Logo
image

ডায়েবেটিছক বাধা দিয়ে এই ফলে

আমাৰ অসম বিশেষঃ বহুতৰে ধাৰণা মধুমেহত আক্ৰান্ত হ’লে ফলাহাৰ কৰিব নোৱাৰি৷ পিছে সেয়া সঁচা জানো? সঠিকভাৱে খোৱা-লোৱাৰ পদ্ধতি জানিলে ভয়ৰ কাৰণ নাথাকে৷ অৱশ্যে কেতবোৰ ফলমূলত ছুগাৰৰ মাত্ৰা বেছি থাকে৷ কিন্তু ইয়াৰ পাছতো চিকিৎসকে মধুমেহ ৰোগীক প্ৰতিদিনৰ খাদ্য তালিকাত ফলমূল ৰাখিবলৈ পৰামৰ্শ দিয়ে৷ প্ৰশ্ন হয়, কোনবোৰ ফল মধুমেহত আক্ৰান্তসকলৰ বাবে উপকাৰী–

[১] আপেলঃ ৰসাল, মিঠা, সুস্বাদু আপেল মধুমেহত আক্ৰান্ত লোকৰ বাবে সাংঘাতিক উপকাৰী৷ আপেলত থাকে উচ্ছ পৰিমাণৰ দ্ৰৱণীয় আঁহ৷ তদুপৰি আপেলত ভিটামিন ‘চি’ আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ এই কেইবিধ উপাদানে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে৷ তদুপৰি আপেলে যে অকল মধুমেহ নিয়ন্ত্ৰণত সহায় কৰে তেনে নহয়, আপেল খালে হৃদৰোগ আৰু কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা নাথাকে৷

[২] মধুৰিআমঃ মধুৰিআমত প্ৰচুৰ পৰিমাণে লাইক’পেন থাকে৷ যাৰ ফলত এইবিধ ফলে তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷

[৩] সুমথিৰাঃ শীতকালত বজাৰত সুমথিৰা উভৈনদী হয়৷ মধুমেহ ৰোগীৰ খাদ্য তালিকাত সুমথিৰা ৰখাটো জৰুৰী৷ ইয়াত থাকে প্ৰচুৰ পৰিমাণৰ শৰ্কৰা আৰু আঁহ৷ তদুপৰি ভিটামিন ‘চি’ আৰু মিনাৰেলযুক্ত হোৱাৰ বাবে সুমথিৰাই তেজত ছুগাৰৰ মাত্ৰা সঠিকভাৱে ৰাখে৷

[৪] বেৰীঃ বেৰী হৈছে এনে এবিধ ফল যিবিধ এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনেৰে ভৰপূৰ৷ বেৰীয়ে তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাৰ লগতে দেহত কৰ্মক্ষমতা বৃদ্ধি কৰে৷

[৫] কৰ্দৈঃ জণ্ডিচৰ বাবে কৰ্দৈ মহৌষধ৷ তদুপৰি টেঙা কৰ্দৈ মধুমেহত আক্ৰান্ত লোকৰ বাবে সাংঘাতিক উপকাৰী৷ কৰ্দৈত থাকে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’৷ যাৰ বাবে মধুমেহ নিয়ন্ত্ৰণত সহায় হয়৷