Logo
image

গৰম চাহ বা কফিয়ে জিভা পুৰিলে এইদৰে নিৰাময় পাব পাৰি

গৰম চাহ বা কফিৰ কাপত চুমুক দি জিভা পোৰাৰ অভিজ্ঞতা কম বেছি পৰিমাণে প্ৰায়ভাগৰে আছে৷ হঠাত গৰম খাদ্য খাবলৈ গৈ জিভা পোৰাটো স্বাভাৱিক ঘটনা৷ এনেকুৱা হ’লে খাদ্য গ্ৰহণত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে খোৱা বস্তুৰ সোৱাদো ঠিকমতে পোৱা নাযায়৷ মছলাযুক্ত বা জ্বলা খাদ্যই জিভা যন্ত্ৰণা অধিক কৰে৷ এনে অৱস্থাত কি কৰা উচিত বা অনুচিত সেয়া  বহুতৰে জ্ঞাত নহয়৷ জিভা পুৰিলে কোনোবাই পানী খায়, আন কোনোবাই আইচক্ৰিম বা মিঠা বস্তু খাই যন্ত্ৰণাৰ পৰা নিৰাময় লাভৰ চেষ্টা চলায়৷ বহুতে আকৌ ঠাণ্ডা পানী মুখত ৰাখি যন্ত্ৰণাৰ পৰা সকাহ পোৱাৰ চেষ্টা কৰে৷ কিন্তু এইবোৰৰ উপৰি কেতবোৰ উপায় আছে, যিবোৰৰ জৰিয়তে জিভা পোৰাৰ যন্ত্ৰণাৰ পৰা সহজে পৰিত্ৰাণ পাব পৰা যায়–

[১] সকলোৰে ৰান্ধনিশালত গাখীৰৰ পাউদাৰ আৰু চেনি থাকে৷  জিভা পুৰিলে জ্বলাভাব কমাবলৈ গাখীৰৰ পাউদাৰ আৰু চেনি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে অকণমান গাখীৰ পাউদাৰ আৰু চেনি মিহলাই জিভাৰ পোৰা অংশত লগাওঁক৷ কিছুসময় পাত দেখিব পোৰা যন্ত্ৰণা কমিবলৈ ধৰিছে৷ 

[২] দেহৰ পোৰা অংশৰ প্ৰদাহ কমাবলৈ মৌ ব্যৱহাৰ কৰা হয়৷ জিভা পুৰিলেও এই উপায় কামত লগাব পাৰে৷ মৌ এণ্টি বেক্টেৰিয়েল উপাদান থাকে৷ এই উপাদানে সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ মৌ যিহেতু ঠাণ্ডা সেয়ে জিভা পোৰা যন্ত্ৰণা ই সহজে কমায়৷

[৩] জিভা পোৰা যন্ত্ৰণাৰ পৰা নিৰাময় পাবলৈ বৰফ ব্যৱহাৰ কৰিব পাৰে৷ বৰফৰ টুকুৰা ভাঙি জিভাৰ পোৰা অংশত লগাই ৰাখক৷ দেখিব লাহে লাহে যন্ত্ৰণা আঁতৰিছে৷ বৰফৰ সলনি  এইক্ষেত্ৰত ফ্ৰিজৰ পানীও ব্যৱহাৰ কৰিব পাৰে৷ 

[৪] কুহুমীয়া পানীত সামান্য নিমখ মিহলাই সেই পানীৰে কুলি কৰিলেও জিভা পোৰাৰ যন্ত্ৰণা নিৰাময় হয়৷ 

[৫] টেঙা দৈয়েও জিভা পোৰা যন্ত্ৰণাৰ পৰা সকাহ দিয়ে৷ জিভাৰ পোৰা অংশত টেঙা দৈৰ প্ৰলেপ লৈ কিছুসময় থাকক৷ দেখিব লাহে লাহে যন্ত্ৰণা নাইকিয়া হৈছে৷