Logo
image

অতুলনীয়!

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ:  কথাই কামে, দেখাই শুনাই, খোজে কাটলে যেন অতুলনীয় দিছপুৰৰ বিধায়ক অতুল বৰা৷ শেহতীয়াভাৱে তেওঁ কেতবোৰ বক্তব্যৰেও নিজক অতুলনীয় ৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷ সোমবাৰে তেওঁ এখন সংবাদমেল আয়োজন কৰি তেওঁ কয়–মোৰ ল’ৰাই নিৰ্বাচনত জয়ী হ’লে ১০০ শতাংশ সমষ্টিৰ উন্নয়ন কৰিব পাৰিব৷ কিয়নো তেতিয়া মই তাৰ বেকত থাকিম৷  কিন্তু তেওঁ টিকট নাপায়৷ বিজেপিৰ পৰা যদি টিকট পায় তাক নিৰ্বাচন খেলিবলৈ দিম৷ কিন্তু আগতে দলৰ সদস্য হ’বলৈ নিদিও৷ টিকট পালেহে তাক দলৰ সদস্য হ’বলৈ দিম৷ কিন্তু মই টিকটক লৈ মূৰ নঘমাও৷ পূৰ্বেও মই টিকটক লৈ মূৰ ঘমোৱা নাই৷ টিকট বিচাৰি কাৰো দুৱাৰে দুৱাৰে মই ঘূৰি ফুৰা নাই৷ মোৰ ল’ৰাক অসমত নিৰ্বাচন খেলাতকৈ আমেৰিকাত নিৰ্বাচন খেলিবলৈ পৰামৰ্শ দিছো৷ মই মন্ত্ৰিত্বৰ পৰা কেতিয়াবাই পদত্যাগ কৰিলো৷ সেইবাবে মন্ত্ৰিত্ব পোৱা-নোপোৱাক লৈ মূৰ ঘমাবলগীয়া একো নাই৷ ইফালে সমষ্টি উন্নয়ন পুজি নোপোৱাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়কজনে৷ তেওঁ কয়–সমষ্টি উন্নয়ন পুঁজি নাপালে অসুবিধা হ’বই৷ মোৰতো বেছি অসুবিধা হ’ব৷ কাৰণ মোৰ সমষ্টি ডাঙৰ৷ ময়ো পুঁজি পোৱা নাই৷ মানুহে সুধিলে বাতৰি কাকত পঢ়ি বুজিব দিওঁ পুঁজিৰ সমস্যাৰ বিষয়ে৷ মোৰ ল’ৰাই নিৰ্বাচন খেলিব বিচাৰিছিল কিন্তু মই মানা কৰিলোঁ৷ মোৰ ল’ৰাই নিৰ্বাচনত জয়ী হ’লে ১০০শতাংশ সমষ্টিৰ উন্নয়ন কৰিব পাৰিব৷ কিন্তু মই তাৰ বেকত থাকিম৷ এইবাৰ নিৰ্বাচনত যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি চলা চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া-  অতুল বৰাৰ ওচৰত কোনো যুৱক নাই৷ আগৰবাৰ দিশপুৰৰ পৰা মিঠাই লৈ আদৰিব যোৱা সকলৰ কি হ’ল? যোৱাবাৰ মোৰ বয়স ষড়যন্ত্ৰ কৰি বঢ়াইও দিছিল৷ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–মোৰ সমষ্টিৰ অসুবিধা একো নাই৷ য’ত টিকট পাওঁ তাতেই খেলিব পাৰিম৷ সমষ্টিৰ অভাৱ নাই মোৰ৷ তেওঁ আৰু কয়– ‘আমাৰ কৃষকে বজাৰ আৰু উৎপাদিত শস্যৰ উচিত মূল্য নাপায়৷ কৃষক সকলে এখন বজাৰ যাতে পাব পাৰে তাৰবাবে এই মেলাৰ আয়োজন কৰা হৈছিল৷  ইয়াত বায়াৰ্চ আৰু চেলাৰ্ছ মিট আয়োজন কৰা হৈছে৷ উন্নত কৃষি যন্ত্ৰপাতিৰ কেইবাখনো বিপনীয়ে অংশ গ্ৰহণ কৰিছে৷ ৪০ খনতকৈ অধিক নাৰ্ছাৰিয়ে অংশ লৈছে৷  কৃষক সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ কৃষকক উৎসাহিত কৰিবৰ বাবে বঁটা প্ৰদান কৰা হৈছে৷  কৃষক সকলে যাতে সমাজত প্ৰথম শ্ৰেণীৰ মৰ্যাদা লাভ কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ৷ কৃষিক বৃত্তি হিচাপে লৈ যাতে শিক্ষিত যুৱক যুৱতী সকলে আত্মনিৰ্ভৰশীল হ’ব পাৰে তাৰবাবে এই পদক্ষেপ৷ অসম চৰকাৰৰ আঁচনি সমূহৰ যাতে সফল ৰূপায়ণ হয় তাৰে বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ পৰা অসমৰ কৃষক উপকৃত হ’ব৷ আমি এতিয়া এম্বুলেন্স ক্ৰয়ৰ ব্যৱস্থা কৰিছোঁ৷ ১৫০তকৈও অধিক এম্বুলেন্স ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে৷