কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে মৰিচা শাক খাওক
ৰঙা শাক-পাচলিৰ আছে কেইবাটাও আশ্চৰ্যকৰ গুণ৷ এইধৰণৰ শাক-পাচলি খালে কেইবাটাও বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি৷ বিশেষকৈ মৰিচা শাক খালে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায়ক হয়৷
◾ ৰঙা শাকে অনিষ্টকাৰী কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে৷ ফলত ৰঙা শাক খালে হূদৰোগৰ আশংকা হ্ৰাস পায়৷
◾ ৰঙা শাকত কেলৰিৰ পৰিমাণ খুব কম থাকে৷ সেয়ে ডায়েবেটিছ ৰোগীৰ বাবে এনে শাক অতি উপকাৰী৷
◾ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে ৰঙা শাক অতি উত্তম৷
◾ ৰঙা শাক-পাাচলিত আছে যথেষ্ট পৰিমাণৰ এণ্টি অক্সিডেণ্ট৷ এই এণ্টি অক্সিডেণ্টে কেন্সাৰ প্ৰতিৰোধত সহায় কৰে৷
◾ ৰঙা শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ উপলব্ধ৷ সেয়েহে ৰঙা শাক-পাচলি খালে দৃষ্টি শক্তি অটুট থাকে৷
◾ ৰঙা শাক-পাচলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ জাতীয় উপাদান থাকে৷ এই ফাইবাৰে কোষ্ঠ-কাঠিন্য দূৰ কৰাত সহায় কৰে৷
◾ ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰাত ৰঙা শাক-পাচলিয়ে প্ৰচুৰ পৰিমাণে সহায় কৰে৷ ৰঙা শাক-পাচলিত থকা বিটা কেৰটিনে ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰে৷