Logo
image

কোন হ’ব তৃতীয়বাৰলৈ বিশ্ব চেম্পিয়ন

প্ৰথমবাৰৰ বাবে মৰুৰ দেশত অনুষ্ঠিত এইবাৰৰ বিশ্বকাপ ফুটবলক অঘটনৰ বিশ্বকাপ আখ্য দিয়া হৈছে৷ কিয়নো, আৰম্ভণিৰ পৰাই টুৰ্নামেণ্টখনত দেখা গৈছিল কেইবাটাও বৃহৎ অঘটন৷ তাৰ মাজতে অৱশ্যে কেইবাজনো ফুটবল বিশেষজ্ঞই মন্তব্য কৰিছিল যে যোৱাবাৰৰ চেম্পিয়ন ফ্ৰান্সে এইবাৰো ফাইনেল খেলাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সেয়াই সত্য হ’ল৷ দেওবাৰে লুছাইল আইক’নিক ষ্টেডিয়ামত খিতাপৰ বাবে যুঁজ দিব ফ্ৰান্স আৰু আৰ্জেণ্টিনাই৷ দুয়োটা দলেই ইতিমধ্যে দুবাৰকৈ বিশ্বকাপ জয় কৰিছে৷ এইবাৰ আৰ্জেণ্টিনাই যোৱাবাৰৰ ৰানাৰ-আপ ক্ৰ’ৱেচিয়া আৰু ফ্ৰান্সে মৰক্কোক হৰুৱাই ফাইনেলত উপনীত হৈছে৷ বিশ্বকাপ আৰম্ভণিৰ পূৰ্বে ফ্ৰান্স শিবিৰলৈ আহিছিল এটা দুঃসংবাদ৷ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰা খেলুৱৈৰ তালিকাত সংযোজিত হৈছিল তাৰকা খেলুৱৈ কৰিম বেঞ্জেমাৰ নাম৷ চিকিৎসকৰ মতে, তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ প্ৰয়োজন হ’ব কমেও তিনি সপ্তাহ৷ তেনে স্থিতিত প্ৰশিক্ষক ডিডিয়াৰ ডেচাম্পছেও দলটোৰ আক্ৰমণ বিভাগক লৈ নতুনকৈ ভাবিবলগীয়া হৈছিল৷ বেঞ্জেমা বিশ্বকাপৰ পৰা বাহিৰ হৈ যোৱাৰ পাছতো দলত তেওঁৰ বিকল্প খেলুৱৈ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল৷ আশা কৰা হৈছিল তেওঁ সুস্থ হৈ দললৈ উভতিব পাৰিব৷ কিন্তু বেঞ্জেমা দললৈ উভতি অহাটো সম্ভৱ নহ’ল৷ তেওঁৰ অনুপস্থিতি সত্ত্বেও কিলিয়ান এমবেপেৰ দলটোৱে অনুৰাগীক নিৰাশ নকৰিলে৷ দলটোৰ লক্ষ্য এতিয়া ক্ৰমাগত দ্বিতীয়টো বিশ্বকাপৰ খিতাপ৷ আনহাতে, ফাইনেলত ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাই আৰম্ভণিতেই উজুটি খাবলগীয়া হৈছিল৷ গ্ৰুপৰ প্ৰথমখন খেলতে লিঅ’নেল মেছিৰ দলটো অপ্ৰত্যাশিতভাৱে পৰাস্ত হৈছিল ছৌদি আৰবৰ হাতত৷ সেই পৰাজয়ৰ পৰা শিক্ষা লৈ প্ৰশিক্ষক লিঅ’নেল স্কালোনিয়ে পৰৱৰ্তী প্ৰত্যাহ্বানৰ বাবে দলটোক বিশেষভাৱে প্ৰস্তুত কৰিছিল আৰু এই কৌশলত তেওঁ সফলো হৈছিল৷ প্ৰথমখন খেলত পৰাস্ত হোৱাৰ পাছত একেৰাহে গ্ৰুপৰ পৰা ছেমিফাইনেল পৰ্যন্ত আৰ্জেণ্টিনা ইতিমধ্যে পাঁচখন খেলত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে৷ দেওবাৰৰ ফাইনেলখন সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিৰ বাবেও হ’ব যথেষ্ট গুৰুত্বপূৰ্ণ৷ কেৰিয়াৰৰ অন্তিমখন বিশ্বকাপত অৱতীৰ্ণ হোৱা বুলি ইতিমধ্যে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ সেয়েহে অন্তিম বিশ্বকাপ স্মৰণীয় কৰি ৰখাৰ লক্ষ্য তেওঁৰ৷ দেওবাৰৰ ফাইনেলখন হ’ব মেছি আৰু এমবেপেৰ৷ দুয়োজনেই এইবাৰৰ বিশ্বকাপত কৰিছে পাঁচটাকৈ গ’ল আৰু ‘গ’ল্ডেন বুট’ৰ প্ৰতিদ্বন্দ্বিতাত যুঁজ হ’ব তেওঁলোকৰ মাজত৷
আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত হ’বলগীয়া খিতাপৰ যুঁজখনক লৈ দেশ দুখনৰ ফুটবলপ্ৰেমীৰ মাজত জল্পনা-কল্পনা চলি থকাৰ সময়ত এটা বিষয়ে আৰ্জেণ্টিনাৰ সমৰ্থকক মন বেয়া কৰিব পাৰে৷ সেয়া হৈছে পৰিসংখ্যা৷ অন্তিমবাৰ বিশ্বকাপত দেশ দুখনৰ মুখামুখি হৈছিল ২০১৮ চনত৷ ৰাছিয়াত অনুষ্ঠিত সেইবাৰৰ বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হৈছিল আৰ্জেণ্টিনা৷ অৱশ্যে, এনেধৰণৰ প্ৰতিযোগিতাত বহু সময়ত পৰিসংখ্যাই বিশেষ গুৰুত্ব নাপায়৷ ছৌদি আৰবৰ হাতত পৰাস্ত হোৱাৰ পাছত আৰ্জেণ্টিনাই উপহাৰ দিছে সুন্দৰ ফুটবল, যিটো শৈলীৰ বাবে দেশখনৰ বিশেষ পৰিচয় আছে৷ এই প্ৰদৰ্শন ধৰি ৰাখিব পাৰিলে ফ্ৰান্সৰ পথ ৰুদ্ধ কৰাটো আৰ্জেণ্টিনাৰ বাবে অসম্ভৱ নহ’ব৷ আনহাতে, পুনৰ ট্ৰফী নিজৰ দখলত ৰখাৰ বাবে সম্পূৰ্ণ সাজু হৈছে ফ্ৰান্স৷ স্পেইন আৰু পৰ্তুগালৰ দৰে হেভীৱেইটক হৰুৱাই চমক দেখুওৱা মৰক্কোক হৰুৱাই দলটোৱে প্ৰমাণ কৰিছে যে যিকোনো প্ৰত্যাহ্বানৰ বাবে তেওঁলোক সাজু আছে৷ দেওবাৰে লুছাইল ষ্টেডিয়ামত যিটো দলৰে জয় নহওক কিয়, এইবাৰৰ বিশ্বকাপ দীৰ্ঘদিনলৈ ফুটবলপ্ৰেমীৰ মনত ৰ’ব৷ জাৰ্মানী, ব্ৰাজিল, স্পেইনৰ দৰে দলৰ ছন্দপতন আৰু এছীয় শক্তিৰ উত্থানে বিশেষত্ব প্ৰদান কৰিব কাতাৰ বিশ্বকাপক৷