Logo
image

সাত দিনত ২কোটি ৪০লাখ টকাৰ কিতাপ বিক্ৰীৰে অভিলেখ 'অসম গ্ৰন্থমেলা'ত : আৱেগত ভাষা জীয়াই নাথাকে, চৰ্চাইহে ভাষাক অমৰ কৰি ৰাখিব : দিগন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, গুৱাহাটী: আজি সপ্তম দিনাও গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ পৰিলক্ষিত হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত৷ কাৰ্যতঃ লেখক-পাঠকৰ মিলনথলীত পৰিণত হৈছে চানমাৰি বাকৰিৰ গ্ৰন্থোৎসৱ ৷

এইবেলি গ্ৰন্থমেলাত কিতাপ বিক্ৰীও উৎসাহজনক৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলাত ২কোটি ৪০লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে৷ ইপিনে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত ভাষাতত্ত্ববিদ ড° ৰমেশ পাঠকৰ সোঁৱৰণত আয়োজন কৰে “অসমীয়া ভাষাৰ সংকট আৰু প্ৰতিষ্ঠা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিভা ভড়ালীয়ে৷ তেওঁ বক্তব্যত এইবুলি প্ৰকাশ কৰে, “ অসমীয়া ভাষাৰ স্বতন্ত্ৰ ইতিহাস অতি প্ৰাচীন৷ হিউয়েন চাঙৰ লেখাতো অসমীয়া ভাষাৰ স্বকীয় অৱস্থানৰ বিষয়ে উল্লেখ আছে৷ ভাষাৰ প্ৰতি সকলোৰে সমান দায়িত্ব আছে৷ অভিভাৱকসকলে সন্তানক মাতৃভাষা মাধ্যমত পঢ়ুৱালে ভৱিষ্যত নষ্ট হ’ব বুলি ভবাৰ কোনো কাৰণ নাই৷” তেওঁ লগতে কয় যে পৃথিৱীৰ বহু ভাষাই সংকটৰ গৰাহত পৰিছে৷ ভাৰতবৰ্ষতে কেবাটা ভাষাৰ মৃত্যু ঘটিছে৷ ১৮৩৬ চনৰ পৰা অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে আৰু আমাৰ দায়ৱদ্ধ বৰেণ্য ব্যক্তিসকলে অসমীয়া ভাষাৰ প্ৰত্যাহ্বান ভাঙি আহিছে৷ এই দায়িত্ব আমাৰো আছে আৰু ভৱিষ্যত প্ৰজন্মৰো থাকিব৷ তেতিয়া অসমীয়া ভাষাই সংকটমুক্ত হৈ অমৰত্ব লভিব৷ 

আলোচনা সত্ৰখন উদ্বোধন কৰে নিবন্ধকাৰ, সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই৷ তেওঁ ভাষাতত্ত্ববিদ ড° ৰমেশ পাঠকলৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয়, “শব্দই জগত সৃষ্টি কৰা বুলি উল্লেখ আছে ঋগ্বেদত৷ বাইবেলেও একেই কথাকে কৈছে৷ শব্দই ভাষা সৃষ্টি কৰিছে৷ ভাষা পৃথিৱীৰ ভাগৱতী সম্পদ৷ কিন্তু সম্প্ৰতি অসমীয়াৰ লগতে প্ৰতিটো আধুনিক ভাৰতীয় ভাষালৈ সংকট নামি আহিছে৷ ইংৰজী ভাষা , বাণিজ্যতন্ত্ৰ আৰু নৱ্য অভিজাততন্ত্ৰই এই সংকট নমাই আনিছে৷ এই তিনিটা কাৰণতে মাতৃভাষাক এলাগী কৰিছে এচামে৷ ইংৰাজী আমি শিকিব লাগিব কিন্তু নিজৰ ভাষাকো প্ৰতিষ্ঠা কৰিব লাগিব৷ ইয়াৰ বাবে মাতৃভাষাত পঢ়াশুনা কৰিব লাগিব৷ আৱেগত ভাষা জীয়াই নাথাকে৷ শ্ৰদ্ধাপূৰ্বক চৰ্চাইহে ভাষাক অমৰ কৰি ৰাখিব৷” তেওঁ প্ৰসংগক্ৰমে ঋষি অৰবিন্দৰ বাণী উল্লেখ কৰে৷ ইয়াত আৰম্ভণী ভাষণ প্ৰদান কৰে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি বৰাই৷ তেওঁ  অসমীয়া ভাষালৈ সংকট অহাৰ কথা স্বীকাৰ কৰিও কয়, “অসমীয়া ভাষা হেৰাই যোৱাৰ শংকা নাই৷ এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয় যেনে জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন আদিয়ে ভাল পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ইউনিকোডত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাটো শুভবাৰ্তা৷”

ইয়াত অংশগ্ৰহণ কৰা আলোচক অতিথি, ভাষা গৱেষক, কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° দিলীপ ৰাজবংশীৰ মতে, “১৮২৬ চনৰ পাছত আধুনিক অসমীয়া জাতি গঢ় লৈছে৷ কিন্তু ১৮৩৬ চনৰ পৰা ১৮৭৩চনলৈ অসমতে অসমীয়া ভাষা উঠাই দিয়া হৈছিল৷ লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি সেই সময়ৰ মনীষীসকলে অবৰ্ণনীয় কষ্টসাধ্য যুঁজত অৱতীৰ্ণ হৈ পুনৰ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা উদ্ধাৰ কৰে৷ ভাষালৈ এনে সংকট আহে৷ ভাষাৰ তপস্যাই অৰ্থাৎ শুদ্ধ চৰ্চা আৰু ব্যৱহাৰে ভাষাক সমৃদ্ধ কৰে৷ এতিয়া প্ৰায় ডেৰ কোটি মানুহে অসমীয়া ভাষা কয়৷ ভাষা বিজ্ঞানৰ মতে দহ লাখ মানুহে ব্যৱহাৰ কৰা ভাষাৰ মৃত্যু নহয়৷ কিন্তু ইয়াতে সন্তুষ্টি লভিলেই নহ'ব৷ শুদ্ধভাৱে ভাষাৰ চৰ্চা কৰাৰ প্ৰায়োজন আছে৷ উচ্চ স্তৰৰ সাহিত্য, বিদ্যায়তনিক কিতাপ প্ৰকাশ আৰু মাতৃভাষা মাধ্যমৰ প্ৰসাৰ অতি প্ৰয়োজনীয়৷” একেদৰে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি ভষা গৱেষক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° লক্ষী হাজৰিকাই কয় যে ভাষাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা  কৰিবলৈ মাতৃভাষা মাধ্যমত শিক্ষাৰ ব্যৱস্থা বাহাল থাকিব লাগিব ৷ ৰাধাকৃষ্ণণ আয়োগে আনকি উচ্চ শিক্ষাতো মাতৃভাষা ব্যৱহাৰৰ পোষকতা কৰিছে৷ মাতৃভাষা হৈছে শিশু তথা সকলো পৰ্যায়ৰ শিক্ষাৰ্থীৰ জ্ঞান লাভৰ উত্তম পথ৷ মাতৃভাষা মাধ্যমত পঢ়িলে একো অসুবিধা নহয়৷ অসমীয়া ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰো সমৃদ্ধি হোৱাৰ প্ৰয়োজন৷ তেতিয়া অসমীয়া ভাষাৰ সমৃদ্ধিয়ে নতুন গতি লাভ কৰিব৷” আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় দিছপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷