Logo
image

বাইক ষ্টাণ্ট কৰি আটক ৫ যুৱক

ডিজিটেল সংবাদ, হাইলাকান্দি: প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আংগুষ্ঠ দেখুওৱা পাঁচ যুৱকক আটক কৰিলে আৰক্ষীয়ে৷ হাইলাকান্দিত ব্যস্ত ৰাজপথত বাইক ষ্টাণ্ট কৰি আটক হ'ল ৫ গৰাকী যুৱক।

দেওবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে আটক কৰে পাঁচ বাইকাৰ্ছক। ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰে যুৱককেইগৰাকীক। 

আৰক্ষীয়ে আটক কৰা যুৱককেইজন হ'ল ক্ৰমে- নুৰ আমিন লস্কৰ, আব্দুৰ ৰহমান লস্কৰ, ফকৰুল ইছলাম লস্কৰ, আব্দুল আজিজ আৰু ইকবাল হুচেইন মজুমদাৰ। যুৱককেইজনে ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ভিডিঅ'। যুৱককেইজনক আটকৰ পিছতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই বাইক ষ্টাণ্টৰ ফলত কেনেধৰণৰ অঘটন হ'ব পাৰে সেই বিষয়ে বিস্তাৰিত আলোচনা কৰে। পৰৱৰ্তী সময়ত যুৱককেইজনক বণ্ডত ঘৰত যাবলৈ দিয়া হয়।