Logo
image

এনেবোৰ খাদ্যই কৰ্কট ৰোগ প্ৰতিৰোধৰ শক্তি দিয়ে

ভয়ংকৰ হাৰত প্ৰায় প্ৰতিদিনেই কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ খাদ্যভাস পৰিৱৰ্তনৰ জৰিয়তে সাৱধানতা অৱলম্বন কৰিলে আন বহু ৰোগৰ দৰে কৰ্কট ৰোগৰ পৰাও হাত সাৰিব পাৰি৷ সাধাৰণতে  পুষ্টিকৰ খাদ্যৰ অভাৱৰ বাবেই শৰীৰ নানাধৰণৰ ৰোগত আক্ৰান্ত হয়৷ সেয়েহে প্ৰতিদিনেই ফলমূলৰ লগতে অন্য পুষ্টিগুণ সম্পন্ন খাদ্য গ্ৰহণৰ ওপৰত গুৰুত্ব দিব লাগে৷ 

◾ বাদামঃ বাদামত প্ৰচুৰ পৰিমাণে পুষ্টিগুণ থাকে৷ বাদাম নিয়মীয়াকৈ খালে কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়৷ বাদামত পটাছিয়াম, আইৰণ, জিংক, কেলছিয়াম, ফছফৰাচ, মেগনেছিয়াম, ভিটামিন ‘ই’ আদি থাকে৷ সেয়েহে বাদামক পুষ্টি গুণৰ ভঁৰাল বুলি কোৱা হয়৷

◾ হালধিঃ হালধিত ‘কাৰকিউমিন’ নামৰ এবিধ কৰ্কট প্ৰতিৰোধক উপাদান থাকে৷ তদুপৰি হালধিত থাকে ‘এণ্টি অক্সিডেণ্ট প্ৰতিদিনে কেঁচা হালধিৰ ৰস গাখীৰৰ সৈতে মিহলাই খালে শৰীৰ নানা ৰোগৰ আক্ৰমণৰ পৰা বাচি থাকে৷ বিশেষকৈ কৰ্কট ৰোগ প্ৰতিৰোধত হালধি অতি উত্তম৷

◾ সাগৰীয় মাছঃ সাগৰীয় মাছ ওমেগা-৩ ফেটি এচিদ সমৃদ্ধ৷ সেয়েহে সাগৰীয় মাছ খালে হূদযন্ত্ৰজনিত ৰোগৰ পৰা হাত সাৰিব পাৰি৷ একেদৰে সাগৰীয় মাছত থকা ওমেগা-৩ ফেটি এচিডে কৰ্কট প্ৰতিৰোধক ৰূপে কাম কৰে৷

◾ খেজুৰঃ শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে যে খেজুৰেও  কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷ খেজুৰ খালে কৰ্কটৰ কোষ ধবংস হয়৷ 

◾ গ্ৰীণ টিঃ গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট কেটছিন নামৰ এবিধ বিশেষ উপাদান থাকে৷ এই উপাদান থকাৰ বাবে গ্ৰীণ টি খালে সহজেই কৰ্কট প্ৰতিৰোধ কৰিব পাৰি৷

◾ বিলাহীঃ বিলাহীত লাইক’পেন নামৰ এবিধ এণ্টি অক্সিডেণ্ট থাকে৷ তদুপৰি ভিটামিন ‘এ’, ‘চি’ আৰু ‘ই’ বিলাহীত প্ৰচুৰ পৰিমাণে থাকে৷ সেইবাবে বিলাহী নিয়মীয়াকৈ খালে কৰ্কটজনিত ৰোগৰ আশংকা হ্ৰাস পায়৷