Logo
image

ভাল টোপনিৰ বাবে এইকেইটা নিয়ম মানি চলক

সুস্বাস্থ্যৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ’ল ভাল টোপনি৷ অনিদ্ৰাৰ ফলত বিভিন্ন ধৰণৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ সেই বাবে প্ৰতিদিনেই কমেও আঠ ঘণ্টা সময় ভাল টোপনিৰ প্ৰয়োজন৷ বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত টোপনিৰ বাবেও সময় লাহে লাহে কমি আহিছে৷ নিশা বহু দেৰিলৈকে কৰ্ম ব্যস্ত হৈ থকা আৰু পুৱা সোনকালে উঠি কৰ্মৰত হৈ পৰাৰ ফলত স্বাভাৱিকতে  টোপনিৰ সময় হ্ৰাস পায়৷ টোপনি কম হোৱাৰ বাবে কেতিয়াবা স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হয়৷ মগজুৱে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ ভাল টোপনিৰ বাবে কেইটামান নিয়ম মানি চলা উচিত৷

◾ পৰিষ্কাৰ পৰিৱেশত শুব নালাগে৷ সুখ নিদ্ৰাৰ বাবে পৰিষ্কাৰ  পৰিচ্ছন্নতা অতি প্ৰয়োজন৷ শুৱা কোঠাটো সদায় চাফ-চিকুন কৰি ৰখাৰ উপৰি পৰিৱেশ স্বাস্থ্য সন্মত হ’ব লাগে৷

◾ নিদ্ৰাৰত লোকক হঠাৎ জগাই দিব নালাগে৷ গভীৰ নিদ্ৰাত থকা লোকক হঠাতে জগাই দিলে টোপনি আধৰুৱা হয়৷ যাৰ ফলত যিকোনো কৰ্মত মনোনিৱেশ কৰাত মগজুৱে সক্ৰিয়ভাৱে সহযোগিতা নকৰে৷ ফলত কৰ্মত বিভিন্ন বিসংগতিয়ে দেখা দিব পাৰে৷ 

◾ মাত্ৰাধিক শুৱাৰ পৰা বিৰত থাকক৷ প্ৰয়োজনতকৈ বেছি সময় শুলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এনে কৰাৰ ফলত স্বাভাৱিক সুখনিদ্ৰাত ব্যাঘাত জন্মায়৷ 

◾ সূৰ্যোদয়ৰ পূৰ্বে উঠাৰ অভ্যাস৷ সদায় সূৰ্যোদয়ৰ পূৰ্বেই বিছনা ত্যাগ কৰিব লাগে৷ এনে অভ্যাসে শৰীৰত ভাল প্ৰভাৱ পেলায়৷ 

◾ সাৰ পোৱাৰ পাছত বিছনাত পৰি থকাৰ অভ্যাস ত্যাগ কৰিব লাগে৷ কেতিয়াবা টোপনি পূৰ হোৱাৰ পাছতো এলাহ কৰি বিছনাত পৰি থকাটো বহুতৰে অভ্যাস৷ এনে কৰিলে পাছত টোপনিত ব্যাঘাত জন্মে৷

◾ সদায় নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰিব লাগে৷ একেদৰে পুৱা এটা নিৰ্দিষ্ট সময়ত উঠাৰ অভ্যাস কৰিলে টোপনিত কেতিয়াও ব্যাঘাত নজন্মে৷ নিৰ্দিষ্ট সময়ত নোশোৱাৰ ফলত কেতিয়াবা অনিদ্ৰাত ভূগিব লগাত পৰে৷ 

◾ ৰাতিৰ আহাৰ গ্ৰহণৰ ওপৰতো  ভালকৈ টোপনি অহাটো নিৰ্ভৰ কৰে৷ ৰাতি সদায় লঘূ আহাৰ গ্ৰহণ কৰিব লাগে৷ পৰা পক্ষত নিৰামিষ খাদ্যহে ৰাতি গ্ৰহণ কৰিব লাগে৷