Logo
image

অসমত জেহাদী আছে! মন্ত্ৰী জয়ন্ত

আমাৰ অসম, ১২ জানুৱাৰী:   ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ টুইটাৰ একাউণ্ট হেকাৰৰ কৱলত পৰিছে৷ তেওঁ এইকথা প্ৰকাশ কৰে তেজপুৰত৷ উল্লেখ্য, দীৰ্ঘদিন ধৰি অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যাৰ সমাধান সূত্ৰ অচিৰেই উলিয়াবলৈ আৰু এই সন্দৰ্ভত দুই ৰাজ্যৰ বিবদমান   সীমা সমস্যাক লৈ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত কালি অৰুণাচল চৰকাৰৰে আলোচনাত মিলিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা৷ ইটানগৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰাকালত মন্ত্ৰীজন তেজপুৰ আৱৰ্ত ভৱনত আজি পুৱতি নিশা উপস্থিত হয়হি৷ আজি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰা কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰীজনে দুই ৰাজ্যৰ সীমা সমস্যাৰ সমাধান সূত্ৰ ওলাব বুলি আশা প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত৷ আনহাতে, শেহতীয়াকৈ তেওঁৰ নিজৰ টুইটাৰ একাউণ্ট হেকাৰৰ কৱলত পৰা বুলিও মন্তব্য প্ৰকাশ কৰে৷ মন্ত্ৰীজনৰ টুইটাৰ একাউণ্টত বিদেশী কাৰেন্সি আৰু ক্ৰিপ্ট কাৰেন্সিৰ বাৰ্তা মঙলবাৰৰ নিশাৰ পৰা আহি আছে বুলি আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত তেওঁ সদৰি কৰে৷ তেওঁ এই বিষয়ে আৰক্ষীক অৱগত কৰা বুলি কয়৷ তেওঁ লগতে কয় যে এই সময়ত অৱশ্যে কোনোধৰণৰ ৰাজনৈতিক বাৰ্তা হেক হোৱা তেওঁৰ টুইটাৰত অহা নাই৷ বৰ্তমান তেওঁৰ টুইটাৰ বন্ধ কৰি ৰখা হৈছে আৰু কাৰিকৰী বিশেষজ্ঞৰ দলে  এইক্ষেত্ৰত পৰীক্ষা কৰি আছে আৰু সোনকালে একাউণ্টটো উদ্ধাৰ কৰিব পৰা যাব বুলি আশাপ্ৰকাশ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য-কাৰিকৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বৰুৱাই৷ অৱশ্যে ইয়াৰ লগতে এ আই ইউ ডিএফ আৰু কংগ্ৰেছ দলক লৈ মন্তব্য কৰিবলৈ নাপাহৰিলে মন্ত্ৰীজনে৷ তেওঁ এ আই ইউ ডি এফ দল কংগ্ৰেছৰ ঔৰসত জন্ম হোৱা এটা দল বুলি তাচ্ছিল্য কৰে৷ দেশৰ ভিতৰতে অসমক এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ যি অংগীকাৰ, তাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে দীৰ্ঘদিনলৈ প্ৰয়োজন আছে বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়৷ ইফালে, অসমত জেহাদী থকাটো সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে আৰু চৰকাৰৰ ওচৰতো বহু তথ্য আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰ এইক্ষেত্ৰত কঠোৰ হৈছে আৰু কঠোৰভাৱে কাম কৰি আছে বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী জয়ন্তমল্লই৷ আনহাতে, বিটিএডিৰ প্ৰাক্তন বিধায়কৰ বাসগৃহত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে - ‘কোন দল বা কোনে আইনবিৰূ¸দ্ধ কাম কৰিছে সেয়া ডাঙৰ কথা নহয়৷ কিন্তু আইনবিৰূ¸দ্ধ কাম কৰিলে আমাৰ চৰকাৰে কাকোকে ৰেহাই নিদিয়ে৷ তথ্যৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে৷