বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয়ৰ প্ৰত্যাহ্ৱান
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ যোগেদি দেশৰ শিক্ষাখণ্ডলৈ আমূল পৰিৱৰ্তন অনাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষাৰ লগতে উচ্ছশিক্ষা খণ্ডত বহু নতুন দিশ সূচনা কৰা হৈছিল৷ সেই মৰ্মে উচ্ছশিক্ষাৰ গুণগত মান অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে বিশ্ব ৰেংকিঙৰ শ্ৰেষ্ঠ ৫০০ বিশ্ববিদ্যালয়ৰ তালিকাত থকা বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ ভাৰতত প্ৰতিষ্ঠা কৰাৰো প্ৰস্তাৱ দাঙি ধৰা হৈছিল৷ ড॰ কস্তুৰীৰংগণৰ নেতৃত্বত প্ৰকাশ কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ [এনইপি-২০২০]ৰ খচৰাখন আজি প্ৰায় দুবছৰ পূৰ্বে প্ৰকাশ কৰাৰ সময়ত ইয়াত সন্নিৱিষ্ট বহু বিষয়ক লৈ বিভিন্ন সমালোচনা, বিতৰ্ক, পৰ্যালোচনা হৈছিল৷ বিশেষকৈ বিশ্ব ৰেংকিঙত উচ্ছ স্থানৰ বিশ্ববিদ্যালয় দেশত প্ৰতিষ্ঠা কৰিবলৈ দিয়াৰ ফলত দেশীয় বিশ্ববিদ্যালয়সমূহে সন্মুখীন হ’ব পৰা বৃহৎ প্ৰত্যাহ৩ানক লৈয়ো বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছিল৷ অৱশ্যে এনইপি-২০২০-এ এই বিষয়টো অন্তৰ্ভুক্ত কৰাৰ পূৰ্বেও প্ৰফেছাৰ যশপালৰ নেতৃত্বত প্ৰদান কৰা ৰাষ্ট্ৰীয় কাৰিকুলাম ফ্ৰেমৱৰ্ক-২০০০ তো বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয় ভাৰতত প্ৰতিষ্ঠা কৰি ভাৰতীয় বিশ্ববিদ্যালয়ৰ সৈতে পৰস্পৰৰ সৈতে কলাবৰেচন কৰি ইয়াৰ যোগেদি দেশীয় বিশ্ববিদ্যালয়ৰ মান উন্নীত কৰাটোও সন্নিৱিষ্ট হৈছিল৷ অৱশ্যে ইউজিচি-ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেছাৰ যশপালে উল্লেখ কৰা ধৰণে বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয়ভাৰতত গঢ় লৈ নুঠিল৷ কিন্তু এনইপিত উল্লেখ কৰা ধৰণে বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয় ভাৰতত প্ৰতিষ্ঠাৰ বাবে কেইদিনমান পূৰ্বে ইউজিচিৰ বৰ্তমানৰ অধ্যক্ষ এম জগদীশ কুমাৰে ঘোষণা কৰাৰ লগে লগে দেশত বিদেশী বিশ্ববিদ্যালয়ৰ দপদপনি এতিয়া নিশ্চিত হৈ পৰিল৷ এই ঘোষণাৰ পাছত মৰ্যাদাসম্পন্ন বিদেশী বিশ্ববিদ্যালয়ে নিজৰ চৌহদ প্ৰতিষ্ঠা কৰি স্বতন্ত্ৰভাৱে নামভৰ্তি প্ৰক্ৰিয়া আৰু মাচুল সংগ্ৰহ কৰিব পাৰিব৷ ইউজিচিয়ে ইতিমধ্যে প্ৰস্তুত কৰা বিদেশী উচ্ছ শিক্ষানুষ্ঠান স্থাপন, পৰিচালনা আৰু নিয়ন্ত্ৰণ ২০২৩ শীৰ্ষক খচৰা প্ৰস্তুত কৰি তাত কেতবোৰ নীতি-নিৰ্দেশনা সন্নিৱিষ্ট কৰিছে৷ ইউজিচিয়ে বিদেশী বিশ্ববিদ্যালয়সমূহক প্ৰথমতে দহ বছৰৰ বাবে অনুমতি প্ৰদান, স্বচ্ছ আৰু যুক্তিসংগতভাৱে পৰিচালনা, বিদেশী বিশ্ববিদ্যালয়ে অনলাইন পাঠ্যক্ৰম চলোৱাত নিষেধাজ্ঞা আদি বিভিন্ন নিৰ্দেশ জাৰি কৰিছে৷ দেশৰ উচ্ছশিক্ষাৰ এই পৰ্যন্ত নিয়ন্ত্ৰক সংস্থাৰূপে পৰিগণিত ইউজিচিয়ে বিদেশী বিশ্ববিদ্যালয় সম্পৰ্কত প্ৰস্তুত কৰা খচৰাখনত বিভিন্ন পক্ষৰ মতামত বিচাৰিছে যদিও ইতিপূৰ্বে অনুমতি প্ৰদান কৰাৰ পাছত বিশ্বমানৰ বিশ্ববিদ্যালয় ভাৰতলৈ অহাটো নিশ্চিত হৈছে৷ এক কথাত উচ্ছশিক্ষাৰ মান অধিক বৃদ্ধিৰ প্ৰসংগটো বহু বছৰ ধৰি উত্থাপিত হৈ থকাৰ সময়ত বিশ্ব শ্ৰেষ্ঠ বিদেশী বিশ্ববিদ্যালয়ত ভাৰততে শিক্ষাগ্ৰহণ লাভ কৰাৰ বাবে শিক্ষাৰ্থীসকলে সুযোগ লাভ কৰাটোক বহুতেই হয়তো সমৰ্থন কৰিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতবৰ্ষৰ পৰা বছৰি এক বুজন পৰিমাণৰ শিক্ষাৰ্থীয়ে বিদেশী বিশ্ববিদ্যালয় শিক্ষা লাভৰ বাবে ঢাপলি মেলে৷ আজি কিছুবছৰ পূৰ্বে পিএইচডি, স্নাতকোত্তৰ আদি প্ৰগেমৰ বাবেহে ভাৰতীয় ছাত্ৰ-ছাত্ৰী বিদেশলৈ গৈছিল যদিও আজিকালি আণ্ডাৰ গ্ৰেজুৱেট বহু প্ৰগেমত নামভৰ্তি কৰিবৰ বাবেও তেওঁলোক বিদেশলৈ যায়৷ বিগত ক’ভিড অতিমাৰীৰ পাছত ভাৰতীয় শিক্ষাৰ্থী বিদেশলৈ যোৱাটো বহু পৰিমাণে হ্ৰাস পাব বুলি জল্পনা-কল্পনা কৰা হৈছিল যদিও সেয়া কাৰ্যতঃ হৈ নুঠিল৷ ২০২১-২২ চনত ভাৰতৰ প্ৰায় ১৪ লাখ শিক্ষাৰ্থী বিদেশৰ বিশ্ববিদ্যালয়লৈ যোৱাৰ বিপৰীতে মাত্ৰ ৫০ হাজাৰমান বিদেশী শিক্ষাৰ্থী ভাৰতৰ বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে আহিল৷ এই পৰিসংখ্যাই প্ৰমাণ কৰে যে ভাৰতীয় উচ্ছ শিক্ষানুষ্ঠানসমূহে বিদেশী শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিব পৰা নাই আৰু ভাৰতীয় শিক্ষাৰ্থীসকলে নিজৰ দেশৰ বিশ্ববিদ্যালয়সমূহ বিচৰাধৰণে নোপোৱাৰ বাবে বিদেশলৈ যায়৷ অৱশ্যে এই কথাও সত্য যে বহু ধনী, বিত্তৱান ব্যক্তিৰ সন্তানসকলে মেধাৰ দিশৰ পৰা ভাৰতত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ত আসন লাভ কৰাত ব্যৰ্থ হোৱাৰ বাবেও বিদেশলৈ গমন কৰে৷ এনইপি-ৰ মতে বিদেশী শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ চৌহদ ভাৰতত প্ৰতিষ্ঠা হোৱাৰ পাছত ভাৰতীয় বিশ্ববিদ্যালয়সমূহে প্ৰতিযোগিতাত লিপ্ত হ’ব পৰাকৈ নিজক প্ৰস্তুত কৰি নুতুলিলে নিজৰ স্থিতি বিপন্ন হোৱাৰ দিশে ধাৱমান হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, সম্প্ৰতি ভাৰতবৰ্ষত বহু কেইখন দেশীয় ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে গুণগত মান, নতুনত্ব, গৱেষণাৰ ক্ষেত্ৰত সফলতা প্ৰদৰ্শন কৰাৰ বিপৰীতে চৰকাৰৰ নিয়ন্ত্ৰণত থকা অধিকাংশ বিশ্ববিদ্যালয় বহু সমস্যাৰে জৰ্জৰিত হোৱাৰ বাবে পূৰ্বৰ সুনাম অক্ষুণ্ণ ৰখাত ব্যৰ্থ হৈছে৷ এনে পৰিস্থিতিত দেশৰ ভিতৰতে থকা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ সৈতে ক্ৰমান্বয়ে ফেৰ মাৰিব নোৱাৰা এক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়ত বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয়ৰ সৈতে বিশেষকৈ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহে কিমান প্ৰতিযোগিতা কৰিব পাৰিব সেয়া প্ৰশ্নৰ বিষয়৷ তাৎপৰ্যপূৰ্ণভাৱে অসমৰ দৰে ৰাজ্যত চৰকাৰে এখনৰ পাছত এখনকৈ ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিয়েই আছে যদিও আন্তঃগাঁথনি আৰু অন্যান্য সকলো দিশৰ পৰা এই বিশ্ববিদ্যালয়সমূহ পঁয়ালগা অৱস্থাতে আছে৷ এনে এক জটিল সন্ধিক্ষণত বিশ্বমানৰ বিদেশী বিশ্ববিদ্যালয় দেশত প্ৰতিষ্ঠাই কি নতুন প্ৰত্যাহ্ৱান কঢ়িয়াই আনিব সেয়া লক্ষণীয় হ’ব৷






