Logo
image

মে’ত অসম পুলিচত ৫ হাজাৰ নিযুক্তি

আমাৰ অসম, ১২ জানুৱাৰী:  ‘১০ মে’ৰ পূৰ্বে অসম আৰক্ষীত প্ত সহস্ৰাধিকক নিযুক্তি দিয়া হ’ব৷ শ্বহীদ আৰক্ষীৰ পৰিয়ালক অচিৰেই দিয়া হ’ব সংস্থাপন৷ ২৫ জানুৱাৰীত ৩০০ পৰিয়ালক দিয়া হ’ব সংস্থাপন৷ অনলাইন হ’ব অসম আৰক্ষীৰ কুৰিটাকৈ সেৱা৷  অনলাইনত দাখিল কৰিব পাৰিব এজাহাৰ৷’– এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষীৰ কাম-কাজৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদীৰ হিংসাত্মক কাৰ্যকলাপত প্ৰাণাহুতি দিয়া আৰক্ষীৰ নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি দিয়া হ’ব৷ অনলাইনৰ জৰিয়তে শিশু পৰ্নগ্ৰাফী, চাইবাৰ জালিয়াতি আদি অপৰাধৰ মোকাবিলা কৰা হ’ব৷ চলিত বৰ্ষৰ দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটীত দুই হাজাৰ চি চি টিভি সংস্থাপনৰ কাম আৰম্ভ হ’ব৷ মহানগৰীত প্তজনতকৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানে নিজাববীয়াকৈ সংস্থাপন কৰিব লাগিব চি চি টিভি৷ ফ্লেট বনালে চি চি টিভি লগোৱাটো বাধ্যতামূলক৷ পিতৃ-মাতৃ দুয়োজনে কৰ্তব্য কৰিলে ঘৰত লগাব লাগিব চি চি টিভি৷ সন্তানক চোৱা-চিতা কৰা লোকৰ হাতত থৈ গ’লে চি চি টিভিত নিৰীক্ষণ কৰিব লাগিব৷ ৩০ দিনৰ সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব চি চি টিভি কেমেৰাত৷ হেলমেট পিন্ধি অপৰাধ সংঘটিত কৰিলেও অপৰাধীৰ মুখমণ্ডল স্পষ্ট থাকিব চি চি টিভিত৷ চি চি টিভি কেমেৰাত থাকিব ফেচ ৰিডিং ছফটৱেৰ৷ সাতগাঁও থানাৰ ঘটনা সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘অ’চিক মোৰ ছোৱালী বিয়া দিয়া নাই, যিয়েই দোষী নহওঁক সকলো আহিব তদন্তৰ আওতালৈ৷’ আজিৰ অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে চৰকাৰৰ উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷