Logo
image

২৪ ডিচেম্বৰত ঘোষণা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ:  অসম সাহিত্য সভাৰ ২০২৩-২৫ কাৰ্যবৰ্ষৰ নিৰ্বাচনৰ ফলাফল ২৪ ডিচেম্বৰত ঘোষণা কৰা হ’ব৷ নলবাৰী জিলা সাহিত্য সভাৰ আতিথ্যত নলবাৰী নাট্য মন্দিৰত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ অনুষ্ঠান সুকলমে সম্পাদন কৰাৰ বাবে বিভিন্ন দিশ তদাৰক কৰিবলৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই আজি সভাস্থলী পৰিদৰ্শন কৰাৰ লগতে নলবাৰী জিলা সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে মিলিত হৈ ব্যৱস্থাপনা সন্দৰ্ভত বুজ লয়৷ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা, কাৰ্যনিৰ্বাহক সদস্য বিপিন চন্দ্ৰ কলিতা প্ৰমুখ্যে সভাৰ কেইবাজনো বিষয়ববীয়াৰ সৈতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকজনে আলোচনাত মিলিত হৈ অনুষ্ঠানটো যাতে সূচাৰুৰূপে সফল সম্পাদন হয় সেই বিষয়ে বিভিন্ন আলোচনা কৰি পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ্য যে, অসম সাহিত্য সভাৰ ইতিমধ্যে সম্পাদন হোৱা নিৰ্বাচনৰ ফলাফল ২৪ ডিচেম্বৰত গণনা কৰি সভাৰ সপ্তম কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷ এই কাৰ্যনিৰ্বাহক সভাত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হ’বলগীয়া অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনৰ বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ’ব৷