পাকঘৰৰ এইকেইটা উপাদান কেতিয়াও মুখত নলগাব
প্ৰায়ভাগ লোকেই ছালৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতন৷ ইয়াৰ বাবে বহুতেই দোকানৰ পৰা ক্ৰয় কৰা কেমিকেলযুক্ত প্ৰসাধন ব্যৱহাৰৰ সলনি পাকঘৰৰ উপাদানেৰে ছাল বা মুখৰ যতন লয়৷ এনে লোকৰ ধাৰণা যে পাকঘৰত সহজতে পোৱা এই উপাদানসমূহ ক্লিনজাৰ, স্ক্ৰাব, টনাৰ আদিতকৈ অধিক উৎকৃষ্ট আৰু ই ছালৰ ক্ষতি নকৰে৷ কিন্তু এই ধাৰণা ভুল৷ পাকঘৰত সহজতে পোৱা উপাদানসমূহ কেতিয়াও মুখমণ্ডলত নলগাব৷ কিয়নো ই হিতে বিপৰীত হ’ব পাৰে৷ উল্লেখ কৰা হ’ল পাকঘৰৰ কোনবোৰ উপাদান ছাল বা মুখত লগোৱাটো অনুচিত–
[১] নেমুঃ নেমুত প্ৰচুৰ এণ্টিঅক্সিডেণ্ট থকাৰ বাবে বহুতে পিগমেণ্টেচন সমস্যাৰ পৰা নিৰাময় আৰু ছালৰ উজ্জ্বলতা বঢ়োৱাৰ বাবে মুখমণ্ডলত নেমু ঘঁহে৷ নেমু অত্যন্ত এচিডিক, ফলত ই ছালৰ পি-এইচ ভাৰসাম্য ব্যাহত কৰে আৰু এলাৰ্জি, ছাল শুকান কৰাৰ লগতে খজুৱতিৰ সৃষ্টি কৰে৷ সেয়ে নেমু পোনে পোনে মুখণ্ডলত নঘঁহিব৷
[২] চেনিঃ ঘৰত কেতিয়াবা যদি ফেচ স্ক্ৰাব তৈয়াৰ কৰে, তেন্তে তাত চেনি কেতিয়াও নিদিব৷ কাৰণ চেনিৰ তীক্ষ্ণ প্ৰান্তসমূহে সংবেদনশীল মুখমণ্ডলৰ টিছুৰ ক্ষতি কৰে৷ তদুপৰি বগা চেনিৰ জৰিয়তে এক্সফ’লিয়েটিং কৰাৰ কাৰণে ছালত প্ৰদাহ, জ্বলা-পোৰা আৰু অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শালমনৰ সমস্যা থকা সকলেতো কেতিয়াও চেনি বা নিমখ ব্যৱহাৰ কৰিবই নালাগে৷
[৩] বেকিং ছডাঃ বহুতে বেকিং ছডাৰে মুখমণ্ডল পৰিষ্কাৰ কৰে৷ এনে কৰিলে ছালৰ তেলেতীয়া ভাৱ নাইকিয়া হয়৷ কিন্তু বেকিং ছডাই মুখমণ্ডলত সংক্ৰমণ আৰু শালমনৰ সমস্যা বঢ়ায়৷ তদুপৰি বেকিং ছডা মুখমণ্ডলত ব্যৱহাৰ কৰিলে স্বাস্থ্যকৰ বেক্টেৰিয়া আৰু এনজাইমৰ সূক্ষ্ম ভাৰসাম্যতা নষ্ট হয়৷
[৪] দালচেনিঃ ব্যঞ্জনৰ সোৱাদ আৰু সুগন্ধি বঢ়োৱাৰ ক্ষেত্ৰত দালচেনিক উৎকৃষ্ট মছলা হিচাপে ব্যৱহাৰ কৰা হয়৷ পিছে দালচেনি ভুলতো পোনে পোনে ছালত ব্যৱহাৰ নকৰিব৷ অৱশ্যে ছাল মসৃণ আৰু দাগমুক্ত কৰাৰ বাবে মৌ বা অলিভ অইলৰ সৈতে সামান্য পৰিমাণৰ দালচেনিৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে৷
[৫] খোৱাতেলঃ খোৱাতেল ছালত ব্যৱহাৰ কৰিলে ঘৰ্মগ্ৰন্থীসমূহ বন্ধ হৈ পৰে৷ ফলত শালমনৰ সমস্যা বাঢ়ে৷ তদুপৰি খোৱাতেল পৰিশোধন কৰাৰ ক্ষেত্ৰত কেমিকেল ব্যৱহাৰ কৰা হয়৷ সেয়ে ইয়াক মুখমণ্ডলত ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি হোৱাৰ আশংকা থাকে৷