Logo
image

পানী বেছিকৈ খায় নেকি? স্বাস্থ্য পক্ষে কিন্তু বিপজ্জনক

আমাৰ অসম বিশেষঃ শৰীৰ সুস্থ ৰাখিবলৈ হ’লে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰতিদিনে সঠিক পৰিমাণৰ পানী খোৱাটো অত্যন্ত প্ৰয়োজন৷ পানীয়ে আমাৰ শৰীৰৰ বহু বেমাৰ দূৰ কৰে৷ এইবোৰ পৰামৰ্শ আমি সদায়ে শুনি থাকোঁ৷ শিশুসকলক পৰ্যাপ্ত পৰিমাণে পানী খোৱাবলৈ গৈ মাতৃসকলৰ অৱস্থা নাজল-নাথল হোৱাটো নতুন কথা নহয়৷ কিন্তু মাত্ৰাধিক পৰিমাণে পানী খাই বিপদ নামাতিব৷ জীৱনৰ সকলোতেই কিছু পৰিমাণে সমতাৰ দৰকাৰ৷ সেয়ে পানী খোৱাৰ ক্ষেত্ৰটো সমতা ৰখাটো জৰুৰী৷ গৱেষকসকলৰ মতে, প্ৰয়োজনতকৈ বেছি পৰিমাণে পানী খালে যিকোনো মুহূৰ্ততে সৰ্বনাশ  হ’ব পাৰে৷ শৰীৰত পানীৰ পৰিমাণ কমি গ’লেই যেনেকৈ ডিহাইড্ৰেছনৰ সমস্যাত ভুগিব পাৰে, ঠিক তেনেকৈ শৰীৰত পানীৰ পৰিমাণ অধিক হ’লেও অভাৰ ডাইড্ৰেছন হ’ব পাৰে৷ বেছি পৰিমাণে পানী খালে নানা ৰকমৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ যাৰ বাবে প্ৰধান ছডিয়ামৰ মাত্ৰা একেকোৱে বহু পৰিমাণে কমি যাব পাৰে৷ ঘুৰা-ফুৰা কৰোতেই আপুনি ঘনে ঘনে পানী খায় নেকি? খোৱাৰ পিছত বা একো নোখোৱাকৈ ঢকঢককৈ পানী খালে শৰীৰৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে পানী খোৱাৰ আগতে এবাৰ  হ’লেও ভাবিব৷ নিজৰ অজানিতেই অত্যাধিক পানী খাই বিপদ মাতি নানিব৷