Logo
image

পুৰণিগুদামত দলঙৰ তলত মৃতদেহ উদ্ধাৰ : মৰিয়াই মৰিয়াই হত্যাৰ সন্দেহ যুৱকক

ডিজিটেল সংবাদ, পুৰণিগুদাম : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰণিগুদামৰ সমীপৱৰ্তী ভৰাগুৰি দলঙৰ তলত সোমবাৰে পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভৰাগুৰি পকী দলঙৰ তলত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। মৃত লোকজনৰ নাম পংকজ বিশ্বাস বুলি জানিব পৰা গৈছে৷

স্থানীয় লোকে প্ৰত্যক্ষ কৰা অনুসৰি মুখত আঘাতৰ চিন থকা মৃতদেহটোৰ ওপৰত আছিল এটা গধুৰ শিল৷ স্থানীয় লোকে সন্দেহ কৰা অনুসৰি শিলটোৱে লোকজনক মৰিয়াই হত্যা কৰি মৃতদেহ দলঙত তলত পেলাই থৈ যায়। যোৱাকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা ভৰাগুৰি চিলঠিয়া গাঁৱৰ পংকজ বিশ্বাস নামৰ লোকজনৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱাত স্থানীয় লোকৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।