Logo
image

শীতত শৰীৰ উমাল কৰি ৰখাৰ বাবে এইখিনি কৰক

শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে দৈনন্দিন জীৱন যাত্ৰাতো প্ৰভাৱ পৰে৷ শীতকালৰ সময়ছোৱাত সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত৷ ডায়েবেটিছ, থাইৰয়েড, স্নায়ুজনিত ৰোগত আক্ৰান্ত সকলৰ সাধাৰণতে ঠাণ্ডাৰ অনুভৱ বেছি হয়৷ ঠাণ্ডাকালত শৰীৰ সুস্থ কৰি ৰখাৰ বাবে কেইটামান বিষয়ত গুৰুত্ব দিয়া উচিত৷ 

◾ শীতকালৰ সময়ছোৱাত খালী ভৰিৰে থকা উচিত নহয়৷ শীতৰ উপযোগী উলৰ মোজা পৰিধান কৰিব লাগে৷ 

◾ ঠাণ্ডা বেছি হ’লে হটৱাটাৰ বেগ ব্যৱহাৰ কৰিব পাৰে৷ এই সময়ছোৱাত ডায়েবেটিছত আক্ৰান্তসকলে শৰীৰ উষ্ণ কৰি ৰখাটো অতীৱ প্ৰয়োজন৷

◾ শীতকালত গৰমপানীৰে স্নান কৰাৰ উপৰি শোৱাৰ আগমুহূৰ্তত ভৰি-হাত গৰম পানীৰে ধোৱাৰ অভ্যাস কৰিব লাগে৷ তেনে কৰিলে শৰীৰৰ উষ্ণতা অটুট থাকে৷ 

◾ শীতকালত পুষ্টিকৰ খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিব লাগে৷ এইক্ষেত্ৰত গৰম চুপ, আদা চাহ, গ্ৰীণ টি আদি সেৱন কৰিলে শৰীৰ উষ্ণ হৈ থাকে৷ 

◾ থাইৰয়েডজনিত ৰোগত আক্ৰান্তসকলৰ ঠাণ্ডা অনুভৱ বেছিকৈ হয়৷  যাৰ বাবে এই সময়ছোৱাত শৰীৰৰ ছাল অতি শুকান হৈ পৰে৷ সেয়েহে শীতকালৰ সময়ছোৱাত শৰীৰচৰ্চা, পুষ্টিকৰ খাদ্য আৰু উমাল কাপোৰৰ লগতে হাত-ভৰিত মোজা পিন্ধাৰ অভ্যাস কৰিব লাগে৷ এইক্ষেত্ৰত শৰীৰে যাতে সঠিকভাৱে অক্সিজেন গ্ৰহণ কৰিব পাৰে তেনেধৰণৰ উমাল পোছকহে পৰিধান কৰিব লাগে৷ শোৱাৰ সময়ত ছুৱেটাৰ পৰিধান কৰাটো স্বাস্থ্যসন্মত নহয়৷ শৰীৰ উষ্ণতা অটুট ৰখাৰ ওপৰত গুৰুত্ব দিলে ঠাণ্ডাৰ সময়ছোৱাত হ’ব পৰা বিভিন্ন ৰোগৰ পৰাও হাতসাৰি থাকিব পাৰি৷ 

◾ ঠাণ্ডা বেছি হ’লে হাত-ভৰি জুইত সেকি সৰিয়হৰ তেলেৰে মালিচ কৰিলে দেহৰ উষ্ণতা অটুট থাকে৷ শৰীৰৰ উষ্ণতা অটুট থাকিলেহে শীতকালত হ’ব পৰা চৰ্দি-কাহ আদিৰ দৰে ৰোগৰ পৰা হাতসাৰি থাকিব পাৰি৷