logo
image

শীৰ্ষ আৰক্ষীৰ দেহৰক্ষীৰ গুলীত নিহত ছেম? ন্যায়ালয়ত ৰিপ’ৰ্ট

ডিজিটেল ডেস্ক,১২ ডিচেম্বৰ:  তিনি বছৰ পূৰ্বে অৰ্থাৎ ২০১৯ চনৰ ১১ ডিচেম্বৰত অসম আৰু অসমীয়াৰ অস্তিত্বক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দি বিজেপি চৰকাৰে সংসদত গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন৷ ভোট বেংকৰ স্বাৰ্থত অবৈধ বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে সংসদত ‘কা’ গৃহীত কৰাৰ পাছতেই অগ্নিগৰ্ভ হৈ পৰিছিল সমগ্ৰ অসম৷ বিশেষকৈ¸ গুৱাহাটী মহানগৰীত ছাত্ৰ সমাজে আৰম্ভ কৰা গণ আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ লগতে গুৱাহাটীক সম্পূৰ্ণৰূপে অচল কৰি দিছিল৷ আনকি উন্মত্ত প্ৰতিবাদকাৰীয়ে মহানগৰীৰ জি এছ ৰোডৰ চৰকাৰী সা-সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰাতে ক্ষান্ত নাথাকি ঠায়ে ঠায়ে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলাইছিল৷ ‘কা’ৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ লগতে দল-বল নিৰ্বিশেষে অসমৰ জনতা ৰাজপথলৈ ওলাই অহাত অসম আৰক্ষী চৰম অসহায় হৈ পৰাত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল৷ পৰিস্থিতি অধিক জটিল হৈ পৰাত সেই সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমীয়াৰ আন্দোলনক শক্তি প্ৰয়োগ কৰি দমন কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াত ডেপুটেশ্বনত থকা আই পি এছ বিষয়া জি পি সিঙক তাৎক্ষণিকভাৱে অসমলৈ ঘূৰাই আনিছিল৷ অৱশ্যে ৰাজপথত থকা ‘কা’ বিৰোধী আন্দোলনক পাছদিনা অৰ্থাৎ ১২ ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থাই লতাশিল খেলপথাৰলৈ লৈ গ’ল৷ লতাশিলৰ আছুৰ ‘কা’বিৰোধী গণ সমাৱেশত অংশ ল’বলৈ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সামাজিক মাধ্যমযোগে আহ্বান জনোৱাত ১২ ডিচেম্বৰত গুৱাহাটীৰ হাতীগাঁৱৰ ছেম ষ্টেফৰ্ড নামৰ ১৭ বছৰীয়া কিশোৰজনেও সমনীয়াৰ সৈতে ভাগ লৈছিল লতাশিলৰ সমাৱেশত৷ উক্ত দিনা লতাশিলৰ সমাৱেশত ভাগ লৈ ঘৰলৈ উভতি অহাৰ সময়তে সন্ধিয়া প্ৰায় ৬.৩০ বজাত হাতীগাঁৱৰ নামঘৰৰ সমীপত আৰক্ষী কনভয়ৰ পৰা অহা নিৰ্বিচাৰ গুলীচালনাত ঘটনাস্থলীত মৃত্যু হৈছিল ছেম ষ্টেফৰ্ডৰ৷ আৰক্ষীৰ বন্দুকৰ পৰা অহা তিনিটাকৈ বুলেটে থকা-সৰকা কৰে ১৭ বছৰীয়া ছাত্ৰজনৰ দেহ৷ মূৰৰ পিছফালে আঘাত হনা গুলীয়ে সন্মুখেদি ওলাই গৈ লাওখোলা চূৰ্ণ-বিচূৰ্ণ কৰিছিল ছেমৰ৷ সেই সময়ত শ্বহীদ ছেমক অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত গুলীয়াই হত্যা কৰাৰ অভিযোগ তুলি প্ৰবীন মহন্ত নামৰ এজন অধিবক্তাই হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল৷ শেহতীয়াকৈ হাতীগাঁও থানাত ৰুজু হোৱা ৯২২/২০১৯ নম্বৰৰ উক্ত গোচৰটোৰ সন্দৰ্ভত আদালতত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত তদন্তকাৰী আৰক্ষীয়ে জি পি সিঙৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ লাভ নকৰা বুলিহে প্ৰকাশ কৰিছিল৷ ইফালে ছেমৰ হত্যাৰ সন্দৰ্ভত ন্যায় বিচাৰি ছেমৰ পিতৃ বিজু ষ্টেফৰ্ডেও হাতীগাঁও থানাত ৯৪৮/২০১৯ নম্বৰত আন এটা গোচৰ ৰুজু কৰিছিল৷ কিন্তু ৰহস্যজনক কাৰণত অসম আৰক্ষীয়ে উক্ত গোচৰটোৰ তদন্তৰ পৰা বিৰত থাকে৷ অৱশ্যে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশত বিজু ষ্টেফৰ্ডে ৰুজু কৰা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বাধ্য হৈছে চি আই ডি৷ ১৭ বছৰীয়া শ্বহীদ ছেমৰ হত্যাৰ তিনি বছৰৰ মূৰত চি আই ডিয়ে জব্দ কৰিছে ছেমৰ গুলীচালনাত ব্যৱহূত আৰক্ষীৰ পাঁচটা ৰাইফল৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া এছ এন সিঙৰ পাঁচ দেহৰক্ষীৰ পৰা জব্দ কৰিছে উক্ত পাঁচটা এ কে-৪৭ ৰাইফল৷ শেহতীয়াকৈ আৰক্ষীৰ ফালৰ পৰা এই তথ্য আদালতক শপতনামাযোগে অৱগত কৰিছে৷ তদুপৰি চিআইডিয়ে এছ পি পৰ্যায়ৰ বিষয়াৰ দ্বাৰা বিজু ষ্টেফৰ্ডে দিয়া গোচৰটোৰ তদন্ত কৰা হ’ব বুলিও আৰক্ষীৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে৷ স্বাভাৱিকতেই এতিয়া আৰক্ষীৰ এই প্ৰতিবেদনে স্পষ্ট কৰিছে যে আৰক্ষীৰ গুলীতেই মৃত্যু হৈছিল ১৭ বছৰীয়া ছেম ষ্টেফৰ্ডৰ৷ ফলত সুদীৰ্ঘ তিনি বছৰৰ মূৰত ছেম ষ্টেফৰ্ডক গুলীচালনা কৰা আৰক্ষীজন চিনাক্ত হোৱাৰ আশাৰ কিৰণ দেখা পোৱা গৈছে৷ অৱশ্যে, ২০১৯ চনৰ ১২ ডিচেম্বৰৰ উক্ত গুলীচালনাৰ পাছতেই আৰক্ষীৰ গুৱাহাটীস্থ এটা বেটেলিয়নৰ এজন জোৱানে উন্মত্ত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে শূন্যলৈ পাঁচ জাই গুলীচালনা কৰা বুলি হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল৷ অৱশ্যে, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসে দাখিল কৰা প্ৰতিবেদনত শীৰ্ষ আৰক্ষী বিষয়া এছ এন সিঙক কাঠৰ টাঙোনেৰে উন্মত্ত প্ৰতিবাদকাৰীয়ে মূৰত মৰিয়াই আক্ৰমণ কৰাত আৰক্ষীয়ে প্ৰাণ ৰক্ষাৰ বাবে শূন্যলৈ গুলীচালনা কৰা বুলিহে উল্লেখ কৰিছিল৷ অৱশ্যে, ছেম ষ্টেফৰ্ডে সঁচাকৈ ন্যায় পাব নে নাই সেয়া সময়েহে ক’ব৷ লক্ষণীয়ভাৱে ‘কা’বিৰোধী আন্দোলনত ছেমৰ লগতে মুঠ পাঁচজন লোক শ্বহীদ হৈছিল৷ অৱশ্যে অসম চৰকাৰে বিধানসভাৰ মজিয়াত ‘কা’বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদক দুষ্কৃতিকাৰী অভিহিত কৰিছিল যদিও ইতিপূৰ্বে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ছেমৰ দুৰ্ভগীয়া পিতৃ-মাতৃ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকাৰীক নিৰ্দেশ দিছিল৷ অৱশ্যে বৰ্তমানলৈ ছেমৰ পৰিয়ালে কোনো ক্ষতিপূৰণ লাভ কৰা নাই যদিও কাইলৈ হাতীগাঁও হাইস্কুলত আছুৰ উদ্যোগত শ্বহীদ ছেম ষ্টেফৰ্ডক স্মৰণ কৰা হ’ব৷