ঘৰতে স্বাস্থ্যকৰ বীট নিমখ প্ৰস্তুত কৰক
বজাৰত পেকেটযুক্ত বীট নিমখ পোৱা যায়৷ কিন্তু ছাটৱালা, ফুস্কাৱালা বা ‘ঝালমুৰিৱালা’ই ব্যৱহাৰ কৰা বীট নিমখতকৈ বজাৰত পোৱা বীট নিমখৰ সোৱাদৰ তাৰতম্য বহুত৷ ছাটৱালা বা ফুস্কাৱালাৰ বীট নিমখৰ সোৱাদ বহু বেছি৷ ইয়াৰ কাৰণ তেওঁলোকে বীট নিমখ প্ৰস্তুত কৰা প্ৰণালী আৰু বজাৰত পোৱা বীট নিমখ প্ৰস্তুতৰ প্ৰণালী সম্পূৰ্ণ বেলেগ৷ কিন্তু ঘৰুৱা উপায়েৰেও স্বাস্থ্যকৰ বীট নিমখ প্ৰস্তুত কৰিব পৰা যায়৷ উল্লেখ কৰা হ’ল ঘৰতে বীট নিমখ প্ৰস্তুত কৰাৰ সহজ উপায়–
প্ৰথমে এইকেইটা উপাদান যোগাৰ কৰি লওক
বীট নিমখ প্ৰস্তুত কৰিবলৈ হ’লে আধাকাপ নিমখ, তিনিটা শুকান জলকীয়া আৰু দহটা গোটা জালুকগুটি লওক৷
বীট নিমখ প্ৰস্তুত কৰাৰ পদ্ধতি
গেছটো জ্বলাই কেৰাহী গৰম কৰক৷ কেৰাহীটো অলপ গৰম হোৱাৰ পাছতে তাত আধাকাপ নিমখ ঢালি দিয়ক৷ কম জুইত নিমখখিনি এক মিনিট সময় লৰচৰ কৰি থাকক৷ ইয়াৰ পাছত শুকান জলকীয়াকেইটা আৰু জালুকগুটি দিয়ক৷ এইখিনি একেলগ কৰি ভজাৰ পাছত গেছটো বন্ধ কৰক৷
এইবাৰ কেৰাহীৰ নিমখখিনিৰ পৰা শুকান জলকীয়া আৰু জালুকগুটি কেইটা উলিয়াই আনি এটা বাটিত লওক৷ জালুক আৰু জলকীয়াখিনি ঠাণ্ডা হ’লে মিক্সিত গুড়ি কৰক৷ গুড়িখিনি যিমান পৰা যায় মিহি কৰিব৷ এইবাৰ জালুক আৰু জলকীয়া গুড়িৰ সৈতে কেৰাহীত থকা বগা নিমখখিনি লৈ পুনৰ মিক্সিত ভালদৰে গুড়ি কৰক৷ আপুনি বিচৰা বীট নিমখ এইদৰে প্ৰস্তুত কৰিব পৰা যায়৷