Logo
image

চৰকাৰৰ দৃষ্টিত গুৰুত্ব হ্ৰাস পাইছে সাংসদ, বিধায়ক উন্নয়ন পুঁজিয়ে

সাংসদ, বিধায়কৰ নিজৰ নিজৰ সমষ্টিসমূহৰ বিকাশৰ বাবে নিৰ্ধাৰণ কৰা সাংসদ উন্নয়ন পুঁজি, বিধায়ক উন্নয়ন পুঁজিৰ যোগেদি নিজ এলেকাসমূহ বিকাশৰ বাবে এক সুযোগ লাভ কৰে৷ বিধায়কসকলে এই পুঁজিৰ বাবে বছৰি এক কোটি টকাকৈ আৰু সাংসদসকলে বছৰি পাঁচ কোটিকৈ টকা লাভ কৰে৷ ড॰ মনমোহন সিং নেতৃত্বাধীন কেন্দ্ৰত গঠন হোৱা কংগ্ৰেছ চৰকাৰৰ আমোলত এনৰেগ’ৰ দৰে এক বৃহৎ আঁচনিৰ যোগেদি গ্ৰামাঞ্চলৰ বিকাশৰ গতি বহু পৰিমাণে ত্বৰান্বিত হৈছিল৷ কংগ্ৰেছ চৰকাৰৰ দহ বছৰীয়া এই শাসনকালত আন বহু বৃহৎ আঁচনি, প্ৰকল্পৰ বাবে ৰাইজ বহু পৰিমাণে উপকৃত হৈছিল৷ কিন্তু এই আঁচনিসমূহৰ বাবে আবণ্টিত কোটি কোটি টকাৰ ব্যাপক লুণ্ঠন হোৱাৰ ফলত যি ধৰণে আশা কৰা হৈছিল সেই পৰিমাণে দেশৰ আৰ্থ-সামাজিক বিকাশৰ স্বৰূপটো পৰিলক্ষিত নহ’ল৷ উল্লেখ্য কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ পতনৰ পাছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি [এনডিএ] চৰকাৰেও পূৰ্বৰ চৰকাৰৰ পদাংক অনুসৰণ কৰি এমজি এনৰেগ’ৰ লগতে বহু আকৰ্ষণীয় নামেৰে নিজৰ ৰাজনৈতিক দৰ্শন প্ৰতিষ্ঠাৰ উদ্দেশ্যকো অগ্ৰাধিকাৰ দি এটাৰ পাছত এটাকৈ আঁচনি, প্ৰকল্প ঘোষণা কৰি আহিছে৷ লক্ষণীয়ভাৱে নিজ দলৰ বাবে এক প্ৰৱল ভোট বেংক তৈয়াৰ কৰাৰ লক্ষ্যৰে বিজেপি চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ বৰঞ্চ বহু বেছি টকা ব্যয় কৰিছে নতুন, নতুন আঁচনিৰ নামত৷ এতিয়া ১৮ বছৰীয়া ঊধবৰ্ৰ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আবাল বৃদ্ধ-বণিতা, যুৱক-যুৱতী, কৃষক-শ্ৰমিক সকলোকে হিতাধিকাৰী সজাই বহু আঁচনিৰ জালেৰে বান্ধি পেলোৱা হৈছে৷ এনেদৰে নগৰ-মহানগৰ উন্নয়ন, গ্ৰামোন্নয়ন, কৃষক-শ্ৰমিক উন্নয়ন, ছাত্ৰ-ছাত্ৰীৰ উন্নয়ন আদিৰ নামত বিভিন্ন আঁচনিৰ যোগেদি লক্ষ লক্ষ কোটি টকা ব্যয় কৰাৰ বিপৰীতে সাংসদ, বিধায়কৰ বাবে এলেকা উন্নয়ন পুঁজিৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বৰ তুলনাত গুৰুত্ব কমাই অনা পৰিলক্ষিত হৈছে৷ প্ৰণিধানযোগ্য যে ক’ভিড অতিমাৰীৰ বাবে দেশজুৰি সৃষ্টি হোৱা আৰ্থিক সংকটৰ দোহাই দি ২০২০-২১ চনত সাংসদ উন্নয়ন পুঁজিৰ ধন বাতিল কৰা হৈছিল৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে এই ধন পুনৰ মোকলাই দিয়া হৈছিল যদিও ২০২২-২৩ বৰ্ষৰ এটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সাংসদসকলে এই পৰ্যন্ত এলেকা উন্নয়ন পুঁজিৰ শিতানত কোনো ধন লাভ কৰা নাই৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সাংসদ উন্নয়ন পুঁজিৰ যোগেদি শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আদি বহু পৰিমাণে উপকৃত হয় যি আৰ্থ-সামাজিক বিকাশৰ গতিতো বিশেষ ইন্ধন যোগায়৷ যিহেতু বিভাগীয় অন্য আঁচনিসমূহ নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ আধাৰত নিৰ্দিষ্ট লক্ষ্য পূৰণৰ হকে চৰকাৰে ধন ব্যয় কৰে, সেয়েহে এনে আঁচনিসমূহে ঢুকি নোপোৱা সামাজিক কাম-কাজসমূহ সাংসদ-বিধায়ক উন্নয়ন পুঁজিৰ ব্যয়ৰ দ্বাৰা কিছু পৰিমাণে হ’লেও পূৰণ কৰিব পাৰি৷ এফালে চৰকাৰে সাংসদ উন্নয়ন পুঁজি, সময়মতে মোকলাই নিদিয়ে, আনফালে বহু সাংসদে তেওঁলোকৰ সমষ্টিৰ বাবে নিৰ্ধাৰিত পূৰ্বে মোকলাই দিয়া পুঁজি সময়মতে ব্যয় কৰি ব্যৱহাৰিক প্ৰমাণ-পত্ৰ নিদিয়ে৷ লোকসভাৰ লগতে ৰাজ্যসভাৰ বহু কেইজন অসমৰ সাংসদে সময়মতে পুঁজি ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে পিছৰ পুঁজি লাভ কৰাত ব্যৰ্থ হৈছে৷ অসমত শেহতীয়াকৈ বিকাশৰ পষেক কাৰ্যসূচীৰৰ অধীনত মুখ্যমন্ত্ৰীয়ে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰি থকাৰ সময়ত বিধায়ক উন্নয়ন পুঁজিৰ শিতানত বিগত ৯ মাহে ফুটাকড়িও মোকলাই দিয়া নাই৷ বিগত বিত্তীয় বৰ্ষত বিধায়ক উন্নয়ন পুঁজি শিতানত ধন হ্ৰাস কৰা, সময়মতে মোকলাই নিদিয়া আদিক লৈ সদনৰ মজিয়াত যথেষ্ট বিতৰ্ক হোৱাৰ পাছত পৰিপূৰক বাজেটৰ যোগেদি অতিৰিক্ত ধন মোকলাই দিয়া হৈছিল৷ কিন্তু এইবাৰ নিৰ্দিষ্ট পৰিমাণৰ পুঁজি বাজেটত নিশ্চিত কৰাৰ পাছতো ৰূপান্তৰ  আৰু উন্নয়ন বিভাগে ৯ মাহে পুঁজি মোকলাই নিদিয়াটোৱে ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰকৃত ফোপোলাস্বৰূপটোকে প্ৰতীয়মান কৰিছে৷ এহাতে মুখ্যমন্ত্ৰীয়ে মহিলা, বৃদ্ধ, ৰোগী আৰু আৰ্তজনক সুৰক্ষা দিয়াৰ লক্ষ্যৰে ১০.৫০ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্তিৰে ২৭ লাখ হিতাধিকাৰী সৃষ্টিৰ বাবে অগ্ৰসৰ হৈছে, ঠিক একে সময়তে বিধায়ক উন্নয়ন পুঁজিৰ ধন আবণ্টন বন্ধ ৰাখিছে, কলেজ-বিশ্ববিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তিৰ ধন ঘূৰাই দিয়া নাই বা বহু উন্নয়নমূলক অন্য আঁচনিলৈ ধন আবণ্টন কৰা নাই৷ কেৱল হিতাধিকাৰী কেন্দ্ৰিক চিন্তাক অগ্ৰাধিকাৰ দি ৰাজনৈতিক মুনাফা অৰ্জনত গুৰুত্ব দি থাকিলে অৰ্থনীতিয়ে ৰাজ্যৰ ঠন ধৰি উঠিব বুলি ভবাটো ভুল৷ বৰ্তমানেও নীতি আয়োগৰ দ্বাৰা দেশৰ ষষ্ঠ দুখীয়া ৰাজ্যখনক দেশৰ প্তখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰৰ অন্যতম বুলি প্ৰতিপন্ন কৰিবলৈ হ’লে পুঁজিৰ সৎ ব্যৱহাৰৰ লগতে প্ৰকৃত ক্ষেত্ৰখনত পৰিকল্পিতভাৱে ধন ব্যৱহাৰ কৰাটোহে অধিক গুৰুত্বপূৰ্ণ!