Logo
image

বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ ফাইনেল

দক্ষিণ আমেৰিকাৰ শৈল্পিক ফুটবলৰ চমক দেখুৱাই সুদীৰ্ঘ ৩৬ বছৰৰ পাছত ফুটবলৰ বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰিলে আৰ্জেণ্টিনাই৷ কিন্তু টুৰ্নামেণ্টত নিজৰ প্ৰথমখন খেলতে অপ্ৰত্যাশিতভাৱে ছৌদি আৰবৰ হাতত পৰাস্ত হোৱাৰ পাছত দলটোৰ অগ্ৰগতিক লৈ বহুতেই সন্দিহান হৈ পৰিছিল৷ সেই পৰাজয়ৰ পৰা শিক্ষা লৈ প্ৰশিক্ষক লিঅ’নেল স্কালোনিয়ে পৰৱৰ্তী প্ৰত্যাহ্বানৰ বাবে দলটোক বিশেষভাৱে প্ৰস্তুত কৰিছিল আৰু শেষপৰ্যন্ত অপৰাজিত হৈ ৰ’ল দলটো৷ আৰ্জেণ্টিনাই অন্তিমবাৰ বিশ্বকাপ জয় কৰিছিল ১৯৮৬ চনত৷ আৰ্জেণ্টিনাৰ এই জয়ে দক্ষিণ আমেৰিকাৰ ফুটবললৈও উৎসাহৰ বতৰা কঢ়িয়াইছে৷ ২০০২ চনৰ বিশ্বকাপৰ পাছত প্ৰথমবাৰ দক্ষিণ আমেৰিকাৰ দল এটাই দখল কৰিছে বিশ্ব চেম্পিয়নৰ সন্মান৷ জাপান আৰু কোৰিয়াৰ যৌথ উদ্যোগত অনুষ্ঠিত ২০০২ চনৰ বিশ্বকাপত ব্ৰাজিলে জাৰ্মানীক হৰুৱাই বিশ্বকাপ জয় কৰাৰ পাছত ২০১৮ চনলৈ বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰিছিল ইউৰোপৰ দলে৷ কাতাৰৰ লুছাইল আইকনিক ষ্টেডিয়ামত আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত ফাইনেলখন নিঃসন্দেহে বিশ্বকাপ ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ফাইনেল বুলি ক’লেও হয়তো ভুল কৰা নহ’ব৷ আৰ্জেণ্টিনাৰ এই জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল প্লে-মেকাৰ লিঅ’নেল মেছীয়ে৷ টুৰ্নামেণ্টখনত তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল কিয় তেওঁক দলটোৰ অপৰিহাৰ্য অংগ বুলি কোৱা হয়৷ স্নায়ুৰ চাপৰ মাজতো কেনেদৰে শীতল মস্তিষ্কৰে খেলিব লাগে, তাৰ উৎকৃষ্ট উদাহৰণ হৈছে মেছী৷  এই প্ৰদৰ্শনৰ বাবেই তেওঁ বিবেচিত হয় টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ৷ কাতাৰ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সেও খেলিছিল দুৰ্দান্ত খেল৷ খেলৰ প্ৰায় ৮০ মিনিট ফ্ৰান্স আছিল তেনেই নিষ্প্ৰভ৷ কিন্তু টুৰ্নামেণ্টৰ সৰ্বাধিক গ’লদাতা কিলিয়ান এমবাপেৰ দলটোৱে অন্তিম সময়ত যি খেল দেখুৱাইছিল, সিয়েই ফাইনেলখনক কৰি তুলিছিল অসাধাৰণ৷ ১৯৩০ চনৰ পৰা আৰম্ভ হোৱা বিশ্বকাপ ফুটবলত এতিয়ালৈকে দক্ষিণ আমেৰিকাৰ দেশ হিচাপে কেৱল উৰুগুৱে, ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰহে বিশ্বকাপ জয় কৰাৰ সৌভাগ্য হৈছে৷ ব্ৰাজিলে সৰ্বাধিক পাঁচবাৰ বিশ্বকাপ জয় কৰাৰ বিপৰীতে আৰ্জেণ্টিনা আৰু উৰুগুৱেৰ সেই সৌভাগ্য হৈছে ক্ৰমে তিনি আৰু দুবাৰ৷ দীৰ্ঘ সময়ৰ পাছত আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাটো দক্ষিণ আমেৰিকাৰ বাবে প্ৰেৰণাৰ উৎস হ’ব পাৰে৷ মহাদেশখনৰ আন দেশকো আত্মবিশ্বাসী কৰিব৷

আৰ্জেণ্টিনাৰ এই উত্থানৰ বিপৰীতে বিশ্বকাপ ফুটবলৰ সফলতম দল ব্ৰাজিলে অভিযান সামৰিবলগীয়া হৈছিলকোৱাৰ্টাৰ ফাইনেলতে৷ দলটোৰ এই প্ৰদৰ্শনৰ পাছত নিজ দায়িত্বৰ পৰা অব্যাহতি লৈছে প্ৰশিক্ষক টিটেই৷ দেশখনৰ ফুটবল কনফেডাৰেশ্বনে এইবাৰ বিদেশী প্ৰশিক্ষক নিযুক্তিৰ কথা ভাবিছে৷ কাতাৰ বিশ্বকাপৰ পূৰ্বে কেইবাজনো ফুটবল বিশেষজ্ঞই লিখিছিল যে ইউৰোপৰ প্ৰশিক্ষকৰ ৰণকৌশলৰ সন্মুখত ভোটা হৈ পৰিব দক্ষিণ আমেৰিকাৰ দেশবোৰ৷ কিন্তু এইসকল বিশে¡ষকক যোগ্য প্ৰত্যুত্তৰ দিলে আৰ্জেণ্টিনাৰ লিঅ’নেল স্কালোনিয়ে৷ ফুটবল কেৰিয়াৰত স্কালোনিয়ে অধিক সময় অতিবাহিত কৰিছিল স্পেইনত৷ ২০১৮ চনত তেওঁ আৰ্জেণ্টিনাৰ প্ৰশিক্ষক নিযুক্ত হৈছিল৷ তেওঁৰ প্ৰশিক্ষণত আৰ্জেণ্টিনাই ২০২১ চনত কোপা আমেৰিকা কাপ জয় কৰিছিল৷ আনহাতে, তেওঁ দায়িত্ব লোৱাৰ পাছত আৰ্জেণ্টিনা ৫৬খন খেলৰ ৪১খনত জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছে কেৱল ছখন খেলত৷ স্কালোনিৰ পৰা ব্ৰাজিলৰো বহুখিনি শিকিবলগীয়া আছে৷ স্কালোনিয়ে প্ৰমাণ কৰিলে যে প্ৰশিক্ষকজন দেশী নে বিদেশী সেই বিষয়টো গুৰুত্বপূৰ্ণ নহয়৷ কাৰ কেনেকুৱা ৰণকৌশল সেইটোহে অধিক গুৰুত্বপূৰ্ণ৷ স্কালোনি বিদেশী প্ৰশিক্ষক নহয়৷ আৰ্জেণ্টিনাৰ প্ৰশিক্ষকৰ দায়িত্ব পোৱাৰ সময়ত অভিজ্ঞতাও তেওঁৰ বেছি নাছিল৷ কিন্তু কোন সময়ত কি কৌশল খটুৱাব লাগে, সেয়া তেওঁ জানিছিল আৰু এই গুণটোৱে তেওঁক সফলতাৰ দিশত আগুৱাই নিছিল৷ ব্ৰাজিলে নতুন প্ৰশিক্ষক নিযুক্তি দিয়া সময়ত এই দিশটোত গুৰুত্ব দিয়া উচিত৷

পৰৱৰ্তী বিশ্বকাপ কানাডা, মেক্সিকো আৰু আমেৰিকাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব৷ প্ৰতিযোগী দেশৰ সংখ্যাও ৪৮লৈ বৃদ্ধি পাব৷ নতুন নতুন কৌশলেৰে প্ৰস্তুতি চলাব বিভিন্ন দলে৷ হয়তো নতুন এটা দলেও বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰিব পাৰে৷ উদয় হ’ব পাৰে নতুন তাৰকাৰ৷ কিন্তু কাতাৰ বিশ্বকাপত আৰ্জেণ্টিনাই যি চমক দেখুৱালে, অথবা মেছী আৰু এমবাপেৰ অসাধাৰণ ফুটবল নৈপুণ্য ফুটবলপ্ৰেমীয়ে বহুদিনলৈ মনত ৰাখিব৷