বনভোজস্থলীৰ বাবে কঠোৰ নিৰ্দেশনা
ৰাজ্যত এতিয়া বনভোজৰ বতৰ৷ ডিচেম্বৰ আৰু জানুৱাৰীত ৰাজ্যৰ বনভোজস্থলীবোৰত জনসমাগম বৃদ্ধি পোৱা দেখা যায়৷দৈনিক ব্যস্ততা আৰু গতানুগতিকতাৰ পৰা আঁতৰি বন্ধৰ দিনত প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত বন্ধুবৰ্গ অথবা পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটোৱাৰ বাবে এই স্থানবোৰত সমাৱেশ ঘটে ৰাজ্যৰ বিভিন্ন স্থানৰ লোক৷ বনভোজৰ দলৰ বৰ্ধিত সংখ্যাই বিভিন্ন বনভোজস্থলীৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলৰ আৱাসীৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ অভিযোগ প্ৰায়েই শুনা যায়৷ কেৱল সেয়াই নহয়, একাংশ লোকৰ উচ্ছৃংখল আচৰণ আৰু উদ্ভণ্ডালিৰ বাবে বনভোজস্থলীবোৰত সংঘটিত অবাঞ্ছিত ঘটনাত বহু লোকৰ হতাহতি হোৱাৰো বাতৰি পোৱা যায়৷ এনেধৰণৰ ঘটনাবোৰ ৰোধ কৰাৰ বাবেই গুৱাহাটীৰ আশে-পাশে থকা বনভোজস্থলীবোৰৰ বাবে বিশেষ নিৰ্দেশাৱলী জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ শেহতীয়া এই নিৰ্দেশনা যথেষ্ট কঠোৰ হোৱা বুলি অভিযোগ উঠিছে যদিও বনভোজৰ বতৰত দুৰ্ঘটনা আৰু আন অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞাৰ নিশ্চয় প্ৰয়োজন আছে৷ বনভোজস্থলীবোৰত সুৰাপান আৰু ধূমপান নিষিদ্ধ কৰা বিষয়টোতো বিভিন্ন পক্ষই আপত্তি দৰ্শাইছে৷ তেওঁলোকৰ যুক্তি হৈছে এপিনে চৰকাৰে নতুন নতুন সুৰা বিপণীৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছে আৰু আনপিনে সুৰাপানৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা৷ কিন্তু এটা কথা স্বীকাৰ্য যে বনভোজস্থলীবোৰত সংঘটিত অধিকাংশ অবাঞ্ছিত ঘটনাৰ মূলতেই হৈছে সুৰাপান৷ সুৰাৰ ৰাগীত হিতাহিত জ্ঞান হেৰুৱাই একাংশ লোক উদ্ভণ্ডালিত লিপ্ত হয়৷ কেৱল সেয়াই নহয়, গাড়ীচালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলত বনভোজৰ দল দুৰ্ঘটনাত পতিত হোৱাৰ ঘটনাও কম নহয়৷ এনে ঘটনাবোৰত বহু নিৰীহ লোকে প্ৰাণপৰ্যন্ত হেৰুৱাবলগীয়া হয়৷ বনভোজলৈ যোৱা লোকে য’তে-ত’তে পেলনীয়া সামগ্ৰী পেলাই সেই স্থানবোৰৰ পৰিৱেশ বিনষ্ট কৰাটো এক পৰিচিত দৃশ্য হৈ পৰিছে৷
বনভোজস্থলীবোৰ একো একোটা পৰ্যটনস্থলী হিচাপেও গঢ় দিব পৰা যায়৷ সেয়েহে এই স্থানবোৰ চাফ-চিকুণকৈ ৰখাটো সকলোৰে কৰ্তব্য৷ এইক্ষেত্ৰত চৰকাৰী কতৃৰ্পক্ষৰ লগতে বনভোজস্থলীবোৰৰ ওচৰ-পাঁজৰৰ আৱাসী আৰু বনভোজলৈ যোৱাসকলৰো বহুখিনি কৰিবলগীয়া আছে৷ বনভোজস্থলীবোৰলৈ যোৱা দলবোৰৰ পৰা নূ্যনতম মাচুল লৈ সেই ধন অঞ্চলবোৰ চাফ-চিকুণকৈ ৰখাত খৰচ কৰিব পৰা যায়৷ পৰিৱেশ প্ৰদূষণৰ ভয়াৱহতাৰ বিষয়ে দৃশ্য-শ্ৰব্য মাধ্যমযোগে শুনিবলৈ আৰু দেখিবলৈ পোৱা যায়৷ আমাৰ ওচৰে-পাঁজৰে থকা মনোৰম প্ৰাকৃতিক পৰিৱেশক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ সকলোৰে৷ গতিকে বনভোজস্থলীবোৰৰ পৰিৱেশ বিনষ্ট হোৱা কামৰ পৰা সকলো বিৰত থকা উচিত৷ কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে যে সকলো জানি-শুনিও একাংশ লোক এই স্থানবোৰত উচ্ছৃংখল আৰু অসামাজিক কাৰ্যত লিপ্ত হৈ আনৰ দুৰ্ভোগৰ কাৰণ হৈ পৰে৷ সৰু ল’ৰা-ছোৱালীৰ লগতে পৰিয়ালৰ সকলো শ্ৰেণীৰ লোকে ভ্ৰমণ কৰে এনে স্থানবোৰ৷ সেয়েহে বনভোজস্থলীবোৰত এনে অবাঞ্ছিত ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰী কতৃৰ্পক্ষই স্থানীয় লোকৰ সহযোগত যথোচিত ব্যৱস্থা ল’ব লাগে৷ কেৱল নিষেধাজ্ঞা আৰোপ কৰিলেই বনভোজস্থলীবোৰত অবাঞ্ছিত ঘটনা হ্ৰাস পাব বুলি ভাবি লোৱাটোও ভুল হ’ব৷ বনভোজস্থলীলৈ অহা-যোৱা কৰা লোকৰ ওপৰত নজৰ ৰখাৰ বাবে স্থানীয় এলেকাৰ লোকৰ দ্বাৰা বিশেষ কমিটী গঠন কৰা উচিত৷ বনভোজস্থলীবোৰলৈ যোৱা দলবোৰৰ পৰা নূ্যনতম মাচুল লৈ সেই ধন অঞ্চলবোৰ চাফ-চিকুণকৈ ৰখাত খৰচ কৰিব পৰা যায়৷ বনভোজস্থলীবোৰত হোৱা জনসমাৱেশৰ সুযোগ লৈ সেই অঞ্চলবোৰত একাংশ স্থানীয় লোকে সুৰা আৰু আন নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰাটোও এটা সুলভ দৃশ্য হৈ পৰিছে৷ অবৈধভাৱে এইদৰে সুৰা আৰু আন নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰা লোকৰ ওপৰতে চোকা নজৰ ৰখা উচিত৷
বনভোজৰ ক্ষেত্ৰত কামৰূপ মহানগৰ কতৃৰ্পক্ষই শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা বহুতৰ বাবে যথেষ্ট কঠোৰ যেন লাগিলেও উক্ত অঞ্চলবোৰৰ পৰিৱেশ সুস্থ ৰখাৰ স্বাৰ্থত কিছু কঠোৰ ব্যৱস্থাৰ প্ৰয়োজন নিশ্চয় আছে৷ বনভোজলৈ যোৱাসকলে যদি নিজৰ দায়িত্ব উপলব্ধি কৰি পৰিৱেশ প্ৰদূষিত কৰা অথবা আন অবাঞ্ছিত ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকে, তেন্তে এনে ব্যৱস্থাৰ প্ৰয়োজন নিশ্চয় নহ’ব৷






