গুৱাহাটীত বিশ্বকাপৰ খেল আয়োজন সম্ভৱ হ’বনে
২০১৬ চনত অনুষ্ঠিত দ্বাদশ দক্ষিণ এছীয় ক্ৰীড়া সমাৰোহৰ পাছৰ পৰা ক্ৰীড়াক্ষেত্ৰত গুৱাহাটীয়ে বিশেষ গুৰুত্ব পাইছে৷ দেশৰ সবাতোকৈ জনপ্ৰিয় খেল ক্ৰিকেটৰ লগতে ফুটবলেই নহয়, শেহতীয়াকৈ গুৱাহাটীত কেইবাখনো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ এইবোৰলৈ চাই এটা কথা ক’ব পাৰি যে ক্ৰীড়াৰ পৰিৱেশ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৱাহাটী এতিয়া বহুখিনি আগবঢ়া৷ মঙলবাৰে গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ গ’ল চলিত এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল৷ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখনত সেয়া আছিল চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় খেল৷ বৰ্ষাপাৰাস্থিত ক্ৰিকেট ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠাৰ পূৰ্বে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠিত হৈছিল নেহৰু ষ্টেডিয়ামত৷ নেহৰু ষ্টেডিয়ামত ১৪খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠিত হোৱাৰ বিপৰীতে এখন খেল পৰিত্যক্ত আৰু আন এখন খেল বাতিল কৰা হৈছিল৷ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন ভাৰতত থকা ক্ৰিকেট ষ্টেডিয়ামবোৰৰ ভিতৰত অন্যতম সুন্দৰ হিচাপে বিবেচিত হৈছে৷ সেইবাবেই ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই স্থানত অধিক আন্তঃৰাষ্ট্ৰীয় খেল আয়োজনৰ দায়িত্ব দিব বিচাৰে৷ ইপিনে, অসম ক্ৰিকেট সন্থাই কেৱল এদিনীয়া অথবা টুৱেণ্টী২০ ক্ৰিকেটেই নহয়, গুৱাহাটীত টেষ্ট ক্ৰিকেট অনুষ্ঠিত কৰিব বিচাৰে৷ অৱশ্যে, অসম ক্ৰিকেট সন্থাৰ পৰৱৰ্তী লক্ষ্য হৈছে গুৱাহাটীত বিশ্বকাপ ক্ৰিকেট আয়োজন কৰা৷ উল্লেখ্য, চলিত বছৰতে ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত কৰিব ভাৰতে আৰু বিশ্বকাপৰ এখন খেল আয়োজনৰ সুযোগ পাব বুলি আশাবাদী অসম ক্ৰিকেট সন্থা৷ সন্থাৰ প্ৰাক্তন সম্পাদক তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৰ্তমানৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই অলপতে এটা সাক্ষাৎকাৰত কৈছিল যে অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখনৰ বিশ্বকাপৰ খেল অনুষ্ঠিত কৰাৰ পূৰ্ণ যোগ্যতা আছে৷ আন্তঃগাঁথনিৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো সা-সুবিধা আছে ষ্টেডিয়ামখনত৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ দায়িত্বপূৰ্ণ পদবীত অসমৰ এজন থকাটোত গুৱাহাটীত বিশ্বকাপৰ খেল আয়োজনৰ বিষয়টোত সহায়ক হ’ব বুলি ভবাৰ থল আছে৷ অৱশ্যে সেই বিষয়ে এতিয়াই একো ক’ব পৰা নাযাব৷ কিয়নো বিশ্বকাপৰ খেল অনুষ্ঠিত হ’বলগীয়া স্থানবোৰ এতিয়াও ঘোষণা কৰা হোৱা নাই৷
এইখিনিতে আন এটা কথা উল্লেখৰ প্ৰয়োজন যে গুৱাহাটীক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] অন্যতম ভেন্যু হিচাপে বিবেচনা কৰা বুলি মাজতে শুনিবলৈ পোৱা গৈছিল৷ কিন্তু এইপৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই৷ বিশ্বকাপৰ খেল আয়োজনৰ বিষয়ে ক’বলৈ গ’লে ষ্টেডিয়ামৰ আন্তঃগাঁথনি, আন সা-সুবিধাৰ লগতে আনুষংগিক বিভিন্ন কাৰক জড়িত হৈ থাকে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ লগতে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ বিশেষজ্ঞ কমিটীয়ে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব৷ এটা কথা স্বীকাৰ্য যে বিশ্বকাপৰ খেল আয়োজনৰ সুযোগ পালে ভাৰতীয় ক্ৰিকেটত গুৱাহাটীৰ গুৰুত্ব অধিক বৃদ্ধি পাব৷ কিন্তু কেৱল প্ৰতিযোগিতা অনুষ্ঠিত কৰিলেই অঞ্চল এটাৰ খেলৰ মান উন্নত হ’ব বুলি ক’ব পাৰি জানো? গুৱাহাটীত ইতিমধ্যে অনূধবৰ্ ১৭ বছৰৰ বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱাৰ লগতে নিয়মিতভাৱে অনুষ্ঠিত হৈ আছে ইণ্ডিয়ান ছুপাৰ লীগৰ খেল৷ নিঃসন্দেহে দুই-এজন খেলুৱৈ ব্যক্তিগত প্ৰচেষ্টাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে৷ কিন্তু ৰাজ্যিক ফুটবল দলৰ প্ৰদৰ্শন আশানুৰূপ বুলি ক’ব নোৱাৰি৷ ৰাজ্যখনত উপযুক্ত ক্ৰীড়া নীতিৰ অভাৱেই ইয়াৰ প্ৰধান কাৰণ বুুলি ক’ব পাৰি৷ ক্ৰিকেটতো অসমৰ খেলুৱৈয়ে আশা কৰা ধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই৷ আই পি এলতো অসমৰ খেলুৱৈ এতিয়ালৈকে বঞ্চিত হোৱা বু্লিয়েই ক’ব লাগিব৷ অসমৰ ক্ৰিকেটৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্যিক সন্থাটোৰ কৰ্মকৰ্তাসকলে স্বাৰ্থহীনভাৱে কাম কৰাৰ মানসিকতা দেখুৱাব লাগিব৷






