এইবাৰ ইমৰান খানৰ যৌন উদ্দীপক বাৰ্তালাপৰ অডিঅ’ ভাইৰেল
ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিপদ কমক চাৰি বাঢ়িছেহে৷ প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ, উপহাৰ হিচাপে পোৱা সামগ্ৰী বিক্ৰী কৰি ধন আত্মসাতৰ গোচৰত নিৰ্বাচন আয়োগৰ দ্বাৰা পাঁচ বছৰলৈ নিষিদ্ধ, চৰকাৰৰ বিৰুদ্ধে উলিওৱা ‘স্বধীনতা সমদল’ৰ সময়ত ভৰি গুলী লগা আদিয়ে ইমৰান খানক চৰ্চাত ৰাখিছিল৷ এইবাৰ তেওঁৰ যৌন কেলেংকাৰি পোহৰলৈ আহিছে৷ ইয়ে তেওঁৰ ভাৱমূৰ্তি একেবাৰে ম্লান কৰি পেলাব বুলি আশংকা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত বা তাৰ পাছত ইমৰান খানে কোনো মহিলাৰ সৈতে ফোনত অশ্লীল তথা যৌন উদ্দীপক বাৰ্তালাপ কৰাৰ অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে লাজত মূৰ দাঙিব নোৱৰা হৈছে ইমৰান খানে৷ অডিঅ’ত শুনা মাতটো যে প্ৰধানমন্ত্ৰী ইমৰান খানৰ, সেয়া নিশ্চিত৷ কিন্তু মহিলাগৰাকী তেওঁৰ দলৰে নেত্ৰী নে বেলেগ কোনো মহিলা, সেয়া পোহৰলৈ অহা নাই৷ পাকিস্তানৰ সাংবাদিক তথা জনপ্ৰিয় ইউটিউবাৰ ছৈয়দ আলী হাইদাৰে প্ৰথমে নিজৰ ইউটিউব চেনেলত ইমাৰান খান আৰু মহিলাগৰাকী যৌনগন্ধী-অশ্লীল বাৰ্তালাপৰ অডিঅ’ প্ৰচাৰ কৰিছিল৷ তাৰ পাছতে সেয়া ভাইৰেল হয়৷ এতিয়া পাকিস্তানৰ একাংশ নিউজ প’ৰ্টেলে দাবী কৰিছে যে এই অডিঅ’ বাৰ্তালাপ হৈছিল ইমৰান খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত৷ কিন্তু এই ভাইৰেল অডিঅ’ প্ৰকৃত নে ভুৱা সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ফৰেনছিকত পৰীক্ষা কৰিবলৈও সাংবাদিক ছৈয়দ আলী হাইদাৰে আহ্ৱান জনাইছে৷ ইমৰান খানৰ দল পিটিআয়ে ইয়াক সম্পূৰ্ণ ভুৱা বুলি দাবী কৰিছে৷ কিন্তু এই অ’ডিঅ’ বাৰ্তালাপে ইমৰান খানৰ যথেষ্ট ক্ষতি কৰাটো নিশ্চিত৷