Logo
image

ঠিকাত দিয়া চাকৰিৰ নিৰাপত্তা

ঘোষণাটো শুনাত ভাল লগা যে ৰাজ্য চৰকাৰে এক লাখ যুৱক-যুৱতীক চাকৰি দিব৷ চৰকাৰে এতিয়ালৈ প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈ থাকিলেও কিছুসংখ্যকক ঠিকাভিত্তিত নিযুক্তি দিয়াৰ কথাটো জ্ঞাত হৈছে৷ প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱা মতে, এতিয়ালৈ ৩৮,৯৭৩টা পদৰ বিপৰীতে নিযুক্তিপত্ৰ বিতৰণ কৰা হৈছে আৰু তাৰ বাবে নিযুক্তিপত্ৰ বিতৰণ উৎসৱ আদিও পতা হৈছে লাখ লাখ টকা ব্যয়েৰে৷ নিযুক্তিপত্ৰ পোৱাসকলে আনন্দ পোৱাটো  স্বাভাৱিক কথা৷ পুনৰ ২০,০০০ চাকৰি দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এক লাখ নিযুক্তি দানৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে এই নিযুক্তি দিব৷ কিন্তু প্ৰশ্ন হৈছে, এইসকল নিযুক্তি প্ৰাপ্তৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত হ’বনে? চৰকাৰে ৮,০০০ মঞ্জুৰিকৃত শিক্ষকৰ পদ উঠাই লৈছে আৰু বিপৰীতে চাৰি হাজাৰক নিযুক্তি প্ৰদানৰ কথা প্ৰকাশ কৰিছে৷ বিধিগতভাৱে মঞ্জুৰি থকা পদৰ বিপৰীতে যোগ্যতাৰ ভিত্তিত নিয়মীয়া নিযুক্তি নিদি সেই পদবোৰ উঠাই লোৱা হ’ল কিয়? বিষয়টো নিশ্চয় এনেকুৱা হ’ব যে সেই মঞ্জুৰিপ্ৰাপ্ত পদৰ বিপৰীতে নিযুক্ত হোৱাসকলক চৰকাৰৰ ‘অসম সেৱা [দৰমহা সংশোধনী] বিধি’মতে নিয়মীয়া হাৰত দৰমহা, ভাত্তা আদি দিব লাগিব৷ গতিকে সেইবোৰ পদ উঠাই দিয়াটোকে চৰকাৰে উচিত বুলি ভবা যেন অনুমান কৰিব পাৰি৷ 

ক’বলৈ খোজা হৈছে ঠিকা ভিত্তিক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ ভৱিষ্যত নিৰাপত্তাৰ বিষয়ে৷ 

ৰাজ্য চৰকাৰৰ সকলো চাকৰিয়ালৰ চাকৰি মৌলিক বিধিৰে [এ আৰ এছ, এছ আৰ এছ] নিয়ন্ত্ৰণ কৰা হয়৷ এফ আৰ ২ মতে, ইয়াৰ বিধিসমূহ সকলো চৰকাৰী চাকৰিয়ালৰ বাবে প্ৰযোজ্য বা কাৰ্যকৰী হয়৷ ইয়াৰ ব্যৱস্থানুযায়ী সকলো নিযুক্তিপ্ৰাপ্তৰে চাকৰি প্ৰথমতে অস্থায়ী বুলি গণ্য কৰা হয়৷ কিন্তু ধাৰাবাহিকভাৱে তিনি বছৰ চাকৰি কৰিলে ছেমি-পাৰ্মানেণ্ট আৰু পাঁচ বছৰ চাকৰি কৰিলে স্থায়ী তথা নিগাজী হোৱাৰ যোগ্য হয়৷ নিযুক্তিৰ তাৰিখৰ পৰা নিৰ্ধাৰিত হাৰত দৰমহা, ভাত্তা আদিৰ উপৰি নিৰ্ধাৰিত হাৰত প্ৰতিবছৰে বছৰেকীয়া বৃদ্ধি আদি লাভ কৰে স্বতঃস্ফুৰ্তভাৱে৷ ঠিকাভিত্তিক কৰ্মচাৰী সঁচা অৰ্থত চৰকাৰী চাকৰি নহয়৷ চৰকাৰী বিধিমতে তেওঁলোকে নাপায় সা-সুবিধা৷ তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰখন যেন ঠিকাদাৰ৷ চৰকাৰী চাকৰিয়াল আৰু চৰকাৰৰ মাজত বিধিগত সম্পৰ্ক গৰাকী আৰু সেৱকৰ, তেওঁলোকৰ ক্ষেত্ৰত বহন কৰিবলগীয়া দায়িত্ব চৰকাৰে বহন কৰিবলৈ বাধ্য৷ বাধ্য হ’বলৈ নুখুজিলে আদালত থাকিব৷ বাধ্য কৰাবলৈ আদালতৰ ৰায় পাব পাৰে৷ এইটো জনগণৰ জ্ঞাত যে পূৰ্বতে প্ৰায় পঞ্চাছ-ষাঠি হাজাৰ মাষ্টাৰৰোল কৰ্মী, ঠিকাভিত্তিক কৰ্মী, ৱৰ্ক চাৰ্জ, কেজুৱেল আদিৰ ভিত্তিত ৰাজ্য চৰকাৰে নিয়োজিত কৰিছিল৷ সেইসকলৰ প্ৰায় ত্ৰিছ হাজাৰক অসম চৰকাৰে নিযুক্ত কৰা বুলি খবৰ ওলাইছিল৷ বাকীসকলৰ চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্ৰত দেশৰ উচ্ছতম ন্যায়ালয়ে আদেশ নিদি সেইসকলক নিয়মীয়া কৰাটো চৰকাৰৰ বাবে দায়বদ্ধতা নথকাৰ কথা কৈছে৷ গতিকে ১৯৯১-৯৫ চনৰ পৰাই নিযুক্তি পোৱা সেইসকল শ্ৰমিক সম্প্ৰতি অৱসৰৰ বয়সপ্ৰাপ্ত হ’বলৈ ধৰিছে আৰু গোটেই জীৱনজুৰি ১০০-২০০ টকাৰ পৰা আৰম্ভ কৰি সম্প্ৰতি মাহে ৯,০০০ টকাত কাম কৰি আছে আৰু জীৱন কালৰ অন্তিম পৰ্যায়ত পৰিয়ালসহ ভয়ানক সংকটৰ গৰাহত পৰিছে৷ জানিব পৰা মতে, ৰাজ্য চৰকাৰে তেওঁলোকৰ পাৰিশ্ৰমিক বৰ্তমানৰ ৯,০০০ টকাৰ পৰা ১৫,৯০০ টকালৈ বৰ্ধিত কৰাৰ ব্যৱস্থা লৈছে৷ মৰগীয়া বানচ দিয়াৰ কথা কৈছে৷ কিন্তু ২০০৫ চনৰ পূৰ্বে নিয়োজিত সকলো কৰ্মচাৰীয়ে পাব লগা পেন্সন আদি ব্যৱস্থাৰ পৰা তেওঁলোক বঞ্চিত হৈছে৷ এতিয়া যিসকলক ঠিকাভিত্তিত নিযুক্তি দিছে বা দিব, সেইসকলৰ ভৱিষ্যৎ কি হ’ব? আধাপেটি খোৱা আৰু উজাগৰী নিশা কটোৱাৰ পৰিস্থিতিয়ে তেওঁলোকৰো জীৱন-যাপন বিষময় কৰি ৰাখিব নেকি? আন এটা বাতৰিয়ে শিক্ষক সমাজক ভীতিগ্ৰস্ত কৰি তোলা পৰিলক্ষিত হৈছে৷ এবাৰ টে’ট্‌ পৰীক্ষাত উত্তীৰ্ণ হৈ ঠিকা ভিত্তিত চাকৰি পোৱা ৩৫ হাজাৰ শিক্ষকৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ বাবে পুনৰ এ চি এছ বিষয়াই হেনো পৰীক্ষা ল’ব৷ কাজেই একাংশক চৰকাৰে পৰীক্ষাত অনুত্তীৰ্ণ বুলি ঘোষণা কৰিব৷ তেন্তে অনুত্তীৰ্ণ হোৱাসকলৰ চাকৰিৰ দশা কি হ’ব? বিদায় আসন্ন? বছৰে বছৰে অনুত্তীৰ্ণসকলক বিদায় দি এটা সময়ত ঠিকাভিত্তিক শিক্ষকসকলৰ সকলোৱে হয়তো বিদ্যালয়ৰ পৰা বিদায় ল’ব লাগিব৷ কি হ’ব তেওঁলোকৰ ভৱিষ্যৎ, তেওঁলোকৰ পৰিয়ালৰ দশা? তথাকথিত ঠিকাদাৰী চৰকাৰখনে ৰাজ্যখনৰ যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত চিৰজীৱনৰ বাবে একোটা গৰিবী জীৱনলৈ ঠেলি দিয়াৰ তথা ৰাজ্যৰ যুৱ-প্ৰজন্মক আৰ্থিকভাৱে পংগু কৰাৰ ব্যৱস্থা হাতত লোৱাটো নিঃসন্দেহে দেশৰ বাবে বেদনাদায়ক হ’ব৷ চৰকাৰে সমস্যাটোৰ সম্যক বিচাৰ কৰাৰ বাবে প্ৰয়োজন অনুভৱ কৰিলে ভাল৷