Logo
image

নিজেই নিয়ন্ত্ৰণ কৰক ছাইনাছাইটিছ

আজিকালি সৰুৱেই হওক বা ডাঙৰেই হওক প্ৰায়ভাগৰে মুখত ছাইনাছাইটিছ সমস্যাৰ বিষয়ে শুনা যায়৷ আমাৰ মুখমণ্ডলৰ ভিতৰত চাৰিযোৰ বায়ুকক্ষ বা ছাইনাছ থাকে৷ ছাইনাছবোৰৰ ভিতৰৰ পৰা পাতল মিউকাছ নিঃসৰণ হয়৷ এই মিউকাছ ক্ষুদ্ৰ নলী বা ছিদ্ৰৰ জৰিয়তে নাকৰ ভিতৰলৈ ওলাই আহে আৰু ছাইনাছবোৰে নিজকে পৰিষ্কাৰ আৰু জীৱাণুমুক্ত কৰি নিজৰ কাম পৰিচালনা কৰে৷ কিন্তু ছাইনাছৰ ভিতৰত থকা পাতল মিউকাছৰ আৱৰণত যেতিয়া প্ৰদাহ আৰম্ভ হয় তেতিয়া ইয়াক ছাইনাছাইটিছ হোৱা বুলি কোৱা হয়৷ এই সমস্যা মূলতঃ ঠাণ্ডা, চৰ্দি লগা আদিৰ লগতে ভাইৰাছ, বেক্টেৰিয়া বা ফাংগাছ সংক্ৰমণৰ জৰিয়তে হ’ব পাৰে৷ ছাইনাছাইটিছ সমস্যা যিকোনো সময়ত যিকোনো বয়সৰ মানুহৰ হ’ব পাৰে৷ কেতবোৰ উপায় আছে যিবোৰৰ জৰিয়তে  নিজেই ছাইনাছাইটিছ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–

[১] ঠাণ্ডা নাখাব বা গাত ঠাণ্ডা নলগাব৷

[২] কুহুমীয়া পানী খোৱা কৰক, লগতে গৰম পানীৰে গা ধোৱা কৰক৷

[৩] ফ্ৰীজৰ পানী আৰু বৰফ বা আইছক্ৰীম খোৱাৰ অভ্যাস পৰিহাৰ কৰক৷

[৪] ধূলি বা বালিময় পৰিৱেশত মাস্ক ব্যৱহাৰ কৰক৷

[৫] দিনত দুই-এবাৰ ষ্টিম ইনহেলেচন লওক বা গৰম পানীৰ ভাপ নাকেৰে টানি মুখেৰে উলিয়াই দিয়ক৷

[৬] চৰ্দি-ঠাণ্ডা বা ফ্লুত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক৷

[৭] বেছি গৰমত কাম নকৰিব বা একেৰাহে দীৰ্ঘ সময় পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকক৷

[৮] কোনো খাদ্য খালে যদি এলাৰ্জি হয় তেন্তে সেই খাদ্য নাখাব৷

[৯] ঘৰৰ মজিয়াত কাৰ্পেট ব্যৱহাৰ নকৰিব৷ বিছনাৰ চাদৰ, পৰ্দা নিতৌ পৰিষ্কাৰ কৰক৷

[১০] ঘৰৰ চৌদিশ পৰিষ্কাৰ কৰি ৰাখক৷

[১১] চৰ্দি, হাঁচি আৰু কাহৰ সৈতে কাণ বা মূৰ বিষালে লগে লগে নাক-কাণ আৰু ডিঙি বিশেষ:ৰ পৰামৰ্শ লওক৷

যদি পাঁচ বা সাতদিনৰ ভিতৰত লক্ষণসমূহৰ উন্নতি নহয় বা একেৰাহে প্ৰচণ্ড ;ৰ, চকু ফুলা বা ৰঙা হোৱা, মূৰৰ বিষ, বমি, সংজ্ঞা হেৰুওৱা অথবা যদি কান্ধত বিষ অনুভৱ কৰে, তেন্তে চিকিৎসকৰ কাষ চাপক৷