Logo
image

সফলতাৰ মাপকাঠী

ইংৰাজী ২০২২ বৰ্ষটোৱে বিদায় মাগিলে ৩১/১২/২০২২১ নিশা ১২ বজাৰ পাছতেই৷ উপস্থিত ২০২৩৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰৰ উন্নতি তথা সাফল্যৰ হিচাপ-নিকাচৰ তহবিল দাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ কিন্তু তেওঁৰ চৰকাৰৰ সাফল্যৰ তহবিল প্ৰকৃতাৰ্থত শূন্য বুলি সচেতন মহলৰ মাজত বু-বা চলাটো চৰকাৰৰ বিয়াগোম নেতা আৰু হয়তোবা মুখ্যমন্ত্ৰীৰো বোধগম্য হোৱা নাই৷ মুখ্যমন্ত্ৰীৰ মতে, তেওঁৰ চৰকাৰ কাৰ্যকালত যোৱা বছৰটোত গঁড় এটাও নিহত হোৱা নাই৷ ৰাইজৰ মনত খূদুৱনিয়ে বাহ লৈছে যে বিজেপিৰ মুখ্যমন্ত্ৰী হ’লে বা চৰকাৰ হ’লে গঁড়ৰ চোৰাং চিকাৰীৰ প্ৰস্থান যদি হ’ব পাৰে, অন্যৰ চৰকাৰ থকাৰ সময়ত গঁড় চিকাৰীবোৰৰ প্ৰৱেশ ঘটিব পাৰে কিয়? খাদ্যৰ অভাৱ আৰু বাসস্থানৰ ঠাইবোৰ অনুপযুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গঁড়, হাতীকে ধৰি জীৱ-জন্তুয়ে গ্ৰাম্যবাসী জনসাধাৰণৰ খেতি-বাতি সমূলঞ্চে ধবংস কৰা কাৰ্য অব্যাহত ৰখাৰ উপৰি ঘৰ-দুৱাৰ ভাঙি, নিৰীহ লোকক গচকি মৰাৰ দৰে ভয়াৱহ ঘটনা-দুৰ্ঘটনাবোৰ প্ৰতিৰোধ কৰাত ড॰ শৰ্মা চৰকাৰৰ সাফল্যৰ ঘৰত মহাশূন্য দেখিবলৈ পাইছে ৰাইজে৷ গঁড় বিক্ৰীৰ বেহা-বেপাৰত কমিছনৰ হিচাপ পূৰ্বৰ সকলো চৰকাৰৰ অভিলেখ ভংগ কৰাৰ সাফল্য মুখ্যমন্ত্ৰীয়ে দাবী কৰিব পাৰে বুলি সচেতন মহলে মত ব্যক্ত কৰাও শুনা গৈছে৷  চিৰিয়াখানাৰ গঁড়, হাতীৰে আন প্ৰাণীৰ আন্তঃৰাজ্যিক বিনিময় হ’ব পৰাৰ বিধিগত ব্যৱস্থা থকাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ মাধ্যমত প্ৰকাশ কৰিছে৷ কিন্তু ব্যক্তি বা ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানৰ ওচৰত বিক্ৰী কৰিব পৰাৰ বা গাড়ী-মটৰকে ধৰি আন ধন-সম্পদৰ বিনিময়ত বেচৰকাৰী অথবা ব্যক্তিগত খণ্ডক গঁড় হস্তান্তৰিত কৰা বুলি উত্থাপিত অভিযোগৰ উত্তৰ চৰকাৰে জনগণক দিব পৰা নাই৷ ৰাজ্যৰ কৰ সংগ্ৰহৰ পৰিমাণ ২৬ শতাংশলৈ বৃদ্ধি পোৱাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে যে বছৰটোৰ শেষলৈ কৰ প্ৰাপ্তিৰ বৃদ্ধি ৩০ শতাংশ হ’ব৷ মধ্যবিত্ত, দুবেলা দুসাঁজ খাই থকা নাগৰিকক শোষণ-নিৰ্যাতনৰ বোজা জাপি দি বিভিন্ন কৰ বৃদ্ধি কৰি, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভূতপূৰ্ব মূল্যবৃদ্ধিৰে জনজীৱন পংগুপ্ৰায় কৰা ড॰ হিমন্ত বিশ্ব চৰকাৰে সংগৃহীত কৰৰ ধনৰ সদ্ব্যৱহাৰ কৰা বুলি ৰাইজে ভাবিব পৰা নাই৷
তথাকথিত হিতাধিকাৰী সৃষ্টিৰে দলীয় ভোটবেংক নিশ্চিতকৰণৰ উদ্দেশ্যতহে ৰাজকোষৰ বেছি অংশৰ ধন ব্যয় কৰাটো ৰাইজৰ বুজিবলৈ বাকী থকা নাই৷ অনাৱশ্যকীয় খৰচ কৰি ৰাজকোষৰ ধন উদং কৰিবলৈ এই চৰকাৰে কুণ্ঠাবোধ নকৰাটো আৰু কৰ বা মূল্যবৃদ্ধিৰে জনগণক নিৰ্যাতিত, নিষ্পেষিত কৰিবলৈকো পিছ নোহোঁহকা চৰকাৰ বুলি জনসাধাৰণে অনুভৱ কৰিছে৷ দিল্লীত অসম চৰকাৰৰ কেবিনেটৰ মিটিং পাতিব কিয় লাগে, তালৈ মন্ত্ৰী-বিষয়া, কৰ্মচাৰী অহা-যোৱা কৰা, থকা-মিলা কৰোঁতে লাখ লাখ টকাৰ ব্যয় হোৱা নাইনে? অসমৰ দৰে ৰাজ্য এখনত মুখ্যমন্ত্ৰী, মন্ত্ৰীকে ধৰি একাংশ উচ্ছপদস্থ বিষয়াৰ বিলাসী জীৱন-যাপনৰ বিপৰীতে চৰকাৰী পুঁজিৰ ধন অপচয় হোৱাটো আৰু লাখ-কোটি টকাৰ ধাৰৰ বোজা ৰাইজৰ মূৰৰ ওপৰত জাপি দিয়াটো ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সাফল্য বুলি কোনোবাই পতিয়ন যাব পাৰেনে? গাঁৱে-ভূঞে, নগৰে-চহৰে মদৰ দোকান দি চৰকাৰীভাৱে পৰোক্ষ মদৰ বেপাৰত লিপ্ত হৈ লাখ লাখ যুৱক-যুৱতীৰ জীৱন ধবংসৰ পথলৈ ঠেলি দিয়াটো চৰকাৰৰ সাফল্য বুলি গণ্য নহয়৷ টকা লাগে কাৰণেই মদৰ বেহা পাতি যুৱপ্ৰজন্মৰ বিনাশৰ পথ খুলি দিয়াটো গণবিৰোধী বুলি জনগণে বুজিব পাৰিছে৷ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কসকলে নিজৰ ব্যয় সংকোচনৰ নীতি গ্ৰহণ কৰাৰ বিপৰীতে দিবা-নৈশ কেৱল হেলিকপ্টাৰ, উৰাজাহাজতে উৰি থকাৰ মানসিকতা জনসাধাৰণৰ সেৱাৰ স্বাৰ্থতে ত্যাগ কৰাটো ৰাইজে বাঞ্ছা কৰে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দুবছৰীয়া কাৰ্যকাল সম্পন্ন নৌহওঁতেই ৭২খন কেবিনেট মিটিং বহিব লগা হ’ল কিয়, সেইটোও ৰাইজৰ প্ৰশ্ন৷ ৰাজ্যৰ জিলাই জিলাই কেবিনেটৰ পৰিভ্ৰমণত তথা উক্ত ৭২খন কেবিনেট মিটিঙত সহযোগ, উপস্থিত থকাৰ বাবে অহা-যোৱা কৰা মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিষয়াবৰ্গ আৰু পুলিচ বিষয়া, নিৰাপত্তাৰক্ষীৰ ভ্ৰমণত কিমান  টকাৰ অপচয় হ’ল সেইটো প্ৰশ্নও মুখ্যমন্ত্ৰীয়ে এৰাই চলিব পৰাধৰণৰ নহয়৷ এনে খৰচৰ ধন ৰাইজৰ পৰাই কৰৰ নামত আদায় কৰা হয়৷ ৰাইজক দুখ দি মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলে বিলাসী জীৱনৰ আনন্দ লোৱাটো ৰাইজৰ উন্নতি নহয়, নহয় চৰকাৰৰ সফলতা৷