Logo
image

এইবোৰ সমস্যা থাকিলে কাজু নাখাব

কাজু স্বাস্থ্যৰ বাবে উপকাৰী৷ ইয়াত মেগনেছিয়াম, পটাছিয়াম, ফাইবাৰ, জিংক, আইৰণ, মেংগানিজ আদি থাকে৷ কিন্তু জানি থোৱা ভাল যে কাজুৱে স্বাস্থ্যৰ ক্ষতিও কৰি পাৰে৷ বিশেষকৈ কেইটামান সমস্যা থাকিলে কাজু নখোৱাটোৱেই ভাল৷ উল্লেখ কৰা হ’ল কোনবোৰ সমস্যা থাকিলে কাজু খাব নালাগে–

[১] পেটৰ সমস্যাঃ পেটৰ সমস্যাই দেখা দিলে কাজু একেবাৰে নাখাব৷ বিশেষকৈ হজমাৰ সমস্যা থাকিলে কাজু খোৱাৰ পৰা বিৰত থাকক৷ কিয়নো হজমৰ সমস্যা থকা লোকৰ বাবে কাজুৱে বিপদ মাতিব পাৰে৷ পেটৰ সমস্যাত ভোগাসকলে কাজু খালে তেওঁলোকৰ গেছ অথবা এচিডিটি বাঢ়ে৷

[২] অত্যধিক ওজনঃ কাজু বাদাম খালে অত্যধিক ওজন বাঢ়ে৷ সেয়ে দেহৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে কাজু খোৱাৰ পৰা বিৰত থাকক৷

[৩] মূৰৰ যন্ত্ৰণাঃ কাজু বাদামে মূৰৰ বিষ বঢ়ায়৷ সেয়ে এনে সমস্যা থাকিলে কাজু একেবাৰেই নাখাব৷

[৪] মেনোপ’জঃ মেনোপ’জৰ সময়ত কাজু খোৱাটো অনুচিত৷ মেনোপ’জৰ সময়ত কাজু খাোল শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে৷