Logo
image

অসমত উদ্ধাৰ হোৱা উল্কাপিণ্ডই উদ্‌ঘাটন কৰিব পৃথিৱীৰ ৰহস্য

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ:  অসমৰ গোলাঘাট জিলাৰ কমাৰগাঁৱত সাত বছৰৰ পূৰ্বে উদ্ধাৰ হোৱা এটা উল্কাপিণ্ডৰ জৰিয়তে পৃথিৱীৰ বয়স আৰু জীৱ  সৃষ্টিৰ ৰহস্য উদ্ধাৰ কৰিব পৰা হ’ব বুলি বিজ্ঞানীয়ে দাবী কৰিছে৷ খড়গপুৰ আই আইটিৰ বিজ্ঞানীয়ে উল্কাপিণ্ডৰ এই শিলাখণ্ড বিগত সাতবছৰ ধৰি অধ্যয়ন কৰে আৰু শিলাখণ্ডটোৰ ভিতৰত থকা বায়ুকোষৰ জৰিয়তে পৃথিৱীৰ বয়স নিৰ্ণয় কৰিব পৰা যাব বুলি মন্তব্য কৰিছে৷ অসমৰ গোলাঘাট জিলাৰ কমাৰ গাঁৱত সাতবছৰ পূৰ্বে মহাকাশৰ পৰা পতিত হোৱা এই উল্কাপিণ্ডটো খড়গপুৰ আই আই টিৰ ভূতত্ত্ব আৰু ভূবিজ্ঞান বিভাগৰ বিজ্ঞানীৰ লগতে জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয় তথা আহমেদাবাদৰ ফিজিকেল ৰিছাৰ্ছ লেবৰেটৰীৰ বিজ্ঞানীয়েও পৰীক্ষা কৰে আৰু সেই সন্দৰ্ভত দীৰ্ঘদিন গৱেষণা কৰে৷ এই গৱেষণাৰ জৰিয়তে লাভ কৰা ফলাফল ‘জিঅ’ফিজিকেল ৰিছাৰ্ছ প্লেনেট’ নামৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্ণালত প্ৰকাশ কৰা হৈছে৷ উক্ত জাৰ্ণালত প্ৰকাশিত গৱেষণা পত্ৰত দাবী কৰা হৈছে ‘কমাৰগাঁও উল্কাপিণ্ড’ হিচাপে নামাকৰণ কৰা  এই শিলাখণ্ডটো সচৰাচৰ মহাকাশৰ পৰা আহি পৰা শিলাখণ্ডৰ দৰে নহয়৷ এই শিলাখণ্ডটোৰ মূল উল্কাৰ পৰিধিৰ আকাৰ ৬.৪ কিলোমিটাৰ আছিল৷  আন এটা উল্কাৰ সৈতে বা গ্ৰহানুৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত তাৰ এটা অংশ ভাগি আহি পৃথিৱীত পৰেহি৷ গোলাঘাটৰ কমাৰগাঁৱত পৰাৰ বাবে বিজ্ঞানীয়ে এই উল্কাপিণ্ডৰ শিলাখণ্ডটোৰ নাম ‘কমাৰগাঁও উল্কাপিণ্ড’ ৰাখিছে৷ এই উল্কাপিণ্ডটোৰ অৱস্থিতি আছিল মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত৷ অধ্যয়নৰ জৰিয়তে উল্কাপিণ্ডটোৰ ভিতৰত বায়ুকোষ বা বুদবুদৰ সন্ধান পোৱাৰ পাছতে ইয়াৰ প্ৰতি বিজ্ঞানীৰ আকৰ্ষণ বাঢ়ি যায়৷ দীৰ্ঘ সাত বছৰ অধ্যয়নৰ অন্তত বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে এই বুদবুদ বা বায়ুকোষৰ জৰিয়তে একেলগে কেইবাটাও বিষয় নিৰ্ণয় কৰিব পৰা যাব৷ তাৰ ভিতৰত পৃথিৱীৰ বয়স কিমান আৰু পৃথিৱীৰ সৃষ্টি কেনেকৈ হৈছিল তাৰ সন্ধান উলিয়াব পৰা যাব৷ তদুপৰি পৃথিৱীত জীৱৰ সৃষ্টিৰ সন্ধান এই শিলাখণ্ডটোৰ গভীৰ অধ্যয়নৰ জৰিয়তে জানিব পৰা যাব বুলি গৱেষণাপত্ৰত কোৱা হৈছে৷ জাপান আৰু ভাৰতৰ বিজ্ঞানীয়ে যুটীয়াভাৱে কৰা গৱেষণাত ইতিমধ্যে পৃথিৱী সৃষ্টিৰ ৰহস্য, পৃথিৱীৰ বয়স আৰু জীৱ সৃষ্টিৰ ৰহস্য সন্দৰ্ভত যথেষ্ট তথ্য আহৰণ কৰা হৈছে৷ সেই তথ্যৰ প্ৰাথমিক ধাৰণা গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে৷ তদুপৰি শিলাখণ্ডটোৰ বিষয়ে অধিক গৱেষণাৰ থল থকা বুলিও কোৱা হৈছে৷ এই উল্কাপিণ্ড অধ্যয়ন কৰা বিজ্ঞানীসকল সামগ্ৰিকভাৱে নিশ্চিত যে বিস্তৃত অধ্যয়নৰ জৰিয়তে কমাৰগাঁও উল্কাপিণ্ডই বিশ্ববাসীক বহু অজানা আৰু অনাবিষ্কৃত তথ্য যোগান ধৰিব৷