খালী পেটত এইবোৰ খাদ্যই গুৰুতৰ বিপদত পেলাব পাৰে
কৰ্মব্যস্ততাৰ বাবে আজি কালি সকলোৰে জীৱনযাত্ৰা সলনি হৈছে৷ ব্যস্ততাৰ বাবেই বহুতে আনকি পুৱা উঠি ব্ৰেকফাষ্টো কৰিব নোৱাৰা হৈছে৷ পুৱা শুই উঠি একো নাখালে স্বাস্থ্যত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ বহুতে অৱশ্যে অতিৰিক্ত ওজন কমাবলৈ পুৱা একো নোখোৱাকৈ থাকে৷ কিন্তু দীৰ্ঘসময় একো নোখোৱাকৈ থাকিলে ওজন নকমে৷ সেয়ে শুই উঠি কিবা এটা খোৱাটো দৰকাৰী৷ বহুতে চাহৰ কাপত চুমুক দি দিনটো আৰম্ভ কৰে৷ কিছুমানে আকৌ চাহকাপ খোৱাৰ পাছতে ব্ৰেকফাষ্ট কৰে৷ জানি থোৱা ভাল যে পুৱা খালী পেটত কিছুমান খাদ্যই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে৷ পেটতো ভৰাই ৰাখিবলৈ যি ইচ্ছা তাকেই খোৱাটো সুস্বাস্থ্যৰ বাবে মুঠেই উপকাৰী নহয়৷ উল্লেখ কৰা হ’ল খালী পেটত কোনবোৰ খাদ্যই স্বাস্থ্যৰ ক্ষতি কৰে–
◾ মছলাযুক্ত খাদ্যঃ বহুতে ব্ৰেকফাষ্টৰ মেনুত লুচি, চিঙৰা, কছুৰী, পোকৰা আদি ৰাখে৷ মছলাযুক্ত এইবোৰ খাদ্যই পেটত এচিডিক প্ৰতিক্ৰিয়া কৰিব পাৰে৷ সেয়ে পুৱা খালী পেটত তেল আৰু মছলাযুক্ত খাদ্য মুঠেই নাখাব৷
◾ ফলৰ ৰসঃ বহুতৰে ধাৰণা যে পুৱাই ফলৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী৷ পিছে এই ধাৰণা ভুল৷ খাদ্য বিশেষ:সকলৰ মতে ফলৰ ৰসেৰে দিনটোৰ আৰম্ভণি কৰাটো উচিত নহয়৷ কিয়নো খালী পেটত ফলৰ ৰস খালে অগ্নাশয়ত অতিৰিক্ত চাপৰ সৃষ্টি হয়৷ যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ সেয়ে খালী পেটত ফলৰ ৰস নাখাব৷
◾ দৈঃ দৈত লেকটিক এচিড থাকে৷ এইবিধ উপাদানে পেটত অম্লতাৰ স্তৰৰ ক্ষতি কৰে৷ খালী পেটত গাখীৰ খোৱাটোও অনুচিত৷ গাখীৰত থকা লেকটিক এচিডে ভাল বেক্টেৰিয়াসমূহক ধবংস কৰে৷ ফলত এচিডিটিৰ সৃষ্টি হয়৷
◾ টেঙাফলঃ ফল স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু কোন সময়ত ফলমূল খোৱাটো উচিত সেয়া জনাটো ভাল৷ খালী পেটত টেঙাজাতীয় ফলে এচিডৰ সৃষ্টি কৰে৷ ফলত ফাইবাৰ আৰু ফ্ৰকটোজ নামৰ উপাদান থাকে৷ এইবিধ উপাদানে হজম শক্তিক লেহেমীয়া কৰি তোলে৷ সেয়ে খালী পেটত টেঙা ফল নাখাব৷
◾ কফি-চাহঃ খালী পেটত চাহ বা কফি খালে এচিডিটিৰ সমস্যা হ’ব পাৰে৷ গতিকে পৰাপক্ষত খালী পেটত চাহ-কফি খোৱাৰ পৰা বিৰত থকাৰ চেষ্টা কৰক৷
◾ কেঁচা পাচলিঃ কেঁচা পাচলি ভুলতো খালী পেটত নাখাব৷ ইয়াত থকা ফাইবাৰে পেটত চাপৰ সৃষ্টি কৰে৷ ফলত পেট ফুলি উঠা আৰু পেটৰ বিষৰ দৰে সমস্যা হ’ব পাৰে৷