Logo
image

‘দুৰ্ঘটনামুক্ত নৱবৰ্ষ’ৰ লক্ষ্য : প্ৰশাসনক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক : সমাগত নৱবৰ্ষ৷ নৱবৰ্ষ উদযাপনৰ সময়ত দুৰ্ঘটনামুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷ সোমবাৰে এক ভিডিঅ’ কনফাৰেন্সযোগে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ সৈতে পথ সুৰক্ষা আইন বলৱৎ, অৰুণোদয় ২.০ৰ অধীনত হিতাধিকাৰী নিৰ্বাচন, অমৃত সৰোবৰ প্ৰকল্প ৰূপায়ণ আৰু ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ওপৰত বিস্তৃত পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

পথ সুৰক্ষাৰ ক্ষেত্ৰত বাইক ষ্টাণ্ট, তীব্ৰ গতি পৰিহাৰ আৰু মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথত টহল তীব্ৰতৰ কৰি তোলাকে ধৰি পথ সুৰক্ষা ব্যৱস্থা বলৱৎ কৰাৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পথ দুৰ্ঘটনাৰ নিয়মীয়া পৰ্যালোচনাৰ লগতে নিয়মীয়াকৈ দুৰ্ঘটনা সংঘটিত হোৱা ঠাই চিনাক্ত কৰি এনে ঠাই জিলা পথ সুৰক্ষা সমিতিৰ দ্বাৰা পৰিদৰ্শন কৰি সংশোধনী ব্যৱস্থাৰ বাবে পদক্ষেপ লোৱাৰো পোষকতা কৰা হয়। 

লগতে বনভোজস্থলীত মদ্যপান কৰি আৰু দ্ৰুতগতিত গাড়ী চলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবকাৰী বিভাগে বনভোজস্থলীত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব লাগিব। লগতে ‘দুৰ্ঘটনামুক্ত নৱবৰ্ষ’ৰ লক্ষ্য বান্ধি ল'বলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হয়৷ নৱবৰ্ষত দুৰ্ঘটনা ন্যূনতম ২০% হ্ৰাস কৰাৰ লক্ষ্য বান্ধি ল'বলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।