Logo
image

থানাৰ চৌহদত জ্বলাই দিলে 'গেং অব ডেভিলছ'ৰ ৩ খন বাইক

ডিজিটেল ডেস্ক : বিলাসীপাৰা থানাত চৌহদত থকা গেং অব ডেভিলছৰ তিনিখন বাইক নিশা জ্বলাই দিলে দুৰ্বৃত্তই। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল এই বাইককেইখন। কোনে কি কাৰণত বাইক কেইখন জ্বলাই দিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰক্ষীৰ অভিযানত এতিয়ালৈকে ‘গেং অব ডেভিলছৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। বিলাসীপাৰাৰ ৰাজপথত সন্ত্ৰাস চলাইছিল এই গেঙটোৱে। এগৰাকী মহিলাক খুন্দিয়াই নিহত কৰাৰ পিছত ফেচবুকত দম্ভালি মাৰি ভিডিঅ’ আপলোড কৰিছিল বাইকাৰ গেঙটোৰ উদণ্ড যুৱককেইজনে। ১০ মিনিটৰ ভিতৰতে থানাৰ পৰা ওলাই অহা বুলি ফিতাহি মাৰি ভিডিঅ' বনাই সামাজিক মাধ্যমত আপলোড কৰিছিল যুৱককেইজনে।

বাইকাৰ গেঙটোৰ দম্ভালি মৰা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আৰক্ষীয়ে যুৱককেইজনৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছিল৷ তাৰ পাছতে আৰক্ষীয়ে যুৱককেইজনৰ সন্ধান চলোৱাৰ লগতে জব্দ কৰিছিল ষ্টাণ্ট কৰা বাইক। যোৱানিশা গেং অ‍ ডেভিলছৰ তিনিজন সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷ ইফালে দুৰ্বৃত্তই বাইক জ্বলাই দিয়া ঘটনাৰ বাবে বিলাসীপাৰা আৰক্ষী থানাত আন এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷