Logo
image

উফিৰ সমস্যাক লৈ চিন্তিত? নিতৌ এই তেল ব্যৱহাৰ কৰক

 উফিৰ সমস্যা থাকিলে চুলি সৰাকে ধৰি স্কাল্পত খজুৱতিকে ধৰি চুলি ৰুক্ষ আৰু শুকান হৈ পৰে৷ উফিৰ প্ৰভাৱ ছালৰ ওপৰতো পৰে৷ বজাৰত বিভিন্ন ধৰণৰ এণ্টি ডেনড্ৰাফ ছেম্পু পোৱা যায় যদিও সেইবোৰৰ পৰা বিশেষ ফল পোৱা নাযায়৷ কিন্তু কেতবোৰ ঘৰুৱা উপাদান আছে, যিবোৰে উফিৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ ঘৰুৱা উপাদান ব্যৱহাৰ কৰিলে উফিৰ সমস্যাৰ পৰা সকাহ পাব পৰা যায়–

[১] কেষ্টৰ অইল আৰু টি-ট্ৰি অইল উফি আঁতৰোৱাৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী৷ তদুপৰি এল’ভেৰা জেলেও স্কাল্পৰ খজুৱতি কমায়৷ ডেৰ চামুচ কেষ্টৰ অইল আৰু তিনি চামুচ এল’ভেৰা জেলৰ সৈতে দুই বা তিনি টোপাল টি-ট্ৰি অইল মিহলাই স্কাল্পত লগাওক৷ প্ৰায় ৪৫ মিনিটমান সময় শ্বাৱাৰ কেপেৰে মূৰ ঢাকি ৰাখক৷ ইয়াৰ পাছত চুলিখিনি ছেম্পু কৰক৷ সপ্তাহত তিনিদিন এই পদ্ধতি প্ৰয়োগ কৰিলে দেখিব লাহে লাহে উফি নাইকিয়া হ’বলৈ ধৰিছে৷

[২] ভিটামিন-ই যুক্ত আমণ্ড অইলেও উফি নাইকিয়া কৰে৷ তদুপৰি উফিৰ পৰা হাত সাৰিবলৈ ৰোজমেৰী অইলো ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে এচামুচ কেষ্টৰ অইলৰ সৈতে এচামুচ আমণ্ড অইল মিহলাই গৰম কৰক৷ ইয়াৰ পাছত তাত সামান্য পৰিমাণৰ ৰোজমেৰী অইল মিহলাওক৷ মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পাছত চুলি আৰু স্কাল্পত লগাই ওৰেনিশা ৰাখক৷ পিছদিনা ছেম্পু কৰক৷ সপ্তাহত অন্ততঃ তিনিদিন এই পদ্ধতি প্ৰয়োগ কৰক৷

[৩] আদাৰ ৰস ব্যৱহাৰ কৰিও উফিৰ সমস্যাৰ পৰা সকাহ পাব পৰা যায়৷ ইয়াৰ বাবে দুচামুচ কেষ্টৰ অইলৰ সৈতে দুচামুচ আদাৰ ৰস মিহলাই লওক৷ সেই মিশ্ৰণ ৩০ মিনিট সময় মূৰত ভালদৰে লগাই ৰাখক৷ পাছত ছেম্পু কৰক৷ এই পদ্ধতিৰেও উফিৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়৷

[৪] নাৰিকল তেলৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে৷ এই তেলে উফিৰ সমস্যা আঁতৰোৱাৰ লগতে চুলিৰ পুষ্টি বৃদ্ধি কৰে৷ প্ৰ’টিন সমৃদ্ধ কণীয়েও চুলিত পুষ্টি যোগান ধৰে আৰু চুলি কোমল তথা উজ্জ্বল কৰে৷ এই পদ্ধতিৰ বাবে এচামুচ কেষ্টৰ অইলৰ সৈতে এচামুচ নাৰিকল তেল আৰু এটা কণী ভাঙি লৈ ভালদৰে মিহলাই লওক৷ মিশ্ৰণখিনি আধাঘণ্টা সময় চুলি আৰু স্কাল্পত ভালদৰে লগাওক৷ পাছত ছেম্পু কৰক৷ সপ্তাহত অন্ততঃ এবাৰ এই পদ্ধতি প্ৰয়োগ কৰিলে উফি নাইকিয়া হয়৷