Logo
image

য’ত কিশোৰ-কিশোৰীৰ বাবে ফেচবুক নিষিদ্ধ

সামাজিক অৱক্ষয় বিষয়টো আজি সমগ্ৰ বিশ্বত এক বহুল চৰ্চিত বিষয়৷ যি তৰুণ প্ৰজন্মৰ বাবে ভাবুকিস্বৰূপ৷ সভ্যতাৰ উন্নয়নত তথ্য প্ৰযুক্তিৰ অৱদান অপূৰণীয়৷ কিন্তু আমি কেতিয়াবা অনুধাৱন কৰিছোঁনে প্ৰযুক্তিৰ ভুল ব্যৱহাৰে আমাৰ অৱস্থান কিমান তললৈ নমাই দিছে? অৱশ্যে ইয়াৰ বাবে আৱিস্কাৰ বা আৱিস্কাৰক কোনেও দায়ী নহয়৷ দায়ী আমি ব্যৱহাৰকাৰীসকল৷ সময়ৰ লগে লগে বিপুল সম্ভাৱনাৰ দুৱাৰ খোল খাইছে আমাৰ সমুখত৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে আমাক কোন দিগন্তলৈ লৈ যাব সেয়া ধাৰণাৰ অতীত৷ এখোজ-দুখোজকৈ আমি সভ্যতাৰ একো একোটা স্তৰ পাৰ কৰি আহিছোঁ৷ প্ৰযুক্তিয়ে আমাক বহুত জ্ঞান দিছে৷ তাৰ বিপৰীতে আমাৰ মাজৰ পৰা নৈতিকতা আৰু মূল্যবোধ কাঢ়ি নিছে৷ প্ৰযুক্তি বা বিজ্ঞানৰ অগ্ৰগতি আমাৰ সমাজৰ বাবে অপ্ৰয়োজনীয় বুলি আমি ক’ব খোজা নাই৷ সম্প্ৰতি বিশ্বৰ ৪২.২ শতাংশ মানুহ ইন্টাৰনেট ব্যৱহাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত৷ কিন্তু মূল্যবোধ বিবৰ্জিত এচাম মানুহে প্ৰযুক্তিক তেওঁলোকৰ ভোগ আৰু আনন্দৰ আহিলাৰূপে গণ্য কৰি আহিছে৷ তথ্য বিকৃতি, ব্যক্তিগতভাৱে সমাজৰ কোনো মানুহক হেয় প্ৰতিপন্ন কৰা, প্ৰতিকৃতিৰ ব্যংগাত্মক উপস্থাপন ইত্যাদি বিষয় সামাজিক মাধ্যমত বিয়পাই দিয়া এতিয়া এক নিত্য-নৈমিত্তিক ঘটনা৷ প্ৰশ্ন হ’ল সামাজিক অৱক্ষয়ৰ কাৰণ কি আৰু সমাজত ইমান নৃশংসতা? বৰ্তমান সময়ত মানুহৰ সামাজিক আৰু নৈতিক অৱক্ষয় যি হাৰত বৃদ্ধি পাইছে সেয়া মানৱ জাতিৰ বাবে খুবেই উদ্বেগজনক৷ 

আজি এফালে সামাজিক মাধ্যম, অনলাইন প’ৰ্টেল, প্ৰিন্ট আৰু ইলেকট্ৰ’নিক  মিডিয়াত নিতৌ হত্যা, ধৰ্ষণ আদিৰ খবৰ আৰু আনফালে নাৰী সমাজ তথা সচেতন সমাজ এক আতংকত ভীতিগ্ৰস্ত, দিশহাৰা৷ প্ৰতিদিনে এটাৰ পিছত এটা হত্যা, ধৰ্ষণ আদি ঘটনাৰ খবৰ আমি পাই আহিছোঁ৷ নিশাৰ আন্ধাৰ বা দিনৰ পোহৰ বুলি একো কথা নাই৷ ক’ৰবাত আকৌ কোনোবাই যদি মোৰেল পুলিচ হৈ, এচামে মানুহ হত্যা কৰি পৈশাচিক আনন্দ লৈছে, কোনবাই আকৌ তাৰ ভিডিঅ’ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷ সহায় কৰা লোকতকৈ মোবাইলত ভিডিঅ’ কৰা মানুহৰ সংখ্যাহে যেন সৰহ৷ সমাজত দুৰ্নীতি, বিচাৰহীনতা, তথ্য প্ৰযুক্তিৰ অপব্যৱহাৰ, মাদক দ্ৰব্য বা ড্ৰাগ্‌ছৰ পয়োভৰ ইত্যাদি হ’ল সামাজিক অৱক্ষয়ৰ অন্যতম কাৰন৷ বৰ্তমান যুগত হাতত থকা মোবাইল ফোনটো প্ৰযুক্তিৰ কল্যাণতকৈ সমাজৰ হিতৰ বিপৰীতেহে বেছিকৈ ব্যৱহাৰ হোৱা দেখা যায়৷ আমি আমাৰ সন্তানক ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে কি জ্ঞান দিছো? স্কুল-কলেজৰ পাঠ্যপুথিত সামাজিক মূল্যবোধৰ শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা চৰকাৰে অনুভৱ নকৰা হৈছে৷ যাৰ বাবে সমাজত এতিয়া সামাজিক অৱক্ষয়ৰ ছবিখন ভয়াবহ ৰূপত দেখা পোৱা গৈছে৷ য’ৰ পৰা ওলাই অহাৰ পথ কঠিন যদিও সেই পথৰ সন্ধান কিন্তু আমি নিজেই কৰিব লাগিব৷ এতিয়া অৱহেলা নহয়, এতিয়া সময় শিশু, কিশোৰহতক নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা দিয়াৰ৷ সামাজিক অৱক্ষয়ৰ কাৰণবোৰ বিচাৰি উলিয়াই ৰাষ্ট্ৰৰ, পৰিয়ালৰ, সমাজৰ সকলো দায়িত্বশীল ব্যক্তিয়ে দ্ৰুত পদক্ষেপ ল’ব লাগিব৷ নিজৰ মূল্যবোধক জাগ্ৰত কৰি ৰখাৰ বাবে সুস্থ স্বাভাৱিক জীৱন-যাপন কৰিব লাগিব৷ 

মানৱীয়তাৰ সৈতে এই যুদ্ধত মূলতঃ ৰাষ্ট্ৰই অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰয়োজন৷ ইয়াৰ বিৰুদ্ধে যথাযথ পদক্ষেপ লোৱাত বা মানুহক উদ্ধুদ্ধকৰণৰ কামত নামিব লাগিব৷ সামাজিক মাধ্যমৰ ক্ষতিকৰ বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব লাগিব৷ নহ’লে আমাৰ ভৱিষ্যৎ প্ৰজন্মক বচোৱা অসম্ভৱ৷ যিভাৱে আজি প্ৰযুক্তিৰ অপব্যৱহাৰ হৈছে, সামাজিক মাধ্যমত অপসংস্কৃতি বিয়পাই দিয়া হৈছে, তাৰ বিৰুদ্ধে আমি জাগি উঠিব লাগিব৷ সচেতন হ’ব লাগিব৷ প্ৰযুক্তিৰ অপব্যৱহাৰে আমাৰ ভৱিষ্যত প্ৰজন্মক ধবংস কৰি দিব পাৰে৷ প্ৰযুক্তিত মানুহ যিদৰে ডুব গৈ আছে তাত অনুমান কৰিব পাৰি ভৱিষ্যতত আমি এটা মানৱিকতাশূন্য প্ৰজন্ম পাবলৈ গৈ আছোঁ৷ প্ৰযুক্তি ডিভাইচ আৱিস্কাৰ হৈছিল জৰুৰী প্ৰয়োজনৰ কাৰণে, ওৰে নিশা কথা পতাৰ বাবে নহয়৷ প্ৰযুক্তি বন্ধ কৰাৰ সলনি তাক নিয়ন্ত্ৰণ কৰি আগবঢ়াই হৈছে বৰ্তমান সময়ৰ আহ্বান৷ মাদকদ্ৰব্য নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে যিদৰে তাৰ সৰবৰাহ বন্ধ কৰাৰ প্ৰয়োজন তেনেদৰে প্ৰযুক্তিৰ বেয়া দিশটো নিয়ন্ত্ৰণ আমি প্ৰথমে কৰিব লাগিব৷ সম্প্ৰতি মোবাইলৰ ভিতৰত সমগ্ৰ বিশ্বখন সুমুৱাই দিয়া হৈছে৷ ইন্টাৰনেটৰ সহায়ত এচামে ইয়াৰ ভাল দিশটোৰ পূৰ্ণ সুবিধা লৈছে যদিও সৰহসংখ্যক লোকে তাৰ বেয়া দিশটোৰ প্ৰতিহে ঢাল খোৱা দেখা গৈছে৷ বিশেষকৈ অপ্ৰাপ্তৱয়স্কসকলৰ কাৰণে মোবাইল ব্যৱহাৰৰ ওপৰত সঠিক তদাৰকী অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷ ইয়াৰ পৰিবৰ্তে মানৱিক মূল্যবোধৰ বিকাশ ঘটা বিষয়সমূহ শিকোৱাত গুৰুত্ব আৰোপ কৰিব লাগিব৷  মানুহক আইনৰ প্ৰতি আস্থাভাজন কৰি তোলাত ন্যায়পালিকা অধিক সক্ৰিয় হ’ব লাগিব৷ আমাৰ দেশত তথ্য প্ৰযুক্তিৰ অপব্যৱহাৰে লাহে লাহে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ যাক নিয়ন্ত্ৰণত চৰকাৰৰ দায়িত্ব সৰ্বাধিক হোৱা উচিত৷ পৃথিৱীৰ বিভিন্ন দেশত, আনকি আমেৰিকাতো ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ফেচবুক ব্যৱহাৰত বাধা নিষেধ আছে৷ কিন্তু আমাৰ ইয়াত সম্প্ৰতি ঘৰে ঘৰে ৱাই-ফাই সোমাই গৈছে আৰু শিশুৰ হাতত পৰি সি অনিয়ন্ত্ৰিত হৈ পৰিছে ৷ ইয়াৰ প্ৰতিকাৰৰ উপায় হিচাপে দেশে ঠিক কৰিব লাগে আমি আচলতে কি বিচাৰোঁ আৰু কলৈ যাবলৈ বিচাৰোঁ ৷ আজি অনলাইন শিক্ষাৰ দোহাই দি ৩ বছৰীয়া শিশুৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈকে সকলোৰে হাতত মোবাইল, লেপটপ বিনাদ্বিধাই তুলি দিছোঁ৷ এয়া সময়ৰ আহ্বান বুলি মানি লৈছো সঁচা, কিন্তু কিমানে বাৰু আমি নজৰ ৰাখিছোঁ যে সেই মোবাইল বা লেপটপত ল’ৰা-ছোৱালীয়ে প্ৰকৃততে কৰিছে কি? আজি দেশৰ স্বাৰ্থত সকলো ৰাজনৈতিক দল একগোট হৈ এই বিষয়ত উচিত পদক্ষেপ ল’ব লাগিব আৰু সকলোৱে মিলি পৰিয়াল, সমাজ, দেশক ধবংসাত্মক প্ৰৱণতা আৰু পৰিণতিৰ পৰা ৰক্ষা কৰিব লাগিব৷ 

সমাজত এতিয়া বহুত পৰিবৰ্তন আহিছে৷ মানুহৰ বাবে আজি চাহিদা পূৰণেই প্ৰধান বিষয়৷ কিদৰে পূৰণ কৰিব সেয়া মুখ্য নহয়৷ নৈতিকতা আৰু মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে মানুহে নিজৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত সমুখত কোনো বাধা আহিলে হত্যাৰ পথকে বাছি লয় সহজ পথ হিচাপে৷ ভোগৰ আকাংক্ষাই আজি তীব্ৰ আকাৰ ধাৰণ কৰিছে আমাৰ মাজত৷ অবাধে বিয়পি পৰা তথ্যপ্ৰযুক্তি, সামাজিক মাধ্যমে নানা চাহিদা আৰু ভোগৰ আকাংক্ষাৰ সৃষ্টি কৰিছে৷ সমান্তৰালভাৱে সন্তানৰ প্ৰতি মাক-দেউতাকৰ মনযোগৰ অভাৱ, ধৰ্মীয় আৰু নীতি-নৈতিকতা চৰ্চাৰ অভাৱত চৌদিশত এক বিশৃংখলতাই দেখা দিছে৷  ইয়াৰ বাহিৰেও ভোগবাদ, অধিক পোৱাৰ আকাংক্ষা, ৰাজনৈতিক অনিয়ম তথা অস্থিৰতা, নিৰাপত্তাহীনতা আদিত কম-বেছি পৰিমানে চিকাৰ হৈছে সকলো শ্ৰেণীৰ মানুহ৷ ফলত মানুহ সহজে বিবেকশূন্য হৈ হিংসাত লিপ্ত হৈ পৰিছে৷ পদে পদে পৰাস্ত হৈছে মানুহৰ বিবেক আৰু আৰু স্বাভাৱিক বিচাৰ-বিবেচনা৷ মানুহৰ সন্মুখত নাই কোনো আদৰ্শ৷ প্ৰযুক্তিয়ে আমাক বহু কিবা কিবি দিছে৷ কিন্তু আমাৰ মাজৰ পৰা নৈতিকতা আৰু মূল্যবোধ কাঢ়ি নিছে৷ এইটো স্বীকাৰ কৰিব লাগিব যে প্ৰযুক্তিৰ ইতিবাচক ব্যৱহাৰে আমাৰ সমাজ জীৱনত বহুতো উন্নতি সাধন কৰিছে৷ আজি বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰযুক্তিৰ প্ৰভাৱ পৰিছে৷ ফলত সলনি হৈছে কাৰ্যপদ্ধতি, যোগাযোগ ব্যৱস্থা, উৎপাদন প্ৰক্ৰিয়া, ব্যৱস্থাপনা, আদিৰ৷  আধুনিক প্ৰযুক্তিৰ মোবাইল ফোন, কম্পিউটাৰ, ইন্টাৰনেট, ৰোবোটিক্‌ছ, জেনিটিক্‌ছ, ভাৰ্চুৱেল ৰিয়েলিটি, কোৱান্টাম কম্পিউটিং আদি বিষযবোৰ আন এক শিল্প বিপ্লৱৰ সূচনা বুলিও বিশেষজ্ঞসকলে ক’ব খোজে৷ শেষত কওঁ ইয়াৰ প্ৰতিকাৰ হিচাপে ইন্টাৰনেট আৰু অন্যান্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত সামাজিক সচেতনতা বৃদ্ধিৰ আন বিকল্প নাই৷