অমিতা খোৱাৰ পাছত এইবোৰ খালে হ’ব পাৰে গুৰুতৰ সমস্যা
অমিতা যে স্বাস্থ্যৰ বাবে উপকাৰী, সেয়া সকলোৱে জানে৷ ইয়াত বিভিন্ন ধৰণৰ ভিটামিন, প্ৰ’টিন, ফাইবাৰ আৰু কাৰ্ব’হাইড্ৰেট থাকে৷ অমিতাক বহু ৰোগৰ মহৌষধ বুলিও কোৱা হয়৷ যাৰ বাবে পুষ্টি বিশেষজ্ঞসকলে দৈনিক খাদ্য তালিকাত অমিতা ৰাখিবলৈ পৰামৰ্শ দিয়ে৷
পিছে কিছুমানৰ বাবে অমিতা উপকাৰী নহয়৷ তেনে লোকে অমিতা খালে হিতে বিপৰীত হ’ব পাৰে৷ যেনে গৰ্ভৱতী মহিলাই অমিতা খালে গৰ্ভপাত হোৱাৰ আশংকা বাঢ়ে৷ একেদৰে কিছুমান খাদ্য আছে যিবোৰ অমিতা খোৱাৰ পাছত খাবলৈ চিকিৎসকে বাধা দিয়ে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্য অমিতা খোৱাৰ পাছত খোৱা অনুচিত–
১] অমিতা আৰু দৈ একেলগে খালে বদহজম, বমিভাৱসহ বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ সেয়ে খোৱাৰ অন্ততঃ চাৰি ঘণ্টা পাছতহে দৈ খাব পাৰে৷
২] অমিতাৰ সৈতে ভূলতো নেমু নাখাব৷ এই দুবিধ ফল একেলগে খালে, শৰীৰিত হিমগ্ল’বিনৰ মাত্ৰা কমি যাব পাৰে৷ আনকি পেটৰ সমস্যায়ো দেখা দিব পাৰে৷ বহুতে পকা অমিতাৰ ওপৰত নেমুৰ ৰস ছটিয়াই খায়৷ এই অভ্যাস অতি বিপজ্জনক৷
৩] অমিতাৰ সৈতে বিলাহী কেতিয়াও নাখাব৷ এই দুবিধ ফল স্বাস্থ্যকৰ হ’লেও একেলগে খালে হিতে বিপৰীত হ’ব পাৰে৷ যিকোনো শাৰীৰিক সমস্যাৰ পৰা এৰাই চলিবলৈ অমিতা আৰু বিলাহী ভুলতো একেলগে নাখাব৷