Logo
image

১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ

আমাৰ অসম, ১২ জানুৱাৰী: ‘২৮ জানুৱাৰীৰ পৰা ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ৷ কিন্তু এইবাৰৰ গুণোৎসৱ পূৰ্বৰ তুলনাত সুকীয়া হ’ব৷ এইবাৰ গুণোৎসৱত নিজ বিদ্যালয়ৰ শিক্ষকসকলে নিজৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰিব নোৱাৰিব৷’– এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷  বুধবাৰে গুণোৎসৱৰ সন্দৰ্ভত কাহিলিপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ডাঃ পেগুৱে কয়– ‘প্ৰথম পৰ্যায়ত অহা ১৮-২১ জানুৱাৰীলৈ ক্ৰমে বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোক্‌ৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা চ্ছ্ৰ ফেব্ৰুৱাৰীলৈ বাগ্‌সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ [মহানগৰ], শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ ক্ৰমে বিশ্বনাথ, বহাইগাঁওষ দৰং, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, কাছাৰ, নলবাৰী আৰু মৰিগাঁও জিলাক সামৰি তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷ মুঠ ৩১খন জিলাৰ গুণোৎসৱত অংশ ল’ব ৪৪,৫২৫খন বিদ্যালয়ে৷ মূল্যায়ন হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৪২,৭৪,৮৮১গৰাকী৷ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ হ’বলগীয়া গুণোৎসৱত এইবাৰ হিচাপ কৰা হ’ব বিদ্যালয়ত অনুপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা৷ অনুপস্থিত শিক্ষাৰ্থীৰ সংখ্যা গণনা কৰি নিৰ্ধাৰণ কৰা হ’ব শতকৰা উত্তীৰ্ণৰ হাৰ৷ ইয়াৰোপৰি গুণোৎসৱৰ নম্বৰৰ পৰা ১০ শতাংশ যোগ কৰা হ’ব বছৰেকীয়া পৰীক্ষাত৷ যিসমূহ বিদ্যালয়ত আন্তঃগাঁথনিৰ এতিয়াও অভাৱ হৈ আছে, তেনে বিদ্যালয়ৰ সমস্যা গুণোৎসৱৰ জৰিয়তে দূৰ কৰা হ’ব৷ গুণোৎসৱত ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাগ ল’ব মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আইএএছ বিষয়ায়ো৷ গুণোৎসৱত নকল ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱাৰ তথ্য পোৱা নাই যদিও সন্দেহ আছে৷ এইবাৰ গুণোৎসৱত কোনেও কোনো অজুহাত দিব নোৱাৰিব৷ মেট্ৰিকৰ পৰীক্ষাও নৰ্মেল হ’ব৷ ‘ৰেণ্ডমাইজেশ্বন’ অনলাইন পৰ্টেলৰ জৰিয়তে শিক্ষকসকলে পৰ্টেলত চাব পাৰিব গুণোৎসৱৰ সময়ত কোনখন বিদ্যালয়ত কৰ্মৰত হ’ব৷ পূৰ্বৰ গুণোৎসৱৰ পাছত ৯৮০ কোটি টকা বিদ্যালয়ৰ উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে৷ তাৰে কাম চলি আছে৷ ৰাজ্যত এক হাজাৰ বিদ্যালয় আছে, য’ত ৩১গৰাকী ছাত্ৰ-ছাত্ৰী নাই৷ এজনীয়া বা দুজনীয়া শিক্ষকৰ সমস্যা দূৰ কৰা হ’ব৷ গুণোৎসৱ আৰু বছৰেকীয়া পৰীক্ষাৰ পাছতহে শিক্ষকৰ ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব৷’