Logo
image

আগমূৰৰ চুলি কমিলে এই উপায় গ্ৰহণ কৰক

আমাৰ অসম বিশেষঃ আজিৰ আধুনিক সময়ত চুলি কমাটো কোনেও কামনা নকৰে৷ আজিকালি ল’ৰাই হওক বা ছোৱালীয়েই হওক প্ৰায় সকলোৰে আগমূৰৰ চুলি সোনকালে কমে৷ ফলত কপালৰ ওপৰ অংশ প্ৰায় উদং হৈ পৰে৷ এনে সমস্যাই সকলোকে চিন্তাত পেলায়৷ পিছে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায় আছে৷

[১] মেঠি গুটি আৰু ক’লা জিৰা চোকা ৰ’দত শুকাই ভালদৰে গুড়ি কৰি লওক৷

[২] নাৰিকল তেলৰ সৈতে ক’লা জিৰা আৰু মেঠিৰ গুড়ি মিহলাই কেইমিনিটমানৰ বাবে গৰম কৰক৷ মিশ্ৰণখিনি ঠাণ্ডা হ’লে কাচৰ বটলত পোন্ধৰ-বিশ দিনলৈ ৰাখক৷

[৩] মিশ্ৰণখিনি চুলিত লগোৱাৰ পূৰ্বে ভিটামিন-ই কেপচুল গুড়ি কৰি যি অংশত চুলি বেছিকৈ কমিবলৈ ধৰিছে, সেই অংশত ভালদৰে লগাওক৷ ইয়াৰ পাছত বটলৰ মিশ্ৰণখিনি কপালৰ ওপৰ অংশত লগাওঁক৷ সপ্তাহত অন্ততঃ দুই বা তিনিদিনকৈ এই পদ্ধতি প্ৰয়োগ কৰিলে সুফল লাভ কৰিব পৰা যায়৷