জনসম্পৰ্কহীন চৰকাৰ আৰু কেবিনেটৰ সিদ্ধান্ত
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত কেবিনেট বৈঠকে নিশ্চয়কৈ স্বাধীন ভাৰতৰ ইতিহাসত অভিলেখ ভংগ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে নিজে দিয়া তথ্য মতেই ২০২২ চনত বোলে ৭২খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে৷ এটা বছৰত যদি ৫২টা সপ্তাহ থাকে, তেন্তে কেইটামান সপ্তাহত দুখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত হৈছে৷ এইসমূহ কেবিনেট বৈঠকত মুঠ ৯৬৬টা সিদ্ধান্ত গ্ৰহণ কৰা শৰ্মা চৰকাৰে কিন্তু সেইসমূহ সিদ্ধান্ত কিমান কাৰ্যকৰী হৈছে তাৰ সঠিক তথ্য দিয়াৰ পৰা আঁতৰি আছে৷ কেবিনেট বৈঠক কোনো বিয়নি মেল নহয় যে গাঁৱৰ তিনিগৰাকী মহিলা লগ লাগিলেই এখন সভা অনুষ্ঠিত হৈ যায়৷ পূৰ্বৰ চৰকাৰসমূহৰ কেবিনেটৰ সিদ্ধান্তৰ ওপৰত বিশেষ দৃষ্টি আছিল, কাৰণ সেইসমূহ সিদ্ধান্ত বহুদিন অপেক্ষা কৰিলেহে পোৱা যায়৷ কিন্তু বৰ্তমান চৰকাৰে জিলাই জিলাই অনুষ্ঠিত কৰা সাপ্তাহিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি ৰাইজ যেন উদাসীন হৈ পৰিছে৷ ঘিউ বেছি খালেও পেটত ধৰাৰ দৰে আজিৰ কেবিনেটৰ সংখ্যাধিক্যই ৰাইজক আমুৱাইছে৷ ৰাইজে চৰকাৰে লোৱা সিদ্ধান্তৰ কাৰ্যকৰীকৰণ চাবলৈ বিচাৰে৷ কিন্তু ড॰ শৰ্মা চৰকাৰৰ চমক দিয়াতহে অধিক মন৷ কেবিনেটৰ কথা এইবাবেই আহিছে যে শেহতীয়া কেবিনেটৰ বৈঠকৰ সিদ্ধান্তই জনসাধাৰণক স্তম্ভিত কৰি তুলিছে৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে এখন চৰকাৰে ইয়াৰ প্ৰশাসনিক গাঁথনিৰ সংস্কাৰ কৰি উন্নয়ন খণ্ড, মহকুমা বা জিলা পুনৰ গঠন কৰে৷ কেন্দ্ৰীয় চৰকাৰে নতুন ৰাজ্যপৰ্যন্ত সৃষ্টি কৰি প্ৰশাসনক জনতাৰ কাষলৈ চপাই নিয়াৰ ব্যৱস্থা কৰে৷ কিন্তু, ৩১ ডিচেম্বৰৰ দিনা ড॰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাজধানীত কেবিনেট পাতি সিদ্ধান্ত গ্ৰহণ কৰিলে যে, অসমৰ ৪খন জিলা ক্ৰমে বিশ্বনাথ চাৰিআলি, হোজাই, তামুলপুৰ আৰু বজালী জিলাক তাৎক্ষণিকভাৱে বিলুপ্তি কৰা হৈছে৷ ইয়াৰে বিশ্বনাথ আৰু হোজাই জিলা গঠনৰ আজি ৮ বছৰ পাৰ হৈ গ’ল৷ যি দুখন তৰুণ গগৈ চৰকাৰৰ দিনত হৈছিল৷ বাকী দুখন জিলাৰ স্ৰষ্টা বিজেপি চৰকাৰ নিজে৷ সৰ্বানন্দ সোণোৱাল মুখমন্ত্ৰিত্বৰ কালত ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে গঠন কৰা বজালী আৰু তামুলপুৰকো বিলুপ্তি কৰা কাৰ্যই উদঙাই দিছে চৰকাৰখনৰ অদূৰদৰ্শিতা৷ দীৰ্ঘদিনৰ জনতাৰ দাবীত সেও মানি গঠন কৰা জিলা ভংগ কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এয়া জাতিৰ স্বাৰ্থত লোৱা সিদ্ধান্ত বুলি এক আৱেগিক বক্তব্য দিয়াৰ চেষ্টা কৰিছে যদিও সেয়া জনতাৰ হজম হোৱা নাই৷ আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ততাতৈয়াকৈ সিদ্ধান্ত ল’ব লগা হ’ল বুলি চৰকাৰে স্বীকাৰ কৰিছে, কিন্তু ততাতৈয়াকৈ লোৱা কোনো সিদ্ধান্তই সঠিক হ’ব নোৱাৰে৷ বিশেষকৈ জনতাক অন্ধকাৰত ৰাখি জনতাৰ ওপৰত পৰিব পৰা সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়ে চিন্তা কৰিবলৈ সুযোগ নিদিয়া কাৰ্যই চৰকাৰৰ প্ৰকৃত উদ্দেশ্য যে স্বচ্ছ নহয়, সেই কথা বুজাত সহজ হৈ পৰে৷ চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে– যোৰহাট জিলাৰ এক বৃহৎ অঞ্চল, ৪খনকৈ গাঁও পঞ্চায়তৰ ৩৬খনকৈ গাঁও গোলাঘাট জিলাৰ লগত চামিল কৰি দিলে, অথচ সেই অঞ্চলৰ ৰাইজে কোনো ভু-কে নাপালে৷ এতিয়া সেই সেই অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ কোনো জনমত অবিহনেই লোৱা এই সিদ্ধান্তৰ ফলত যে জনতাৰ কি অৱস্থা হ’ব সেই কথাৰ বুজ লোৱাটো চৰকাৰৰ উচিত আছিল৷ আনহাতে, চৰকাৰে এই জিলাৰ সীমা পুনৰ নিৰ্ধাৰণ সাময়িক বুলি কৈ জনতাক বিভ্ৰান্ত কৰিছে৷ এখন কেবিনেটৰ সিদ্ধান্ত য’ত ৰাজ্যপালৰ হস্তাক্ষৰ থাকে, তেনে এটা সিদ্ধান্তক সাময়িক সিদ্ধান্ত বুলি কৈ চৰকাৰে যে জনতাৰ ক্ষোভক প্ৰশমিত কৰাৰ এক কৌশল লৈছে, সেয়া এতিয়া প্ৰতিজন সচেতন নাগৰিকে বুজি উঠিছে৷ আনহাতে, লখিমপুৰ বিধানসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্তৰ বাবে সমগ্ৰ আহোম জনগোষ্ঠী জাঙুৰ খাই উঠিছে৷ এনে পৰিস্থিতিয়ে ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰৰ দিনটোত অসম আন্দোলন, ধৰ্ণা, ধৰ্মঘট অতীত হ’ল বুলি কোৱাৰ পিছদিনাৰ পৰাই ৰাজ্য উত্তাল হৈ পৰাত এতিয়া আন্দোলন দমনৰ কৌশল ৰচনাত ব্যস্ত হৈ পৰিছে চৰকাৰ৷ কিন্তু চৰকাৰে ভুল কৰিলে জনতাই আন্দোলন কৰাৰ বাদে আন উপায় নাথাকে৷ সেয়ে দিল্লীৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে চৌদিশে দাবী উত্থাপন হ’ব লাগিছে৷ চৰকাৰেও অকণমান চিন্তা কৰি জনতাক বিপদত নেপেলালে ভাল৷






