Logo
image

গুৱাহাটীৰ জনজাতীয় হাইস্কুলৰ মাটি দখলৰ চেষ্টা স্বয়ং মেয়ৰৰ

ডিজিটেল ডেস্ক,১৩ ডিচেম্বৰ: ৰাজ্যৰ জিলাই জিলাই বিজেপি কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰী ভূমি আবণ্টনত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন দিয়াৰ পাছতেই এইবাৰ চৰকাৰী ভূমি বেদখলত নামি পৰিছে বিজেপি৷ দলীয় কাৰ্যালয  নিৰ্মাণৰ নামত বিজেপি নেতৃত্বই এতিয়া শিক্ষানুষ্ঠানৰ ভূমিও বেদখলতো বাদ দিয়া নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ সময়তে ভূ-মাফিয়াৰ দৰে নিশাটোৰ ভিতৰতে শিক্ষানুষ্ঠানৰ ভূমি দখল কৰি অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰি গুণ্ডামিত নামি পৰিছে বিজেপিৰ একাংশ৷ গুৱাহাটীৰ মাজমজিয়াত থকা ১৯৬৫ চনতে স্থাপন হোৱা উলুবাৰীৰ জনজাতীয় হাইস্কুলৰ ৬ বিঘাকৈ ভূমি দেওবাৰে বন্ধ বাৰৰ দিনটোতে বিজেপিয়ে দখল কৰি কাৰ্যালয় নিৰ্মাণ কৰে৷ নিশাটোৰ ভিতৰতে শিক্ষানুষ্ঠানখনৰ ভূমিত তৰ্জা বেৰাৰ ঘৰ নিৰ্মাণ কৰি বিজেপিৰ চেণ্ট্ৰেল গুৱাহাটী মণ্ডলৰ কাৰ্যালয়ৰ নামত বেনাৰো আঁৰি দিয়ে৷ শিক্ষানুষ্ঠানখনৰ কতৃৰ্পক্ষ তথা স্থানীয় ৰাইজৰ অভিযোগ গুৱাহাটী মেয়ৰ তথা বিজেপি নেতা মৃগেন শৰণীয়াৰ গুণ্ডাবাহিনীয়ে বিদ্যালয়ৰ মাটি দখল কৰি এইদৰে কাৰ্যালয় স্থাপন কৰে৷ আশ্চৰ্যজনক বিষয়টো হৈছে বিজেপি নেতাই নিশা চোৰৰ দৰে বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰি খালী হৈ থকা উন্মুক্ত ভূমি বেদখল কৰে যদিও বিদ্যালয় কতৃৰ্পক্ষক কোনো কথাই অৱগত নকৰিলে৷ ইফালে সোমবাৰে পুৱা বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে চৌহদৰ ভূমিত বিজেপি কাৰ্যালয়ৰ বেনাৰ আৰু পতাকা দেখি হতভম্ব হৈ পৰে৷ ইয়াৰ পাছতেই ক্ষুব্ধ শিক্ষাৰ্থীসকলে বিজেপিৰ বেনাৰ-পতাকা আদি ফালি পেলোৱাৰ লগতে তৰ্জা বেৰাৰে নিৰ্মাণ কৰা কাৰ্যালয়টো ভাঙি লণ্ড ভণ্ড কৰে৷ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানখন প্ৰাদেিশকীকৰণৰ বাবে বিজেপি চৰকাৰে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে দলৰ বাবে কাৰ্যালয় নিৰ্মাণ কৰিবলৈ ভূমি বেদখল কৰা কাৰ্যত স্বাভাৱিকতেই এতিয়া ক্ষুণ্ণ হৈ পৰিছে শিক্ষক-শিক্ষাত্ৰী আৰু অভিভাৱকৰ লগতে স্থানীয় ৰাইজ৷ বিজেপিৰ এনে গুণ্ডামিৰ খবৰ ৰাজহুৱা হৈ পৰাৰ পাছতেই সোমবাৰে বিদ্যালয়খনত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা যায়৷ মেয়ৰ মৃগেন শৰণীয়াৰ নিৰ্দেশ বিজেপি নেতাই নিশা চোৰৰ দৰে প্ৰৱেশ কৰি ভূ-মাফিয়াৰ আৰ্হিত শিক্ষানুষ্ঠানখনৰ ভূমি বেদখল কৰি কাৰ্যালয় নিৰ্মাণ কৰি বেনাৰ আৰু দলীয় পতাকা আঁৰি দিয়াৰ পাছতো ৰাজ্যিক বিজেপিৰ নেতৃত্বই দলক কোনোবাই বদনাম কৰিবলৈহে এনে কাম কৰা বুলি মন্তব্য কৰে৷ এই সন্দৰ্ভত মুখপাত্ৰ সুভাষ দত্তই বিজেপিয়ে শিক্ষানুষ্ঠানৰ ভূমি বেদখল নকৰে বুলি মন্তব্য কৰি দায় সৰাৰ চেষ্টা কৰে৷ এখন পবিত্ৰ শিক্ষানুষ্ঠানৰ ভূমি বেদখল কৰি বিজেপি দলক লজ্জানত কৰা নেতাৰ বিৰুদ্ধে এতিয়া দলে ব্যৱস্থা ল’ব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷