পদপথৰ ব্যৱসায় আৰু সমস্যা
উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী চহৰৰ মূল সমস্যাবোৰৰ ভিতৰৰ এটা অন্যতম হৈছে পদপথৰ দোকান৷ পৰ্যাপ্ত পাৰ্কিঙৰ স্থান নথকা আৰু যান-বাহন নিয়ন্ত্ৰণৰ উচিত ব্যৱস্থা নথকা বাবে যিদৰে য’তে-ত’তে যান-বাহন পাৰ্ক কৰাটো এক নিয়মিত ঘটনা হৈ পৰিছে, তেনেদৰে চহৰখনৰ বিভিন্ন স্থানৰ পদপথ একাংশ বেপাৰীয়ে দখল কৰি পথচাৰীৰ বাবে সমস্যাৰ সৃষ্টি কৰাটোও সাধাৰণ ঘটনা হৈ পৰিছে৷ পদপথত ব্যৱসায় চলোৱা লোকসকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে মাজে-সময়ে অভিযান চলাই দোকানবোৰ উচ্ছেদ কৰা দেখা যায় যদিও দুদিনমান যোৱাৰ পাছত পুনৰ সকলো আগৰ দৰেই চলিবলৈ আৰম্ভ কৰে৷ কিছুদিনৰ পৰা গুৱাহাটী পৌৰ নিগমে পুনৰ মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে পদপথত ব্যৱসায় চলাই থকা একাংশ দোকান উচ্ছেদৰ অভিযান চলাইছে আৰু তাৰ বিপৰীতে পদপথ ব্যৱসায়ী সন্থা পৌৰ নিগমৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ সন্থাৰ অভিযোগ হৈছে যে গুৱাহাটী পৌৰ নিগমে পদপথত ব্যৱসায় চলাই থকা লোকসকলৰ বাবে বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান চলাইছে, যাৰ বাবে নিম্ন উপাৰ্জনৰ বহু লোকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ উল্লেখ্য, গুৱাহাটীত এনেয়ে বাট-পথবোৰ বৰ বেছি আহল-বহল নহয়৷ দ্ৰুত হাৰত যান-বাহন বৃদ্ধি পোৱাটো পথচাৰীৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ তেনেস্থলত পদপথবোৰো দখল কৰি বেপাৰ আৰম্ভ কৰিলে পথচাৰীয়ে অহা-যোৱা কৰিব কেনেকৈ? গুৱাহাটীৰ প্ৰায়বোৰ পদপথ শেহতীয়াভাৱে পাচলি আৰু ফল-মূলৰ বজাৰত পৰিণত হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ যুক্তি হৈছে যে চহৰখনৰ ৰাজহুৱা স্থান দখল কৰি বহুসংখ্যক ব্যৱসায়ীয়ে অবৈধভাৱে ব্যৱসায় চলাই আছে, যাৰ বাবে পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হয়৷ পৌৰ নিগমৰ এই যুক্তিৰ বিপৰীতে পদপথ ব্যৱসায়ী সন্থাই উত্থাপন কৰা অভিযোগ অনুসৰি, সংস্থাপনৰ আশা লৈ গ্ৰামাঞ্চলৰ পৰা গুৱাহাটীলৈ অহা ক্ষুদ্ৰ ব্যৱসায়ীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ তাৰ বিপৰীতে পৌৰ নিগমে নিৰ্দিষ্ট কৰি দিয়া ভেণ্ডিং জ’নৰ সংখ্যা একেই আছে৷ তাৰ উপৰি ব্যৱসায় চলোৱাৰ বাবে এই ভেণ্ডিং জ’নবোৰৰ সা-সুবিধা উন্নত কৰা হোৱা নাই৷ ফলত বহু ব্যৱসায়ী সেই স্থানত ব্যৱসায় চলোৱাত আগ্ৰহী নোহোৱাও দেখা গৈছে৷
এটা কথা ঠিক যে চহৰখনৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ একাংশ লোকে এনেদৰে পদপথত বেপাৰ কৰি জীৱন নিৰ্বাহ কৰি আছে৷ তেওঁলোকক উচ্ছেদ কৰিলে এই লোকসকল সংস্থাপনহীন হৈ পৰিব৷ সেয়া কাৰোৱেই কাম্য নহয়৷ কিন্তু এইসকল লোকক ব্যৱসায় কৰিবলৈ প্ৰশাসনে স্থান নিৰ্দিষ্ট কৰি দিব নোৱাৰেনে? গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ চিন্তা-চৰ্চা কৰা হয়, কিন্তু চহৰখনৰ এই সমস্যাবোৰ সমাধানৰ ব্যৱস্থা কৰা নহয়৷ শেহতীয়াকৈ গুৱাহাটীত শ্বপিং মলবোৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ প্ৰায়বোৰ শ্বপিং মলত পাৰ্কিঙৰ পৰ্যাপ্ত স্থান নথকা বাবে গ্ৰাহকে তেওঁলোকৰ বাহন পদপথৰ কাষতে পাৰ্ক কৰিবলৈ বাধ্য হয়৷ আনহাতে, এনেধৰণৰ শ্বপিং মলবোৰৰ বাহিৰৰ পদপথত বিশেষ কিছুমান খাদ্যবস্তুৰ সৰু-সুৰা ব্যৱসায় আৰম্ভ কৰাটো নিয়মিত দৃশ্য হৈ পৰিছে৷ ফলত সেই অঞ্চলবোৰত যান-জঁট বৃদ্ধি পোৱাৰ লগতে দুৰ্ভোগ ভুগিবলগীয়া হয় পথচাৰীয়ে৷ গুৱাহাটীত পদপথৰ ব্যৱসায়ক লৈ সৃষ্টি হোৱা সমস্যা নতুন নহয়৷ শেহতীয়াভাৱে চৰকাৰে চহৰখনত অধিক মুকলি স্থান সংৰক্ষণত গুৰুত্ব দিয়া দেখা গৈছে৷ নিঃসন্দেহে এয়া এক ইতিবাচক চিন্তা৷ কিন্তু তাৰ লগতে পদপথৰ ব্যৱসায়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাটোৰ স্থায়ী সমাধানৰো ব্যৱস্থা কৰা উচিত৷ চৰকাৰী তথ্য অনুসৰি গুৱাহাটীত প্ৰায় ১৫ হাজাৰ লোকে পদপথত ব্যৱসায় চলাই আছে৷ পদপথ ব্যৱসায়ী সন্থাৰ মতে, এই সংখ্যা ২০ হাজাৰতকৈও অধিক৷ পদপথ ব্যৱসায়ী সন্থাৰ আন এটা অভিযোগ হৈছে যে গুৱাহাটী পৌৰ নিগমে চহৰখনত পৰিকল্পিতভাৱে ভেণ্ডিং জ’নৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে পদপথত ব্যৱসায় চলাই থকা লোকসকলক উচ্ছেদ কৰাতহে অধিক গুৰুত্ব দিছে৷ গুৱাহাটীত পদপথৰ ব্যৱসায়ে সৃষ্টি কৰা সমস্যাটো উপলব্ধি কৰি চৰকাৰ আৰু পৌৰ প্ৰশাসনে পদপথবোৰ খালী কৰাৰ সমান্তৰালভাৱে পদপথত বেপাৰ কৰা লোকসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা উচিত৷






