Logo
image

টুইটাৰৰ চিইঅ’ পদ এৰিব এলন মাস্কে

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ:  টেছলা আৰু স্পেচএক্সৰ মুৰব্বী এলন মাস্কে এইবাৰ ৰাখিব নিজৰ কথা৷ বিশ্বৰ জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ ক্ৰয় কৰি মালিক হোৱা মাস্কে সাময়িকভাৱে ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰি আহিছিল৷ কিন্তু কোনো স্থায়ী মুখ্য কাৰ্যবাহী বিষয়া নিয়োগ কৰাৰ কথা ভবা নাছিল৷ এনেদৰেই তেওঁ টুইটাৰৰ সন্দৰ্ভত কেতবোৰ চৰ্চিত সিদ্ধান্ত লোৱাৰ লগতে পৰিৱৰ্তনো কৰে৷ কিন্তু হঠাতে তেওঁ টুইটাৰত সমীক্ষা চলাই ব্যৱহাৰকাৰীৰ পৰা জনিবলৈ বিচাৰে মুখ্য কাৰ্যবাহী পদত তেওঁ থাকিব লাগে নে নালাগে? সমীক্ষাৰ ফলাফল অনুসৰিয়েই তেওঁ সিদ্ধান্ত ল’ব বুলিও ঘোষণা কৰিছিল৷ কিন্তু সমীক্ষাত ভাগ লোৱা ৫৭ শতাংশই তেওঁৰ পদত্যাগৰ সপক্ষে ভোট দিয়াৰ বিপৰীতে ৪৩ শতাংশই তেওঁক এই পদত থাকিবলৈ আহ্ৱান জনায়৷ ফলত তেওঁ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিবলৈ বাধ্য হৈছে৷ মঙলবাৰে তেওঁ টুইট কৰি ৰাজহুৱা কৰে যে এজন যোগ্য লোকক বাছনি কৰাৰ পাছতে তেওঁ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব৷ এই পদৰ বাবে এজন যোগ্য লোকক বিচাৰি থকা বুলিও তেওঁ ঘোষণা কৰে৷ এই পদ এৰাৰ পাছত তেওঁ কেৱল টুইটাৰৰ ছাৰ্ভাৰ আৰু ছফট্‌ৱেৰ দলটোকহে চম্ভালিব৷