Logo
image

যকৃতৰ এইবোৰ সমস্যাক কেতিয়াও অৱহেলা নকৰিব

কেন্সাৰৰ নাম শুনিলেই সকলোৱে আতংকিত হৈ পৰে৷ কিন্তু দুৰাৰোগ্য এই ৰোগত আক্ৰান্ত হ’লে প্ৰাথমিক অৱস্থাত সেয়া ধৰা নপৰে৷ কেন্সাৰৰ প্ৰভাৱ যেতিয়া ৰোগীৰ বিভিন্ন অংগত পৰিবলৈ আৰম্ভ কৰে, তেতিয়াহে ৰোগবিধৰ লক্ষণে দেখা দিয়ে৷ অৱশ্যে কিছুমান সাধাৰণ লক্ষণ প্ৰকাশ পায় যদিও অধিকাংশই তাক সাধাৰণ সমস্যা বুলি অৱহেলা কৰে৷ বিশেষকৈ যকৃতত কেন্সাৰ হ’লে তেনেকুৱা হয়৷ কিন্তু এনে লক্ষণ পোৱাৰ পাছতেই যদি ৰোগী সতৰ্ক হয় বা সঠিক চিকিৎসা আৰম্ভ কৰে, তেন্তে এই গুৰুতৰ ৰোগতো সুস্থ হ’ব পৰা যায়৷
প্ৰকৃততে যকৃতত কেন্সাৰ হ’লে ই প্ৰথমে যকৃতৰ কোষসমূহত আক্ৰমণ কৰে৷ লাহে লাহে যকৃতত ইয়াৰ সংক্ৰমণ ঘটিবলৈ ধৰে৷ আনকি শৰীৰৰ বিভিন্ন অংগলৈও এই ৰোগৰ সংক্ৰমণ ঘটিব পাৰে৷ উল্লেখ কৰা হ’ল যকৃতত কেন্সাৰ হ’লে দেখা দিয়া লক্ষণসমূহ–
- হঠাৎ ওজন কমি যোৱা
- ভোক নলগা
- পেটৰ ওপৰ অংশত বিষ অনুভৱ
- বমি ভাব হোৱা বা সঘনাই বমি হোৱা
- ক্লান্তি ভাব আৰু দুৰ্বল লগা
- অনবৰতে পেট ফুলি থকা
- ছাল আৰু চকু হালধীয়া হোৱা
- শৌচৰ বৰণ বগা হোৱা
এইবোৰ লক্ষণ দেখিলে অৱহেলা নকৰি লগে লগে চিকিৎসকৰ কাষ চাপক৷ কেন্সাৰ অথবা লিভাৰ কেন্সাৰ আৰম্ভণিতে চিনাক্তকৰণ কৰিব পাৰিলে সুস্থ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ 
কোনবোৰ লোকৰ যকৃতৰ কেন্সাৰ হোৱাৰ আশংকা বেছি:
- যিসকলৰ এইচ বি চি বা এইচ চি ভি ইনফেকশ্যন আছে
- যিসকলে ইতিমধ্যে লিভাৰ ছিৰোছিছত ভুগিছে
- জন্মগতভাৱে যিসকলৰ যকৃতৰ সমস্যা আছে
- ডায়েবেটিছ ৰোগী
- নন এলক’হলিক ফেটি লিভাৰ ডিজিজ
- অত্যধিক সুৰাপান
লিভাৰ কেন্সাৰৰ আশংকা কেনেদৰে কমাব:
- সুৰাপানৰ অভ্যাসে লিভাৰ বা যকৃতত কেন্সাৰ হোৱাৰ আশংকা দুগুণ বৃদ্ধি কৰে, সেয়ে সুৰাপানৰ অভ্যাস ত্যাগ কৰক৷
- যিসকলৰ স্থূলতাৰ সমস্যা আছে, তেওঁলোকে দেহৰ ওজন নিয়ন্ত্ৰণলৈ আনক৷ কিয়নো এই সমস্যাই ফেটি লিভাৰ কৰে৷