প্ৰকৃতিৰ খং
প্ৰকৃতিক জয় কৰাৰ বাসনাৰে মানুহে ক্ৰমাগতভাৱে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি আহিছে৷ মানুহৰ সুবিধাৰ বাবে ডিনামাইটেৰে ধবংস কৰা হৈছে পাহাৰৰ বুকু৷ পাহাৰ-পৰ্বতৰ সুউচ্ছ শিখৰতো সাজিছে ৰাস্তা-ঘাট, বৃহৎ বৃহৎ অট্টালিকা৷ উন্নয়নৰ স্বাৰ্থত মানুহে নদীৰ স্বাভাৱিক গতিক ভেটা দি নিৰ্মাণ কৰিছে জলবিদ্যুৎ প্ৰকল্প, আনকি জনস্বাৰ্থৰ দোহাই দি নদীৰ গতিপথো সলনি কৰিছে৷ ফলত প্ৰকৃতিৰ স্বাভাৱিক সন্তুলন বিনষ্ট হৈছে৷ ইয়াৰ উপৰি লাভজনক বুলি বিবেচিত ঠাইত ভূমিভাগৰ বহন ক্ষমতাৰ প্ৰতি গুৰুত্ব নিদি নিৰ্মাণ কৰা হৈছে এটাৰ পাছত আন এটা বৃহৎ প্ৰকল্প৷ প্ৰকৃতিক ধবংস কৰি অৰ্থ আহৰণৰ নামত উন্মাদ মানুহৰ বাবেই সঘনাই প্ৰাকৃতিক বিপৰ্যয়ৰ সৃষ্টি হৈছে৷ এসময়ত নদীবান্ধৰ বাবেই উত্তৰাখণ্ডত হোৱা প্ৰাকৃতিক ধবংসলীলাৰ কথা হয়তো মানুহে পাহৰা নাই৷ সেই উত্তৰাখণ্ডৰে যোশীমঠ চহৰ এতিয়া ডুবন্ত চহৰত পৰিণত হৈছে৷ যোশীমঠ চহৰৰ বাসগৃহ, ৰাস্তা-ঘাট সকলোতে এতিয়া ফাঁট মেলিছে৷ চহৰখনৰ ঠায়ে ঠায়ে বহি যোৱাৰ ফলতে এনেদৰে বাসগৃহ, ৰাস্তা-ঘাট, অট্টালিকা আদিত ফাঁট মেলিছে বা কোনো কোনো ঠাইৰ নিৰ্মাণ বাগৰি পৰিছে৷ উত্তৰাখণ্ডৰ ডিজেষ্টাৰ মেনেজমেণ্ট অথ’ৰিটীয়ে প্ৰকাশ কৰা অনুসৰি, সোমবাৰলৈ যোশীমঠ চহৰৰ ৭২৩টা গৃহ ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ ভিতৰত ৮৬টা গৃহ অসুৰক্ষিত বুলি প্ৰশাসনে চিনাক্ত কৰি তাত বাস কৰা লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে৷ ইয়াৰ উপৰি চহৰখনত নিৰ্মাণ কৰা ‘মালাৰি ইন’ আৰু ‘মাউণ্ট ভিউ’ নামৰ হোটেল দুখনৰ সু-উচ্ছ অট্টালিকাই অঞ্চলটোত বাস কৰা লোকৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবে সোমবাৰে উক্ত হোটেল দুখনৰ অট্টালিকা ধবংস কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে৷ অৱশ্যে এই কথাও পোহৰলৈ আহিছে যে যোশীমঠ চহৰৰ বহু বাসগৃহত পূৰ্বেই ফাঁট মেলাত জনসাধাৰণে চৰকাৰক অভিযোগ দিছিল যদিও চৰকাৰে সেই অভিযোগৰ প্ৰতি গুৰুত্ব নিদি নতুন নতুন নিৰ্মাণত অনুমতি দিছিল৷ আনহাতে, ১৯৭৮ চনতে বিশেষজ্ঞ সমিতিয়ে এখ প্ৰতিবেদন দাখিল কৰি পৰামৰ্শ দিছিল যে যোশীমঠ হিমালয়ৰ ভংগুৰ শিলাখণ্ডৰ ওপৰত প্ৰতিষ্ঠিত, সেয়ে ইয়াত বৃহৎ নিৰ্মাণ সম্ভৱপৰ নহয়৷ তদুপৰি প্ৰতিবেদনখনত এইবুলিও পৰামৰ্শ দিছিল যে যিহেতু যোশীমঠ পুৰণি ভূস্থলিত অঞ্চলত অৱস্থিত, সেয়ে ইয়াত বৃহৎ নিৰ্মাণৰ কাম কৰিলে অঞ্চলটো বহি যাব পাৰে৷ ইয়াৰ বাবে প্ৰশাসনক অঞ্চলটোত বৃহৎ নিৰ্মাণত বাধা দিবৰ বাবে সেই কমিটীয়ে পৰামৰ্শ দিছিল৷ কিন্তু সেই প্ৰতিবেদনৰ পৰামৰ্শক অৱজ্ঞা কৰি চৰকাৰে বিভিন্ন সময়ত বৃহৎ বৃহৎ নিৰ্মাণৰ বাবে সেউজ সংকেত দিয়াৰ ফলতে আজি যোশীমঠ এখন ডুবন্ত চহৰত পৰিণত হৈছে৷ প্ৰকৃতিৰ ভাৰ বহন ক্ষমতাক উলাই কৰি অদূৰদৰ্শী চিন্তা-চৰ্চাৰে কৰা কামৰ বাবে যে মানুহে মূল্য ভৰিব লাগে, সেই কথা বিভিন্ন সময়ত সংঘটিত হোৱা প্ৰাকৃতিক ধবংসলীলাই প্ৰমাণ কৰি আহিছে৷ কিন্তু ইয়াৰ পাছতো মানুহে প্ৰকৃতিক জয়ৰ দুৰ্বাৰ বাসনাত মত্ত৷ উত্তৰাখণ্ডৰ যোশীমঠ চহৰ যিদৰে ক্ৰমে ধবংসৰ দিশে আগবাঢ়িছে, অনাগত সময়ত হয়তো এনেদৰে বহু ঠাইতো ভয়াৱহ বিপদ ঘটিব৷ আনকি অসমো প্ৰকৃতিৰ ধবংসলীলাৰ কবলত পৰাৰ আশংকা আছে৷ ইতিমধ্যে চৰকাৰে অৰুণাচলত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা বৃহৎ বৃহৎ নদীবান্ধে অসমত জলপ্ৰলয়ৰ আশংকা বঢ়াই তুলিছে৷ ইয়াৰ উপৰি চীনেও ব্ৰহ্মপুত্ৰৰ উৎসস্থলীতে বৃহৎ বৃহৎ নদীবান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰৰ সোঁত তিব্বতলৈ বোৱাই নিয়াৰ আঁচনি গ্ৰহণ কৰা বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ যদিহে চীনে উৎসতে ব্ৰহ্মপুত্ৰক নিজৰ ফালে বোৱাই লৈ যায়, তেন্তে অসম মৰুভূমিত পৰিণত হ’বলৈ হয়তো সৰহদিন নালাগিব৷






