অপৰাধীৰ ৰম্যভূমি
গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে ইটোৰ পাছত সিটো অপৰাধজনক ঘটনা৷ অপৰাধীৰ সহজ টাৰ্গেট হৈ পৰিছে মহিলা৷ বাইকেৰে আহি মহিলাৰ গলৰ চেইন কাঢ়ি লৈ যোৱা ঘটনা প্ৰায় প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে৷ তদুপৰি আৰক্ষীৰে গিজ্গিজাই থকা মহানগৰীখনত বাইকেৰে আহি দুবৃৰ্ত্তই পথতে পিষ্টলেৰে গুলীওৱাৰ ভাবুকি দি সোণৰ অলংকাৰ কাঢ়ি নিয়াৰ ঘটনাও বাঢ়িবলৈ ধৰিছে৷ আনকি ঘৰৰ চৌহদত খেলি থকা শিশুকো অপহৰণ কৰাৰ ঘটনা সঘনাই ঘটিবলৈ ধৰিছে৷ এনে ঘটনাৰ লগত মানৱ সৰবৰাহকাৰী জড়িত থকাৰো সন্দেহ কৰা হৈছে৷ ইয়াৰ উপৰি ব্যৱসায়িক প্ৰতিষ্ঠানত ডকাইতি কৰাকে ধৰি নানা অপৰাধজনক ঘটনা গুৱাহাটী মহানগৰীত নিতৌ সংঘটিত হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা অপৰাধ নিৰ্মূল কৰাৰ বাবে আৰক্ষী বিভাগক অধিক ক্ষমতা প্ৰদান কৰিছে যদিও মন্ত্ৰী-বিধায়ক, আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজ্গিজাই থকা ৰাজ্যৰ ৰাজধানী মহানগৰীখনত হত্যা-ধৰ্ষণ, লুণ্ঠন, চুৰি-ডকাইতিকে ধৰি নানা অপৰাধজনক ঘটনা নিতৌ বাঢ়িহে গৈছে৷
গুৱাহাটী মহানগৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে ৰাজ্যৰ বাহিৰৰ লোকৰ প্ৰব্ৰজন বৃদ্ধি পোৱাৰ ফলত গুৱাহাটী এতিয়া বিচিত্ৰ জনগাঁথনিৰ মহানগৰীৰূপে পৰিচিত হৈছে৷ কামৰ সন্ধানত মহানগৰীখনলৈ নিতৌ নতুন নতুন মুখৰ লোকৰ প্ৰব্ৰজন হোৱাত পদপথৰ ব্যৱসায়ী, ফেৰীৱালা, প্লাম্বাৰ, ইলেকট্ৰিচিয়ান, মিস্ত্ৰী আদিৰ সংখ্যা বাঢ়িছে৷ এনে লোকৰ বহুতে কম সময়তে অধিক উপাৰ্জন কৰাৰ আশাত অপৰাধজনিত ঘটনাৰ লগতো জড়িত হৈ পৰিছে৷ বৰ্ধিত জনসংখ্যাৰ সুযোগ গ্ৰহণ কৰি অপৰাধীয়ে নিৰ্বিঘ্নে অপৰাধ সংঘটিত কৰি গৈছে৷ আনকি বেংকৰ পৰা ধন লৈ অহা লোকক গুলীয়াই টকা লৈ উধাও হোৱাৰ ঘটনাও সঘনাই ঘটিছে৷ কাজেই মহানগৰী অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা যেন অপৰাধীৰ অপৰাধ কাৰ্য নিয়ন্ত্ৰণত চৰম বিফল হৈছে৷ এইবোৰৰ উপৰি মহানগৰীত অবাধে যৌন ব্যৱসায়, ড্ৰাগ্ছ আদিৰ ব্যৱসায় চলাই গুৱাহাটী মহানগৰীক এখন অপৰাধ মহানগৰীলৈ পৰ্যবসিত কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ড্ৰাগ্ছ ব্যৱসায়ৰ বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈ ড্ৰাগ্ছ ব্যৱসায়ীৰ লগতে অপৰাধীক গুলীয়াবলৈ আৰক্ষীক ক্ষমতা দিয়াৰ পাছতো এনে অপকৰ্ম হ্ৰাস পোৱা নাই৷ অপৰাধীয়ে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ বেহা চলাই আছে৷ শেহতীয়াকৈ মণিপুৰৰ পৰা এম্বুলেঞ্চেৰে অনা ১৪ কোটি টকা মূল্যৰ ড্ৰাগ্ছ অসমৰ আৰক্ষীয়ে জব্দ কৰা ঘটনাই এই কথা প্ৰমাণ কৰিছে অপৰাধীয়ে এনে দ্ৰব্যৰ বেহাৰ বাবে নতুন নতুন কৌশল গ্ৰহণ কৰিছে৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত যাতে অপৰাধ সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে চোকা নজৰ ৰাখিব লাগিব৷
শেহতীয়াকৈ মহানগৰীৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে অসম চৰকাৰে আৰক্ষী বিভাগত কিছু সাল-সলনি কৰিছে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাক গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ লগতে সুৰজিৎ সিং পানেছাৰক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূবমণ্ডলৰ ডিচিপিৰূপে নিযুক্তি দিছে৷ এই দুই বিষয়াৰ সুদক্ষ নেতৃত্বত মহানগৰীৰ অপৰাধ যদিহে নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, তেন্তে গুৱাহাটীত ধন-জনৰ নিৰাপত্তা নোহোৱা হ’ব৷ গুৱাহাটীৰ আৰক্ষী বিভাগে মহানগৰবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিঘৰত কিমান লোক থাকে তাৰ তথ্য মাহে মাহে লোৱাৰ ব্যৱস্থা কৰাৰ উপৰি হোটেল,পেয়িং গেষ্ট আদিত থকা লোকৰো প্ৰতিদিনে সম্পূৰ্ণ তথ্য লোৱা দৰকাৰ৷ মহানগৰীত বাস কৰা লোকসকলৰ কোনে কি কাম কৰে, তাৰ সবিশেষ আৰক্ষী বিভাগৰ হাতত থাকিলে গুৱাহাটীৰ অপৰাধ নিয়ন্ত্ৰণত সহায়ক হ’ব৷ ইয়াৰ উপৰি আৰক্ষীৰ চোৰাংচোৱা বিভাগ অধিক সক্ৰিয় হ’ব লাগিব৷ জীয়াই থকাৰ তাড়নাত উপাৰ্জনৰ আন কোনো পথ নোপোৱা লোকে অপৰাধমূলক কাম-কাজকে যাতে বাছি লৈ নিজৰ জীৱন বিষময় কৰাৰ লগতে সমাজ জীৱনৰো হানি কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী-প্ৰশাসনৰ লগতে জনসাধাৰণো সজাগ হ’ব লাগিব৷






