পথ দুৰ্ঘটনা
জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা৷ যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে যাতায়াত আৰু পৰিবহণ সমস্যা আৰামদায়ক কৰাৰ উপৰি সময়ো ৰাহি কৰিছে৷ ফলত মানুহৰ জীৱন-ধাৰণৰ মান উন্নত হৈছে৷ যান-বাহনৰ সংখ্যা বৃদ্ধিৰ বাবে আনহাতে বাঢ়িছে পথ-দুৰ্ঘটনাৰ সংখ্যা৷ ঘৰৰ পৰা সুস্থ শৰীৰেৰে ওলাই যোৱা লোকজন সুস্থ শৰীৰেৰে পুনৰ ঘৰ পাবনে নাই সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷ ৰাজপথসমূহ ক্ৰমাৎ মৃত্যুদূতত পৰিণত হৈছে৷ পথত সংঘটিত দুৰ্ঘটনাই নিমিষতে কাৰোবাৰ জীৱনবন্তি নুমুৱাই পেলাইছে, নতুবা জীৱনটোকে ঘুণীয়া কৰিছে৷ সাধাৰণতে পথ দুৰ্ঘটনাত যিমান লোক নিহত হয়, সেইসকলৰ অধিকাংশই কৰ্মঠ লোক৷ তেনে লোকৰ মৃত্যুৱে পৰিয়াল একোটাক অৰ্থনৈতিকভাৱেও চিৰদিনৰ কাৰণে দুৰ্বল কৰি তোলে৷ তদুপৰি কৰ্মঠ লোকৰ অকাল মৃত্যুৰ ফলত দেশৰ আৰ্থিক বিকাশতো নেতিবাচক প্ৰভাৱ পৰে৷ ইয়াৰ উপৰি পথ দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসাৰ নামতো পৰিয়াল একোটা সৰ্বস্বান্ত হয় আৰু বহুজনে এনে দুৰ্ঘটনাৰ পাছত পংগুত্বক আঁকোৱালি ল’ব লগা হয়৷ অৱশ্যে পথ দুৰ্ঘটনাত যিমান লোকৰ মৃত্যু হয়, অধিকাংশই সময়মতে চিকিৎসা নোপোৱাৰ বাবেই মৃত্যুক আঁকোৱালি লয়৷
অসমত বিগত কেইটামান দিনত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনে দুৰ্ঘটনা হ্ৰাসৰ বাবে পৰিবহণ বিভাগ, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাইক ষ্টাণ্ট কৰা, তীব্ৰগতিৰে গাড়ী চলোৱা আৰু মদ্যপান কৰি গাড়ী চলোৱা চালকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী বিভাগ আৰু পৰিবহণ বিভাগক কঠোৰ নিৰ্দেশ দিছে৷ কিয়নো এনে যান-বাহনৰ চালকে নিজৰ জীৱনটো অকালতে ধবংস কৰাৰ লগতে আনৰ জীৱনো কাঢ়ি নিয়ে৷ ইয়াৰ লগতে যিসমূহ স্থানত অধিক দুৰ্ঘটনা হয়, সেইসমূহ স্থানত দুৰ্ঘটনা হোৱাৰ কাৰণ নিৰ্ধাৰণ কৰি ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে৷ বিপদসংকুল পথসমূহ অগ্ৰাধিকাৰ ভিত্তিত মেৰামতি কৰিবলৈও লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিছে ড॰ শৰ্মাই৷ সাধাৰণতে শীতকালত মানুহে বনভোজ খাবলৈ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে এই সময়ত বিয়া-বাৰুও অধিক হয়৷ শীতকালত যিহেতু পথ কুঁৱলীয়ে ঢাকি ৰাখে, সেয়ে নিশা শীতকালত দুৰ্ঘটনা অধিক হয়৷ সেয়ে নিজৰ লগতে আনৰ জীৱনো যাতে ৰক্ষা কৰিব পাৰে, তাৰ বাবে প্ৰতিজন চালকে নিশা সাৱধানে আৰু নিয়ন্ত্ৰিত গতিত মদ্যপান নকৰাকৈ যান-বাহন চলোৱা উচিত৷ মদ্যপান কৰা লোকৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে সমাজত মাৰপিট, কাজিয়া আৰু পথ-দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে৷ চৰকাৰে এহাতে মদ্যপান কৰা লোকক নিয়ন্ত্ৰণ কৰাৰ কথা কৈছে আৰু আনফালে ৰাজ্যত নতুন নতুন মদৰ বিপণী খুলিবলৈ অনুজ্ঞাপত্ৰ দিছে৷ মদৰ যোগান সুলভ হোৱাৰ ফলত সমাজৰ অধিকাংশ লোক মদ্যপায়ী হৈছে৷ চৰকাৰে নৱবৰ্ষত দুৰ্ঘটনা বিছ শতাংশ হ্ৰাসৰ লক্ষ্য লৈ বনভোজস্থলীত কোনেও যাতে মদ্যপান কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সংশ্লিষ্ট অঞ্চলৰ আৰক্ষী আৰু প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে যদিও এই নিৰ্দেশ কিমান কাৰ্যকৰী হয়, তাত সন্দেহ আছে৷ ইয়াৰ পৰিৱৰ্তে সুৰাৰ বিক্ৰী নিষিদ্ধ কৰিব পাৰিলেহে মদ্যপায়ীৰ অতপালি হ্ৰাস পাব৷
জীৱন অমূল্য৷ ক্ষণিক উত্তেজনাত যাতে কাৰো জীৱন-সম্পত্তিৰ হানি নহয় তাৰ প্ৰতি সকলোৱে নজৰ ৰাখি সুৰক্ষিত আচাৰ-বিধি পালন কৰি যান-বাহন চলাব লাগে৷ তদুপৰি যিসকলে পথতে বাহন ৰখাই থয়, তেনে বাহনৰ গৰাকীক জৰিমনা বিহাৰ ব্যৱস্থা কৰিব লাগে৷ কিয়নো বহু সময়ত পথতে ৰখাই থোৱা বাহনৰ বাবেই বহু দুৰ্ঘটনা সংঘটিত হয়৷ পথচাৰীসকলেও ৰাস্তাৰ নিয়ম-কানুন মানি চলিলে নিশ্চয় পথ দুৰ্ঘটনা কিছু ৰোধ হ’ব৷ সকলোতকৈ আগত যোৱাৰ মানসিকতা ত্যাগ কৰি পথৰ নিয়ম মানি প্ৰশাসনৰ ফালৰ পৰা নিৰ্দিষ্ট কৰি দিয়া গতিত যান-বাহন চলালে নি(য় পথ দুৰ্ঘটনা হ্ৰাস পাব৷






