Logo
image

তেজত হিম’গ্লবিনৰ মাত্ৰা কমিলে কি কৰিব

তেজত বহুতৰে হিম’গ্লবিনৰ মাত্ৰা কম থাকে৷ কিন্তু বহুতেই এই সমস্যাক গুৰুত্ব নিদিয়ে৷ কিন্তু জানি থোৱা ভাল যে তেজত হিম’গ্লবিনৰ মাত্ৰা ক্ৰমশঃ কমি থাকিলে বিকলাংগ হোৱাৰ আশংকা বৃদ্ধি পায়৷ তেজৰ তিনিটা কণিকাৰ মাজত থকা লোহিত কণিকাত থকা বিশেষ আইৰণবিধক হিম’গ্লবিন বুলি কোৱা হয়৷ হিম’গ্লবিনৰ প্ৰধান কাম হৈছে ধমনীৰ পৰা দেহৰ সকলো অংশলৈ অক্সিজেনৰ সৰবৰাহ কৰা৷ গতিকে দেহত হিম’গ্লবিনৰ মাত্ৰা কমিলে অক্সিজেনৰ সৰবৰাহো কমি আহে৷ ফলত শৰীৰ দুৰ্বল হৈ পৰে, মূৰ বিষায় আৰু বিভিন্ন উপসৰ্গই দেখা দিয়ে৷ 

দীৰ্ঘদিন ধৰি ৰক্তহীনতাত ভুগি থাকিলে দেহৰ গুৰুত্বপূৰ্ণ অংগসমূহ সম্পূৰ্ণৰূপে বিকল হোৱাৰ আশংকা থাকে৷ সেয়ে এই সমস্যাৰ পৰা বাচিবলৈ হ’ল এনে কেতবোৰ খাদ্য খোৱা উচিত যিবোৰে তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে–

◾ বাদামঃ বাদাম মানৱ দেহৰ বাবে উপকাৰী৷ সেয়ে তৰুণসকলক  কাজুবাদাম, চিনা বাদাম আৰু আখৰোট খাবলৈ পৰামৰ্শ দিয়া হয়৷ বাদামে তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়৷ 

◾ মাংসঃ তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়াবলৈ পৰ্যাপ্ত প্ৰ’টিনৰ প্ৰয়োজন৷ ইয়াৰ বাবে সকলো ধৰণৰ ৰেডমিট খোৱা উচিত৷ মাংসতকৈ লিভাৰ আইৰণৰ আটাইতকৈ উৎকৃষ্ট উৎস৷ আইৰণে হিম’গ্লবিন বঢ়োৱাত সহায় কৰে৷ অৱশ্যে কুকুৰাৰ মাংস ৰেডমিটৰ শাৰীত নপৰিলেও ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে আইৰণ পাব পৰা যায়৷

◾ টেঙা ফলঃ সকলো ধৰণৰ ৰসাল ছাইট্ৰিক এচিডযুক্ত ফলে তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়৷ ভিটামিন ‘চি’ৰ আটাইতকৈ ভাল উৎস হৈছে আম, নেমু আৰু সুমথিৰা৷ ষ্ট্ৰবেৰী, আপেল, তৰমুজ আৰু ডালিম আদিতো প্ৰচুৰ পৰিমাণে আইৰণ থাকে৷ হিম’গ্লবিনৰ মাত্ৰা বঢ়াবলৈ এনে ফল খোৱাটো জৰুৰী৷

◾ সামুদ্ৰিক মাছঃ সামুদ্ৰিক মাছত প্ৰচুৰ পৰিমাণে থাকে আইৰণ আৰু অন্যান্য পুষ্টিকৰ উপাদান৷ এনিমিয়া বা ৰক্তহীনতাৰ সমস্যাত ভোগা ৰোগীয়ে সামুদ্ৰিক খোৱা উচিত৷

◾ ছয়াবিনঃ বুট বা ছয়াবিন জাতীয় খাদ্যতো প্ৰচুৰ পৰিমাণে আইৰণ থাকে৷ ছয়াবিনে প্ৰ’টিনৰো যোগান ধৰে৷ সেয়ে খাদ্য বিশেষজ্ঞসকলে ৰোগীক ছয়াবিন খোৱাৰ পৰামৰ্শ দিয়ে৷ ছয়াবিনে তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰে৷ 

◾ শস্যজাতীয় খাদ্যঃ চাউল, ঘেঁহু, বাৰ্লি আদিত ৰক্তহীনতাত আক্ৰান্ত ৰোগীৰ বাবে উপকাৰী৷ এইবোৰ খাদ্যই প্ৰয়োজনীয় কাৰ্বহাইড্ৰেট সৰবৰাহ কৰে৷ বিশেষকৈ ৰঙা চাউলক সকলো বয়সৰ ৰোগীৰ বাবে আইৰণৰ বিশেষ উৎস বুলি কোৱা হয়৷ 

◾ শুকান ফলঃ কিছমিছ আৰু খেজুৰত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন আৰু ফাইবাৰ থাকে৷ এইবোৰে তেজত হিম’গ্লবিনৰ মাত্ৰা দ্ৰুতহাৰত বৃদ্ধি কৰে৷ 

◾ কণীঃ কণীত থকা আইৰণ আৰু অন্যান্য পুষ্টিকৰ উপাদানসমূহে তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়ায়৷

◾ ডাৰ্ক চকলেটঃ  ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে আইৰণ থাকে৷  ডাৰ্ক চকলেটে দেহত আইৰণৰ অভাৱ দূৰ কৰে৷ ফলত হিম’গ্লবিনৰ মাত্ৰাও দ্ৰুত বৃদ্ধি পায়৷ 

◾ সতেজ পাচলিঃ হিম’গ্লবিনৰ সমস্যা বা ৰক্তহীনতাত ভোগা ৰোগীয়ে দৈনিক খাদ্য তালিকাত সতেজ শাক-পাচলি ৰখা উচিত৷ সতেজ পাচলিত আইৰণ আৰু  অন্যান্য পুষ্টিকৰ উপাদানসমূহৰ উপৰিও বিভিন্ন ধৰণৰ ভিটামিন থাকে৷ সেয়ে হিম’গ্লবিনৰ সমস্যা থাকিলে আলু, কবি, বিলাহী, কোমোৰা আৰু নেমু আদি খোৱা উচিত৷