Logo
image

গাৰুৰ তলত নহৰু ৰাখিলেও উপকাৰ পোৱা যায়

খাদ্যৰ সোৱাদ বঢ়োৱাৰ ক্ষেত্ৰত নহৰুৰ গুণ অনন্য৷ নহৰু খাদ্যত অকল মছলা হিচাপেই নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী৷ বহু জটিল ৰোগ নিৰাময় কৰাত নহৰুৱে কাম কৰে৷ শোৱাৰ সময়ত গাৰুৰ তলত নহৰু ৰাখিলে উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল গাৰুৰ তলত নহৰু ৰাখিলে পাব পৰা উপকাৰ– 
(১) হৃদযন্ত্ৰৰ সমস্যা আৰু যকৃতৰ সমস্যাত নহৰুৱে মহৌষধৰ দৰে কাম কৰে৷ তদুপৰি তেজ বিশুদ্ধ আৰু ধমনী পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰতো নহৰু কাৰ্যকৰী৷ 
(২) খালী পেটত নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ খাদ্য হজম কৰা আৰু ডায়েবেটিছৰ সমস্যাত কেঁচা নহৰু খালে উপকাৰ পোৱা যায়৷ এগিলাচ গাখীৰৰ সৈতে একোহ নহৰু আৰু মৌ মিহলাই খাওক৷ নহৰু, গাখীৰ আৰু মৌৰ মিশ্ৰণে এণ্টিবায়’টিকৰ কাম কৰে৷
(৩)  অকল খোৱাই নহয় নহৰুৰ সংস্পৰ্শত থাকিলেও বহু উপকাৰ পোৱা যায়৷ নিশা শোৱাৰ সময়ত গাৰুৰ তলত একোহ নহৰু ৰাখিলে হতাশা দূৰ হোৱাৰ লগতে নেটিবাচক চিন্তা মনলৈ নাহে৷ তদুপৰি পজিটিভ এনাৰ্জি বাঢ়ে৷ ফলত মন ভালে থাকে৷ 
(৪) অনিদ্ৰাত ভুগিলেও শোৱাৰ সময়ত গাৰুৰ তলত নহৰু ৰাখিব পাৰে৷ 
(৫) বাত বিষ নিৰাময় কৰাৰ ক্ষেত্ৰতো নহৰুৱে কাম কৰে৷ গাত বিষ থাকিলে যদি টোপনি নাহে তেতিয়াও গাৰুৰ তলত নহৰু ৰাখি চাব পাৰে৷