Logo
image

পেটৰ চৰ্বি কমাবলৈ এই পানীয় খাব পাৰে

এল’ভেৰা সকলোৰে পৰিচিত৷ এইবিধ উদ্ভিদ বিভিন্ন কামত ব্যৱহাৰ হয়৷ ছাল, চুলিৰ যতন, হজম শক্তি বঢ়োৱা বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এল’ভেৰাৰ কাৰ্যকাৰিতা তুলনাবিহীন৷ পেটৰ চৰ্বি কমোৱাৰ ক্ষেত্ৰতো এল’ভেৰাই সহায় কৰে৷ উল্লেখ কৰা হ’ল পেটৰ চৰ্বি কমোৱাৰ বাবে এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমে’টৰী বৈশিষ্ট্যপূৰ্ণ এল’ভেৰা কেনেদৰে ব্যৱহাৰ কৰিব পাৰি–
হজম শক্তি বৃদ্ধি কৰাৰ লগতে এল’ভেৰাই পেটৰ চৰ্বি কমায়৷ ইয়াৰ বাবে এল’ভেৰাৰ এটা পাত আৰু দুকাপ পানী লওক৷ এইবাৰ এল’ভেৰাৰ পাতৰ পৰা পাল্পসমূহ উলিয়াই পৃথক কৰক৷ পাল্প বা এল’ভেৰা জেলখিনি এটা ব্লেণ্ডাৰত ভালদৰে মিহলাই লওক৷ এইবাৰ তাত সামান্য পৰিমাণৰ পানী মিহলাই পুনৰ ব্লেণ্ডাৰত ঢালি লৈ মিশ্ৰণখিনি তৈয়াৰ কৰি লওক৷ পানীয় হিচাপে এই মিশ্ৰণ পান কৰিলে দেহৰ অতিৰিক্ত ওজন হ্ৰাস পোৱাৰ লগতে পেটৰ চৰ্বি কমিবলৈ আৰম্ভ কৰে৷ তদুপৰি ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ পানীয়খিনিৰ সোৱাদ বৃদ্ধি কৰিবলৈ বা জালুকগুড়ি আৰু বীট নিমখ মিহলাই ল’ব পাৰে৷ দৈনিক এই পানীয় পান কৰিলে উপকাৰ পাব৷
গৰম পানীৰ সৈতেও এল’ভেৰাৰ জুচ মিহলাই খাব পাৰে৷ ইয়াৰ সৈতে সামান্য পৰিমাণৰ নেমুৰ ৰস মিহলালে অধিক উপকাৰ পোৱা যায়৷ এল’ভেৰাৰ ৰস মৌৰ সৈতে মিহলায়ো খাব পাৰে৷ 
মৌত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টিফাংগাল বৈশিষ্ট্যই দেহৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে৷